Logo
image

এনআৰচিত নাম থাকিলেও বিতাড়িত হ’ব সন্দেহজনক নাগৰিক

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ জুনঃ  এন আৰ চিত নাম থাকিলেও বিতাড়ন কৰা হ’ব বিদেশী৷ বিদেশী বিতাড়নৰ ক্ষেত্ৰত চৰকাৰে আপোচ নকৰে৷ এন আৰ চিৰ তথ্যখিনি সুৰক্ষিত কৰাৰ বাবে চৰকাৰে ব্যৱস্থা কৰি আছে৷ এই ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ সোমবাৰে অসম বিধানসভাৰ বিশেষ অধিৱেশনত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই শূন্যকালীন ঘণ্টাত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই৷ তেওঁ আৰু কয়– এন আৰ চিৰ তথ্য সুৰক্ষিত প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব  ৭-১২ মাহৰ ভিতৰত৷ এইখিনি সম্পূৰ্ণ হ’লে এন আৰ চিৰ ৰিজেকছন বা একচেপ্টেন্স শ্লিপ দিব পাৰিম৷ অসম চৰকাৰে এতিয়াও এন আৰ চিখন চূড়ান্ত বুলি ধৰা নাই৷ বহু অযোগ্য লোকে এন আৰ চিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে৷ বিদেশী বুলি ঘোষিত লোকৰ নামো এন আৰ চিত সোমাইছে৷ ৰাজ্য চৰকাৰে বিচাৰিছে ৰাজ্যৰ  সীমান্ত অঞ্চলৰ জিলাসমূহৰ ২০ শতাংশ এন আৰ চি তথ্য আৰু আন জিলাৰ ১০ শতাংশ এন আৰ চি তথ্য পুনৰীক্ষণ কৰিব লাগে৷ যদি এইখিনি তথ্য পুনৰীক্ষণত খেলিমেলি পোৱা নাযায় তেতিয়া চৰকাৰে বৰ্তমানৰ ধৰণে এন আৰ চি মানি ল’ব৷ বৰ্তমানৰ এন আৰ চি খনক লৈ আছু, আমছু তথা কংগ্ৰেছৰো কিছু বিধায়কে আপত্তি দৰ্শাইছে৷ এন আৰ চিত নাম থাকিলেও বিদেশী চিনাক্তকৰণৰ কাম চলি যাব৷ এন আৰ চিত নাম থাকিলেও বিতাড়িত হ’ব সন্দেহজনক নাগৰিক৷ উক্ত বিষয় সদনৰ দৃষ্টি আকৰ্ষণ কৰি অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয়–১৯৮৫ চনত স্বাক্ষৰ হোৱা অসম চুক্তিৰ অন্যতম গুৰুত্বপূৰ্ণ দফাঁ আছিল প্ত নং দফা, য’ত বিদেশী মুক্ত অসমৰ কথা কোৱা হৈছিল আৰু ইয়াৰ পদক্ষেপ হিচাপে ১৯৫১ চনত হোৱা ৰাষ্ট্ৰীয় নাগৰিপঞ্জীক আধাৰ হিচাপে লৈ অসমৰ বাবে এনআৰচিৰ কথা কোৱা হৈছিল আৰু এই এনআৰচি ২০১৩ চনত বিদেশী নাগৰিকৰ সমস্যা সম্পৰ্কে হৈ থকা বিভিন্ন গোচৰৰ শুনানিৰ সময়ত উচ্ছতম ন্যায়ালয়ে ভাৰত চৰকাৰ তথা অসম চৰকাৰে অসমৰ বাবে নতুন এনআৰচি প্ৰস্তুত কৰাৰ নিৰ্দেশ দিছিল৷ এই এনআ’চিখন বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজেৰে প্ৰকাশ কৰা হ’ল ২০১৯ চনৰ ৩১ আগষ্টত ফাইনেল ড্ৰাফট হিচাপে৷ এই এনআৰচিখন দেখা গ’ল ১৯ লাখ লোকৰ নাম বাদ পৰিছে৷ কিন্তু গৃহ মন্ত্ৰাণালয়ৰ পৰা ৰাজনাথ সিঙে প্ৰেছ বিজ্ঞপ্তি যোগে সেই সময়তে ঘোষণা কৰিলে যে যি সকল এনআৰচি ৰ পৰা বাদ পৰিছে তেওঁলোকক ৰিজেকচন শ্লিপ দিয়া হ’ব যাতে তেওঁলোকে নিজৰ নাম এনআৰচিত অন্তৰ্ভূক্ত কৰিবলৈ যত্ন কৰিব পাৰে আৰু প্ৰয়োজন সাপেক্ষে তেওঁলোকক আইনী সহায়ও দিয়া হ’ব৷ পৰৱৰ্তী সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংবাদ মাধ্যমৰ যোগেৰে জনালে যে সকলো ধৰণৰ সহায়-সহযোগিতাই এনআৰ’চি বাদ পৰা সকলক আগবঢ়োৱা হ’ব আৰু একমাত্ৰ বিদেশী ন্যায়াধীখৰণসমূহে নাগৰিকত্ব সম্পৰ্কে সিদ্ধান্ত ল’ব পাৰিব, এনআৰ’চিৰ পৰা বাদ পৰা মানেই বিদেশী নাগৰিক বুলি বুজিব নালাগে৷ যিহেতু  উচ্চতম ন্যায়ালয়ে এটা গোচৰৰ ৰায়দানত আব্দুল কুদ্দুচ ওৰফে ভাৰতবৰ্ষত ঘোষণা কৰিছিল যে বিদেশী ন্যায়াধিকৰণে কোনো ব্যক্তিক বিদেশী বুলি ৰায়দান কৰিলে তেওঁক পুনৰ বিদেশী ন্যায়াধীকৰণলৈ যাব নালাগে, হাইকোৰ্ট অথবা অন্য ন্যায়ালয়ৰ কাষ চাপিব পাৰিব৷ অসমৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে এনআৰ’চি ঘোষণা হোৱাৰ পিছত ২০০খন বিদেশী ন্যায়ধিকৰণ কৰা হ’ব বুলি কোৱা হৈছিল৷ কিন্তু ২০২৩ চনৰ অক্টোবৰ মাহলৈকে আমাৰ হাতত থকা তথ্য অনুসৰি বিদেশী ন্যায়ালয়ত ৩, ৩৪, ৯৬৪জন তাত গোচৰৰ সমাপন কৰিছিল আৰু ৯৬, ১৪৬টা গোচৰ ন্যায়ালয়ৰ সন্মুখত বিবেচনাধীন হৈ আছে৷


বিদেশীকৰণ ন্যায়াধিকৰনে ১৯৮৫ চনৰ পৰা ২০১৮ চনৰ ভিতৰত ১, ০৩, ৭৬৪ জনক বিদেশী বুলি ৰায়দান কৰিছিল৷ কিন্তু ২০১৯ চনত ঘোষণা হোৱা এনআৰচি  চূড়ান্ত খচৰা প্ৰকাশৰ পাছত ভাৰত চৰকাৰ অথবা অসম চৰকাৰে এতিয়াও কোনো ৰিজেকছন শ্লিপৰ ব্যৱস্থা কৰা নাই যাৰ ফলত বহু ভাৰতীয় বিভিন্ন ধৰণৰ অসুবিধাত ভুগিছে, যিহেতু এনআৰচিত নাম নথকা বাবে তেওঁলোকে আধাৰ কাৰ্ডত নাম অন্তৰ্ভূক্ত কৰিব নোৱাৰে আৰু বিভিন্ন চৰকাৰী ভাবে নাগৰিক হোৱা ঘোষণা কৰা সামাজিক সা-সুবিধা, সহায় আদি গ্ৰহণ কৰিব নোৱাৰে৷ শেহতীয়াকৈ অসম চৰকাৰে চুপ্ৰিম কোৰ্টৰ এটা ৰায়দানৰ ভিত্তিত অসমৰ পৰা ১০০ তকৈ অধিক সন্দেহযুক্ত লোকক পোষ্টবেক ব্যৱস্থাৰে বাংলাদেশ ভাৰত সীমান্তত  ন’ মেনচ্‌ লেণ্ডত থৈ আহিলে আৰু পৰৱৰ্তী সময়ত তেওঁলোকক পুনৰ নিজ নিজ জিলালৈ লৈ আহিল৷ এই কথাটোবে এটা বিদেশী নামত দিয়া অসমত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা হয় এয়াই প্ৰতিপন্ন কৰিলে৷ সেয়েহ আমি বিচাৰো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন উন্নীত হওক, যি সকলক শ্লিপ দিব লগা আছিল ৰিজেকছন শ্লিপ দিয়া হওক আৰু আইনী সাহায্যৰ ব্যৱস্থা ভাৰত চৰকাৰে প্ৰতিশ্ৰুতি কৰা ধৰণেৰে দিয়া হওঁক৷ এনআৰ’চি প্ৰক্ৰিয়া চলি থকা সময়তে ৬০ জনতকৈ অধিক ব্যক্তিয়ে এক আশংকাত ভুগি আত্মহত্যাৰ দৰে পদক্ষেপ ল’ব লগা হৈছিল আৰু আমাৰ হাতত থকা তথ্য অনুসৰি ২০১৯ চনলৈকে এনআৰ’চিৰ বাবে আত্মহত্যা কৰা ৫৮জন ব্যক্তিৰ ভিতৰত ৩২জন হিন্দু আৰু বাকীকেইজন অহিন্দু আছিল৷ আনকি চৰম আশংকাত ভুগি খাৰুপেটিয়াৰ নিতায়বৰণ দাস নামৰ এজন অধিবক্তাই ২০১৮ চনত আত্মহত্যা কৰিছিল একমাত্ৰ কেতবোৰ ব্যক্তিয়ে তেওঁক কৰা সমালোচনাৰ বাবে৷ সেয়েহে এই বিষয় বিলাক অতি গুৰুত্বপূৰ্ণ৷ আনকি বৰপেটাৰ চনা বানু নামৰ এগৰাকী মহিলাৰ মে’ মাহত বাংলাদেশৰ  ন’ মেনচ্‌ লেণ্ডত থৈ অহা হ’ল, যদিও তেওঁ চুপ্ৰিম কোৰ্টত তেওঁৰ নাগৰিকত্ব সন্দৰ্ভত আবেদন কৰিছে৷ অনুৰূপ ধৰণে মৰিগাওঁ জিলাৰ ১১ বছৰীয়া খাইৰুল ইছলাম এজন ব্যক্তি যিজনক বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি চিনাক্ত কৰিছিল তেখেতেও চুপ্ৰিম কোৰ্টত সেই ৰায়ৰ প্ৰত্যাহ৩ান জনাই আবেদন কৰিছিল৷ তেওঁকো ন’ মেনচ্‌ লেণ্ডত থোৱা হৈছিল আৰু পৰৱৰ্তী সময়ত ঘূৰাই অনা হৈছে৷ সেয়েহে যিহেতু বহুটো ভাৰতীয়ৰ নাম এই তালিকাৰ পৰা বাদ পৰিছিল আৰু বহুতকে বাংলাদেশৰ পৰা অহা বুলি ২০১৪ চনৰ নাগৰিকত্ব সংশোধনী আইন ২০১৯ চন অনুসৰি লবলৈ কোৱা হৈছে, ইয়ো বহুতৰ বাবে আত্ম সন্মানৰ প্ৰশ্ন৷ সেয়েহে প্ৰকৃততে অসম চুক্তি অনুসৰি ১৯৭১ চনৰ পূৰ্বতে অহা সকলোকে নাগৰিকত্ব প্ৰমাণৰ সুযোগ দি এনআৰচি প্ৰক্ৰিয়া সমাপ্ত কৰিব লাগে৷