Logo
image

অব্যাহত থাকিব পুশ্ববেক

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’টাৰ আৰু ঘগ্ৰাপাৰৰ প্ৰতিবেদক, ৭ জুনঃ  ‘ৰাজ্যত জোৰদাৰ হ’ব বিদেশী চিনাক্তকৰণ আৰু বিতাড়ন প্ৰক্ৰিয়া৷ অব্যাহত থাকিব পুশ্ববেক৷ বিদেশী চিনাক্ত হ’লেই ন্যায়াধীকৰণত বিচাৰ প্ৰক্ৰিয়াৰ মাজলৈ নগৈ পোনে পোনে পুশ্ববেক কৰা হ’ব৷’ –এই ঘোষণা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ শনিবাৰে নলবাৰীত সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰি ড॰ শৰ্মাই কয়– ‘উচ্চতম ন্যায়ালয় সাংবিধানিক বিচাৰপীঠে নাগৰিকত্ব ৬[এ]ৰ ওপৰত হোৱা এটা গোচৰৰ শুনানীত উল্লেখ কৰিছে যে ৰাজ্য চৰকাৰে বিদেশী বহিষ্কৰণৰ বাবে ন্যায়াধীকৰণলৈ যাব লাগে বুলি কোনো কথা নাই৷ ইমেগ্ৰেণ্টছ এক্সপেল অৰ্ডাৰ আইনৰ অধীনত জিলা উপায়ুক্তসকলে চিনাক্ত হোৱা   বিদেশীক লগে লগে পুশ্ববেকৰ বাবে প্ৰেৰণ কৰিব পাৰে৷ এই কথা ৰাজ্য চৰকাৰে ইমান দিনে জনা নাছিল৷ এনআৰচিৰ বাবে বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়া ৰখি আছিল৷ কিন্তু আমি এতিয়া বিদেশী চিনাক্তকৰণ আৰু বিতাড়ণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিম৷’ উল্লেখ্য যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰীৰ ঘগ্ৰাপাৰত দুটাকৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এনেদৰে কয়৷ দিনৰ এঘাৰ বজাত মুখ্যমন্ত্ৰী গৰাকীয়ে ঘগ্ৰাপাৰৰ নৱনিৰ্মিত অত্যাধুনিক পৰিদৰ্শন বঙলাৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ ঘগ্ৰাপাৰ মণ্ডল সমিতিৰ নৱ-নিৰ্মিত কাৰ্যালয়টো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে৷ উদ্বোধনী অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, নলবাৰী জিলা বিজেপিৰ সভাপতি জয়ন্ত বুজৰবৰুৱা, মণ্ডল সভাপতি মনোজ ডেকা, জিলা সাধাৰণ সম্পাদক পুলক শৰ্মা,  মণ্ডল সাধাৰণ সম্পাদক অঞ্জন শৰ্মা যুৱনেতা বনদীপ ডেকা, ডিম্বেশ্বৰ বেজবৰুৱা, ভ্ৰমৰ মজুমদাৰ সহ কেইবাগৰাকী দলীয় নেতা উপস্থিত থাকে৷ ইপিনে, মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে– নংপোৰ দুৰ্ঘটনা সন্দৰ্ভত এক তদন্ত কমিটী গঠন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক আহ৩ান জনাইছে৷ লগতে এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ দ্বাৰা সমগ্ৰ বিষয়টো তদন্ত কৰিবৰ বাবে আহ৩ান জনাইছে মুখ্যমন্ত্ৰীয়ে৷ আনহাতে, ৯,০০০ চৰকাৰী কৰ্মচাৰীয়ে মিউচুৱেল ট্ৰেন্সফাৰ অৰ্ডাৰৰ সুবিধা লাভ কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে৷ ৰাজ্যত প্ৰথমবাৰৰ বাবে অনলাইনযোগে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে পাৰস্পৰিক বুজাবুজিৰে যৌথ বদলিৰ আদেশপত্ৰ লাভ কৰিব বুলি সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ ইপিনে ঘগ্ৰাপাৰ মণ্ডল সমিতিৰ নব নিৰ্মিত কাৰ্যালয়টো অনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰি উপস্থিত দলীয় কৰ্মী আৰু ৰাইজক সম্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে মই যেতিয়া দলৰ কাৰ্যালয় উদ্বোধন কৰিবলৈ যাওঁ, তেতিয়া কংগ্ৰেছ আৰু বিজেপি দলৰ মাজত থকা পাৰ্থক্য বোৰ মনলৈ আহে৷ দীৰ্ঘদিন ধৰি মই নিজেও কংগ্ৰেছত আছিলো আৰু বিজেপি দলত যোৱা এটা দশক ধৰি কাৰ্যকৰ্তা হিচাপে কাম কৰাৰ পিছত দুইটা দলৰ পাৰ্থক্য মই নিজে ওচৰৰ পৰা দেখা পাবলৈ সক্ষম হৈছো৷ বিজেপি দলৰ সকলো সিদ্ধান্ত হয় দলীয় কাৰ্যালয়ত, সকলো দলীয় সভা হয় কাৰ্যালয়ত, প্ৰধানমন্ত্ৰীৰ আবাসত দলীয় সভা নহয়৷ ময়ো দলীয় সভা জনতা ভৱনত অনুষ্ঠিত নকৰো, বাজপেয়ী ভৱনত অনুষ্ঠিত কৰো৷ আমাৰ বাবে দলৰ কাৰ্যালয়টো মন্দিৰ স্বৰূপ, কিন্তু কংগ্ৰেছ দলৰ কাম কাজ সম্পূৰ্ণ বিপৰীত, কংগ্ৰেছ দলৰ কোনো কাৰ্যসূচী নাই বুলিও কটাক্ষ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ২০২৬ চনৰ বিধান সভা নিৰ্বাচনত জয়লাভ কৰে বিজেপিয়ে একেৰাহে তৃতীয় বাৰৰ বাবে চৰকাৰ গঠন কৰিব৷ ঘগ্ৰাপাৰৰ চাৰিওফালে উন্নয়নৰ নতুন দিগন্ত আহিছে বুলি উল্লেখ কৰি ঘগ্ৰাপাৰত মেডিকেল কলেজ আৰম্ভ হোৱাৰ পিছত ইঞ্জিনিয়াৰিং কলেজ নিৰ্মাণ কাম চলি থকাৰ মাজতে ৰাইজৰ দুৰ্দশা আঁতৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মেডিকেল কলেজ পথলৈ যোৱা দুইপাৰ সংযোগী উৰণীয়া সেতু নিৰ্মাণ কাম আৰম্ভ হব বুলিও ঘোষণা কৰে৷ ইপিনে আজি মণ্ডল কাৰ্যালয় মুকলি অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ অনুপস্থিয়ে গৃহ জিলা নলবাৰীত চৰ্চা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে৷ দিলীপ শইকীয়া গৃহ জিলাতে এলাগী হল নে অন্য কিবা সেয়া সময়ে কব৷ লক্ষণীয় যে মুখ্যমন্ত্ৰী আজি বিদেশী প্ৰমাণ হ’লেই পুশ্ববেক কৰা হ’ব হুমকি দিয়াৰ সময়তে শেহতীয়াকৈ বাংলাদেশী বুলি পুশ্ববেক কৰা ৫৮জন লোকক বাংলাদেশে গ্ৰহণ নকৰাত পুনৰ ভাৰতে ঘূৰাই ল’বলগীয়া হোৱা পৰিস্থিতিয়ে সমগ্ৰ বিষয়টো ঘনঘোৰ ৰহস্যৰ আবৰ্তলৈ ঠেলি দিছে৷ এইসকলৰ ভিতৰত মৰিগাঁৱৰ শিক্ষক খাইৰুল ইছলামো আছিল৷ বাংলাদেশে গ্ৰহণ নকৰা শিক্ষক খাইৰুলে আজি নিজৰ গৃহত ঈদ উদ্‌যাপন কৰে৷ 


গন্ধিয়াত অক্ষয়পাত্ৰ ফাউণ্ডেশ্যনৰ কেন্দ্ৰীয় সামূহিক ৰান্ধনিশালৰ শিলান্যাস

‘আমাৰ অসম’ৰ চামতাৰ প্ৰতিবেদকঃ  এদিনীয়া কাৰ্যসূচীৰে নলবাৰীত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি গন্ধিয়াত অক্ষয়পাত্ৰ ফাউণ্ডেশ্যনৰ কেন্দ্ৰীয় সামূহিক ৰান্ধনিশালৰ শিলান্যাস আৰু ভূমিপূজন কৰে৷ আনহাতে মুখ্যমন্ত্ৰীয়ে জিলাখনৰ ঘগ্ৰাপাৰাত লোকনিৰ্মাণ [গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ] বিভাগৰ নলবাৰী টেৰিটেৰিয়েল বিল্ডিং ডিভিজনে নিৰ্মাণ কৰা পৰিদৰ্শন বঙলাটোৰো আজি শুভ উদ্বোধন কৰে৷ গন্ধিয়াত আজি অক্ষয়পাত্ৰ ফাউণ্ডেশ্যনৰ ৰান্ধনিশালৰ শিলান্যাস আৰু ভূমিপূজন উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে সমাজৰ সকলো শ্ৰেণীৰ লোকক সহায় কৰাৰ বাবে নিৰন্তৰ প্ৰয়াস চলাই আহিছে৷ দুখীয়া আৰু মধ্যবিত্ত মানুহৰ আৰ্থ-সামাজিক বিকাশৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে গন্ধিয়াত কেন্দ্ৰীয়ভাৱে মধ্যাহ্ন ভোজন ৰন্ধনৰ এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে অঞ্চলটোৰ পৰিৱৰ্তন ৰাইজে উপলব্ধি কৰিব পাৰিব৷ তেওঁ লগতে কয় যে প্ৰায় ২৫ কোটি ৩৩ লাখ ৯০ হাজাৰ টকা ব্যয়েৰে নিৰ্মাণ হ’ববলগীয়া এই কেন্দ্ৰীয় ৰান্ধনিশালৰ জৰিয়তে ২৫ হাজাৰ বিদ্যাৰ্থীক সামৰি ল’ব পৰা যাব৷ এই ৰান্ধনিশালৰ দ্বাৰা প্ৰস্তুত কৰা মধ্যাহ্ন ভোজন নলবাৰী জিলাৰ লগতে আংশিকভাৱে তামুলপুৰ আৰু বাক্সা জিলাকো সামৰি ল’ব পৰা যাব বুলি তেওঁ কয়৷ হৰেকৃষ্ণ মুভমেণ্ট আৰু অক্ষয়পাত্ৰ ফাউণ্ডেশ্যনে জনসেৱাৰ উদ্দেশ্যে কৰি অহা কামসমূহে ইতিবাচক প্ৰভাৱ পেলাইছে বুলি উল্লেখ কৰি তেওঁ কয় যে হৰেকৃষ্ণ মুভমেণ্ট আৰু অক্ষয়পাত্ৰ ফাউণ্ডেশ্যনে চৰকাৰে প্ৰাথমিক বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে যোগান ধৰা পুঁজিৰ লগতে নিজাববীয়াকৈ পুঁজি ব্যয় কৰি খাদ্য প্ৰস্তুত কৰে৷ তেওঁলোকে যোগানধৰা খাদ্য সময়মতে বিদ্যালয়লৈ যোৱাৰ লগতে পৰিৱেশন কৰা মধ্যাহ্ন ভোজনৰ খাদ্য অতি পৰিষ্কাৰ পৰিচ্চন্নভাৱে প্ৰস্তুত কৰা হয় বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে পূৰ্বে যিসকল লোকে মধ্যাহ্ন ভোজনৰ বাবে কাম কৰি আছিল তেওঁলোকৰ চাকৰি অব্যাহত থাকিব৷ তেওঁলোকে ছাত্ৰ-ছাত্ৰীৰ মাজত খাদ্য পৰিৱেশন কৰিব৷ এই মধ্যাহ্ন ভোজনৰ ব্যৱস্থাটোৱে শৈক্ষিক ক্ষেত্ৰখনতো প্ৰভাৱ পেলাইছে বুলি মন্তব্য কৰি তেওঁ কয় যে মধ্যাহ্ন ভোজনৰ বাবে শিক্ষকসকল ব্যস্ত থাকিবলগীয়া হয়৷ এই ব্যৱস্থাটোৱে তেওঁলোকক অতিৰিক্ত দায়িত্বৰ পৰা মুক্তি দিব আৰু বিদ্যায়তনিক কাম-কাজত অধিক মনোনিৱেশ কৰাৰ সুযোগ প্ৰদান কৰিব৷ কেৱল ছাত্ৰ-ছাত্ৰীৰ বাবে মধ্যাহ্ন ভোজন প্ৰদান কৰাই নহয়, বানপানীৰ সময়তো অক্ষয়পাত্ৰই সহযোগিতাৰ হাত আগবঢ়াই আহিছে বুলি তেওঁ কয়৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে বানপানীৰ সময়ছোৱাত কামৰূপ জিলাৰ আশ্ৰয় শিবিৰত থকা লোকক খাদ্য যোগান ধৰা বিষয়টো উল্লেখ কৰে৷ মধ্যাহ্ন ভোজনৰ খাদ্য প্ৰস্তুত কৰাৰ বিষয়টো আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ ২০১১ চনতে এই প্ৰক্ৰিয়াটো আৰম্ভ কৰাৰ বাবে প্ৰয়াস চলায়৷ ইয়াৰ ফলত ২০১১-১২ চনত জালুকবাৰী সমষ্টিৰ শিক্ষাৰ্থীক কেন্দ্ৰীয়ভাৱে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰা হয়৷ তেওঁ লগতে কয় যে পৰৱৰ্তী সময়ত পশ্চিম গুৱাহাটী, পূব গুৱাহাটী আৰু দিছপুৰ সমষ্টিক সামৰি লোৱা হয়৷ ইয়াৰ পিছত কামৰূপ জিলালৈ ইয়াক সম্প্ৰসাৰিত কৰা হয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে যোৰহাট জিলাত অক্ষয়পাত্ৰই মধ্যাহ্ন ভোজনৰ খাদ্য পৰিৱেশন কৰি আছে৷ সম্প্ৰতি মাজুলীত কেন্দ্ৰীয় ৰান্ধনিশালৰ কাম চলি আছে৷ নলবাৰীত আজি শিলান্যাস আৰু ভূমিপূজন হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে শীঘ্ৰে ডিব্ৰুগড়, লখিমপুৰ আৰু তেজপুৰতো কেন্দ্ৰীয় সামূহিক ৰান্ধনিশাল নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব৷ আজিৰ এই অনুষ্ঠানত  পৰিৱেশ আৰ বন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, সাংসদ ফণীভূষণ চৌধুৰী, সমগ্ৰ শিক্ষা অভিযান, অসমৰ মিছন সঞ্চালক ড॰ ওমপ্ৰকাশ, জিলা আয়ুক্ত বৰ্ণালী ডেকা, লোকনিৰ্মাণ [গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ] বিভাগৰ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী, লোকনিৰ্মাণ [গৃহ আৰু স্বাস্থ্য] বিভাগৰ আয়ুক্ত সচিব চন্দন শৰ্মা, হৰেকৃষ্ণ মুভমেণ্টৰ অধ্যক্ষ তথা অক্ষয়পাত্ৰ ফাউণ্ডেশ্যনৰ উত্তৰ-পূৰ্বাঞ্চলৰ অধ্যক্ষ জনাৰ্ধনা দাস প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ঘগ্ৰাপাৰত ৪.৯৬ কোটি টকাৰ প্ৰশাসনিক অনুমোদন সাপেক্ষে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ পথত ঘগ্ৰাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত লোকনিৰ্মাণ [গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ] বিভাগৰ নলবাৰী টেৰিটেৰিয়েল বিল্ডিং ডিভিজনে নিৰ্মাণ কৰা পৰিদৰ্শন বঙলাটো শুভ উদ্বোধন কৰে৷ নৱনিৰ্মিত এই তিনিমহলীয়া অট্টালিকাটোতচাৰিটা ভি আই পি কোঠা, ১২ টা ডিলাক্স কোঠা, ৬০ গৰাকী ব্যক্তি বহিব পৰা সভাকক্ষ আৰু কাৰ্যালয় কক্ষৰ লগতে অভ্যৰ্থনা আৰু আন সাধাৰণ সুবিধা তথা লেণ্ডস্কেপিং আৰু পাৰ্কিঙৰ সা-সুবিধা গঢ়ি তোলা হৈছে৷ এই অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, লোকনিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী, জিলা আয়ুক্ত বৰ্ণালী ডেকা প্ৰমুখ্যে উচ্চপদস্থ বিষয়াবৰ্গ  উপস্থিত থাকে৷