
৪১ বছৰৰ পাছত মহাকাশলৈ ওলাইছে বায়ুসেনা বিষয়া শুভাংশু
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৯ জুনঃ ভাৰতৰ মহাকাশ যাত্ৰাৰ ইতিহাস কেতিয়াবাই লিখা হৈ গৈছে৷ ১৯৮৪ চনৰ ২ এপ্ৰিলত ৰাছিয়াৰ ছয়ুজ ৰকেটত উঠি ভাৰতীয় বায়ুসেনা বাহিনীৰ স্কোৱাড্ৰন লীডাৰ ৰাকেশ শৰ্মা দেশৰ প্ৰথমজন নভোচৰত পৰিণত হোৱাৰ ইতিহাস আক্ষৰিক অৰ্থতে সোণোৱালী৷ ৩ মে’ত ৰাছিয়াৰ মহাকাশ কেন্দ্ৰৰ পৰা তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক ৰাকেশ শৰ্মাই নিজ দেশৰ বিষয়ে বৰ্ণনা কৰা মহিমামণ্ডিত বাক্যশাৰীয়ে দেশৰ মহাকাশ ইতিহাসৰ স্বৰ্ণালী পৃষ্ঠাত স্থান পাইছে৷ কি কৈছিল ৰাকেশ শৰ্মাই? প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে যেতিয়া ৰাকেশ শৰ্মাক তেওঁৰ অভূতপূৰ্ব কৃতিত্বৰ বাবে অভিনন্দন জনাই সুধিছিল–মহাকাশৰ পৰা আমাৰ দেশখন কেনে লাগে? দেশবাসীয়ে সেয়া জানিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে৷ তেতিয়া নভোচৰৰ পোছাক, কিন্তু বুকুত ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাৰ ছবি লগাই থোৱা প্ৰথমজন ভাৰতীয় নভোচৰ ৰাকেশ শৰ্মাই গৌৰৱেৰে কৈছিল–সাৰে জাঁহাছে আচ্ছা সমগ্ৰ ধৰাৰ ভিতৰতে সুন্দৰ আমাৰ ভাৰতবৰ্ষ৷ ৰাকেশ শৰ্মাৰ সেই ভাৰতক মহিমামণ্ডিত কৰা বাক্যষাৰ কেতিয়াবাই প্ৰবাদত পৰিগণিত হৈছে৷সেই অভূতপূূৰ্ব ঘটনাৰ, দেশৰ মহাকাশ ইতিহাসৰ পৃষ্ঠা নতুনকৈ লিখাৰ পাছত এতিয়া ইতিহাসৰ পুনৰাবৃত্তিৰ সময়৷ ‘হিষ্ট্ৰী ৰিপিটছ ইটছেলফ’– বুৰঞ্জীৰ পুনৰাবৃত্তি হয়৷ বিগত ৪১ বছৰত অগণিতবাৰ সূৰ্যোদয়-সূৰ্যাস্ত হোৱাৰ পাছত, ৰহস্যময় মহাকাশত অজস্ৰ মহাক্তাগতিক ঘটনা সংঘটিত হোৱাৰ পাছত ভাৰতৰ মহাকাশ বুৰঞ্জীৰ পুনৰাবৃত্তি ঘটাবলৈ সাজু হৈছে ভাৰতীয় বায়ুসেনা বাহিনীৰ আন এজন বিষয়া, গ্ৰুপ কেপ্তেইন শুংভাশু শুক্লা৷ যদিহে সকলো পূৰ্ব পৰিকল্পিতভাৱে সম্পন্ন হয়, তেন্তে অহা মঙলবাৰে দেশৰ দ্বিতীয়জন নভোচৰত পৰিগণিত হ’ব এতিয়াও ভাৰতীয় বায়ুসেনা বাহিনীৰ গ্ৰুপ কেপ্তেইন হৈ থকা সাহসী বিষয়া শুভাংশু শুক্লা৷ আমেৰিকাৰ ফ্লৰিডাৰ কেনেডী স্পেচ চেণ্টাৰৰ পৰা মঙলবাৰে ভাৰতীয় সময় অনুসৰি বিয়লি ৫ বাজি ৫২ মিনিটত মহাকাশলৈ উৰা মাৰিব শুভাংশু৷ ইতিপূৰ্বে বিভিন্ন কাৰিকৰী কাৰণত দুবাৰকৈ স্থগিত হোৱা এই অভিযানৰ শুভাংশু আৰু সংগী আন তিনি নভোচৰৰ বাবে স্পেচএক্সৰ ড্ৰেগন নামৰ স্পেচক্ৰাফটখন কেনেডী স্পেচ চেণ্টাৰৰ হেংগাৰৰ পেড ৩৯-এত স্থাপন কৰা হৈছে৷ ইলন মাস্কৰ কোম্পানী স্পেচএক্সৰ দ্বাৰা নৱনিৰ্মিত ড্ৰেগনৰ এয়া হ’ব প্ৰথমটো মহাকাশ যাত্ৰা৷ ড্ৰেগনক কঢ়িয়াই লৈ যাবলগীয়া নাছাৰ ফেলকন-৯ ৰকেটৰ শীৰ্ষত ড্ৰেগনক সংযোগ কৰাৰ পাছত, যাত্ৰাৰ ২৪ ঘণ্টাৰ পূৰ্বৰ পৰা আৰম্ভ হ’ব কাউণ্টডাউন৷
‘এক্সিঅম-৪’ বা ‘এএক্স-৪’ হিচাপে নামকৰণ কৰা এই মহাকাশ যাত্ৰাত ভাৰতীয় নভোচৰ শুভাংশু শুক্লাৰ সংগী হ’ব তিনিজন, য’ৰ নাছাৰ মহাকাশচাৰী পেগি হুইটছন হ’ব মিছন কমাণ্ডাৰ আৰু বিশেষজ্ঞ হিচাপে সংগী হ’ব হাংগেৰীৰ টাইবৰ কাপু আৰু পোলেণ্ডৰ শ্লাউছজ উজনানস্কি উইছনিৱেউস্কি৷ ভাৰতীয় নভোচৰ শুভাংশু শুক্লা হ’ব এই অভিযানৰ পাইলট৷ তেওঁৰ দক্ষ কান্ধত দায়িত্ব থাকিব লন্সিং আৰু ডকিঙৰ, অৰ্থাৎ উৎক্ষেপণ আৰু মহাকাশকেন্দ্ৰত [আই এছ এছ] ড্ৰেগনৰ সংযোগ স্থাপনৰ৷ কোৱা বাহুল্য যে, ‘এক্সিঅ’ম-৪’ অভিযানৰ মহাকাশযান প্ৰকৃততে ‘অটোনমাছ’, অৰ্থাৎ স্বয়ংক্ৰিয়ভাৱে যাত্ৰাৰ সক্ষমতা থকা, য’ত জটিল পৰিস্থিতি অবিহনে ‘পাইলটিং’ বা চলাই নিয়াৰ প্ৰয়োজন নাথাকে৷ প্ৰসংগতঃ, সুনীতা উইলিয়ামছৰ শেহতীয়া মহাকাশ যাত্ৰাত বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানত বিজুতি ওলাইছিল আৰু তেতিয়া পাইলট সুনীতা উইলিয়ামছে ‘মেনুৱেলি’ অৰ্থাৎ হাতেৰে পৰিচালনা কৰি যানখন মহাকাশ কেন্দ্ৰত ‘ডকিং’ কৰিবলগীয়া হৈছিল৷ ভাৰতীয় নভোচৰ শুভাংশু আৰু ৩ সতীৰ্থৰ এই মহাকাশ যাত্ৰা হ’ব ২৮ ঘণ্টাৰ৷ তেওঁলোকে উৎক্ষেপণৰ পাছত পৃথিৱীৰ কক্ষপথত আৱৰ্তন কৰি লাহে লাহে দূৰত্ব বঢ়াই ২৮ ঘণ্টাৰ পাছত বুধবাৰে নিশা ভাৰতীয় সময় অনুসৰি ১০ বজাত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ‘ডকিং’ কৰিব৷ এক্সিঅ’ম-৪ অভিযানৰ মহাকাশ কেন্দ্ৰত স্থায়িত্ব হ’ব ১৪ দিনীয়া আৰু এই সময়চোৱাত তেওঁলোকে ৬০ টা পৰীক্ষা কৰিব৷ শুভাংশ শুক্লাই এককভাৱে ১২টা পৰীক্ষা কৰিব, ৭টা হ’ব ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ [ইছৰো] আৰু ৫টা হ’ব নাছাৰ৷ মহাকাশ কেন্দ্ৰৰ পৰা ভাৰতীয় নভোচৰ শুভাংশু শুক্লাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজ্ঞানী তথা ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সৈতে বাৰ্তালাপ কৰিব, য’ত তেওঁ যোগাসনো কৰাৰ কথা৷ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু স্পেচএক্সৰ স্বত্বাধিকাৰী ইলন মাস্কৰ শেহতীয়া সংঘাতত পুনৰ এক্সিঅম-৪১ যাত্ৰা অনিশ্চিত হৈ পৰিছিল৷ কিয়নো মাস্কে স্পেচএক্সক নাছাৰ পৰা পৃথক কৰি নিব বুলি ভাবুকি দিছিল৷ কিন্তু সম্প্ৰতি নাছা-স্পেচএক্সৰ এই অভিযান যথাযথভাৱেই আগবাঢ়ি আছে, য’ত শুভাংশু শুক্লাৰ এই যাত্ৰাৰ বাবে ভাৰতে ব্যয় কৰিছে ৫০০ কোটি টকা৷