
চাকৰিৰ টোপ দি যুৱতীক ফান্দত পেলোৱা কোন এই বিজেপি নেতা
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ বহিঃ ৰাজ্যত কৰ্ম সংস্থাপনৰ পলোভন দি অসমীয়া যুৱতীক এতিয়া ফান্দত পেলাইছে বিজেপি নেতাই৷ অসমীয়া যুৱতীক চাকৰিৰ টোপ দি অতি কৌশলপূৰ্ণভাৱে সুদূৰ মধ্যপ্ৰদেশলৈ লৈ গৈ নিষিদ্ধ দেহ ব্যৱসায়তো জড়িত কৰোৱাইছে বিজেপি নেতাই৷ বিজেপি নেতাই অসমীয়া যুৱতীক বলপূৰ্বক হোটেলত আৱদ্ধ কৰি ছে*ক্স ৰেকেট চলোৱা দুষ্কাৰ্য এইবাৰ পোহৰলৈ আহিছে৷ গুৱাহাটীৰ বাজপেয়ী ভৱনৰ যৌ*ন কেলেংকাৰিৰ পাছত এইবাৰ মধ্যপ্ৰদেশৰ এজন বিজেপি নেতাই অসমীয়া যুৱতীক লৈ হোটেলত যৌ*ন বেহা চলোৱাৰ ঘটনাই দেশজুৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কৰ্ম সংস্থাপনৰ প্ৰলোভন দি অসমৰ এগৰাকী যুৱতীক সুদীৰ্ঘ তিনি বছৰ ধৰি নিজৰ হোটেলত বলপূৰ্বকভাৱে দে*হ ব্যৱসায়ত জড়িত কৰোৱাৰ অভিযোগত মধ্য প্ৰদেশৰ জবলপুৰৰ বিজেপি নেতা অতুল চৌৰাছিয়াক অৱশেষত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ জবলপুৰৰ বিজেপি নেতা অতুল চৌৰাছিয়াৰ মালিকানাধীন ‘হোটেল অতিথি’ত অভিযান চলাই অসমীয়া যুৱতীক ফান্দত পেলাই ছে*ক্স ৰেকেট চলোৱা বিজেপি নেতাজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ভুক্তভোগী অসমৰ ২৫ বছৰীয়া যুৱতীগৰাকীয়ে অভিযোগ কৰা অনুসৰি বিজেপিৰ জবলপুৰ মণ্ডলৰ প্ৰাক্তন সভাপতি অতুল চৌৰাছিয়াই চাকৰি দিয়াৰ ভুৱা প্ৰতিশ্ৰুতিৰে তিনি বছৰ পূৰ্বে মধ্য প্ৰদেশলৈ গৈছিল৷
ইয়াৰ পাছতেই অতুল চৌৰাছিয়াই জবলপুৰ চহৰত থকা নিজৰ হোটেলত দে*হ ব্যৱসায়ত লিপ্ত হ’বলৈ বাধ্য কৰোৱাইছিল অসমৰ জনজাতীয় সম্প্ৰদায়ৰ যুৱতীগৰাকীক৷ বিজেপি নেতাজনে প্ৰতিজন গ্ৰাহকৰ পৰা ২০০০-৫০০০ টকা পৰ্যন্ত আদায় লৈছিল যদিও যুৱতীগৰাকীক ইয়াৰে মাত্ৰ কিছু টকাহে প্ৰদান কৰিছিল৷ কিন্তু সৌভাগ্যক্ৰমে চাৰি মাহ পূৰ্বে হোটেলখনৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল অসমৰ যুৱতীগৰাকী৷ ইয়াৰ পাছতেই জবলপুৰত ভাৰাতীয়া হিচাপে থাকিবলৈ লোৱা যুৱতীগৰাকীয়ে কামৰ বিনিময়ত পাবলগীয়া ধন বিচাৰে যদিও বিজেপি নেতা অতুল চৌৰাছিয়া আৰু তাৰ সহযোগী মথুৰা প্ৰসাদ ডুবেয়ে ভাবুকিহে প্ৰদান কৰে৷ ফলত অসহায় অসমৰ যুৱতীগৰাকীয়ে জবলপুৰৰ গড়া থানাত এজাহাৰ দাখিল কৰে৷ ইয়াৰ পাছতেই দেওবাৰে নিশা আৰক্ষীয়ে হোটেলখনত তালাচী চলাই ছে*ক্স ৰেকেট চক্ৰটোক উৎখাত কৰাৰ লগতে বিজেপি নেতা অতুল চৌৰাছিয়াক গ্ৰেপ্তাৰ কৰে৷ অৱশ্যে চৌৰাছিয়াৰ সহযোগী মথুৰা প্ৰসাদ ডুবেয়ে পলায়ন কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ আগত যুৱতীগৰাকীয়ে বিজেপি নেতা অতুল চৌৰাছিয়ায়ো যৌন উৎপীড়ন চলোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে৷ ইফালে, ছে*ক্স ৰেকেট চলাই বিজেপি নেতা অতুল চৌৰাছিয়া আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পাছতেই মধ্য প্ৰদেশ ৰাজ্যিক বিজেপিৰ সভাপতি ভি ডি শৰ্মাই অতুল চৌৰাছিয়াক তাৎক্ষণিকভাৱে দলৰ পৰা বৰ্খাস্ত কৰে৷