
ভাৰতলৈও তেজষ্ক্ৰিয়তা বিয়পিব নেকি
নতুন দিল্লী, ২৩ জুনঃ ইৰানৰ পৰমাণুকেন্দ্ৰত আমেৰিকাই আক্ৰমণ চলোৱাৰ পাছত পৰমাণু কেন্দ্ৰকেইটাৰ পৰা তেজষ্ক্ৰিয় বিকিৰণ হোৱাৰ খবৰ ওলোৱা নাই যদিও তাৰ মাজতে অতীত স্মৰণ কৰি এতিয়া উদ্বিগ্ন হৈ আছে সমগ্ৰ বিশ্ব৷ কিয়নো ১৯৪৫ চনত হিৰোছিমা, নাগাচাকি, ১৯৮৬ত চেৰনোবিল আৰু আৰু ২০১১ চনত ফুকুছিমাত হোৱা পাৰমাণৱিক বিষক্ৰিয়াৰ ভয়াৱহতা বিশ্বই পাহৰিব পৰা নাই৷ এনেক্ষেত্ৰত আমেৰিকাই ইৰানৰ ৩টাকৈ বৃহৎ পৰমাণুকেন্দ্ৰত আক্ৰমণ চলোৱাৰ পাছত সমগ্ৰ এছিয়াত আতংকময় পৰিৱেশে বিৰাজ কৰিছে৷ চিন্তিত হৈছে আনকি ভাৰতো৷ বিশেষজ্ঞসকলে দাবী কৰা মতে, যুদ্ধৰ ফলত যদি ইৰানৰ পৰমাণুকেন্দ্ৰ আক্ৰান্ত হয়, তেন্তে তাৰ তেজষ্ক্ৰিয় বিকিৰণে অকল মধ্য প্ৰাচ্যকে নহয়, ভাৰতৰ মাটি আৰু বায়ুকো বিষাক্ত কৰি তুলিব৷ পশ্চিমৰ বতাহৰ জৰিয়তে পাৰমাণৱিক তেজষ্ক্ৰিয়তা বিয়পি পৰিব সমগ্ৰ পাকিস্তানৰ লগতে উত্তৰ আৰু পশ্চিম ভাৰততো৷ ফলত আটাইতকৈ বেছি ক্ষতি হ’ব পঞ্জাৱ আৰু হাৰিয়ানাত৷ উল্লেখ্য, এই দুখন ৰাজ্যই ভাৰতৰ শস্য উৎপাদন আৰু খাদ্য সামগ্ৰীৰ চাহিদা পূৰণত আটাইতকৈ বেছি ভূমিকা পালন কৰে৷ যদি পাৰমাণৱিক প্ৰদূষণ এই অঞ্চলসমূহলৈ বিয়পি পৰে, তেন্তে ইয়াৰ প্ৰভাৱ পৰিব ৰবিশস্যৰ ওপৰত৷ ফলত খাদ্য-সামগ্ৰীৰ নাটনি হ’ব৷ আনকি দিল্লীও ইয়াৰ পৰা ৰেহাই নাপাব৷ কিয়নো প্ৰদূষণৰ বাবে দিল্লীৰ অৱস্থা এতিয়া এনেই বেয়া৷ যদি এই অঞ্চল তেজষ্ক্ৰিয় বিকিৰণৰ প্ৰভাৱত পৰে তেন্তে ইয়াৰ ফল হ’ব অতি মাৰাত্মক৷ সেইদৰে ৰাজস্থানেও বিপদৰ পৰা ৰেহাই নাপাব৷ সঁচাকৈয়ে যদি ইৰানৰ পৰমাণু কেন্দ্ৰত তেজষ্ক্ৰিয় বিকিৰণ আৰম্ভ হয়, তেন্তে ৰাজস্থানতো বিয়পি পৰিব তেজষ্ক্ৰিয় ধূলিকণা৷ উক্ত ৰাজ্যখনৰ শুষ্ক জলবায়ুৰ বাবে এই তেজষ্ক্ৰিয় ধূলিকণাসমূহ আনকি তাৰ জলধাৰাসমূহৰ সৈতে মিহলি হৈ পৰিব৷ ফলত বছৰৰ পাছত বছৰ উক্ত অঞ্চলৰ জনসাধাৰণে ফল ভুগিব লাগিব৷ ৰেহাই নাপাব আনকি উত্তৰ প্ৰদেশ আৰু বিহাৰো৷
বিষাক্ত বতাহ আৰু তেজষ্ক্ৰিয় কণিকাৰ প্ৰভাৱ পৰিব উক্ত অঞ্চল দুটাৰ পানী আৰু শস্যত৷ অকল সেয়াই নহয়, উত্তৰ হিমালয়ৰ নদীসমূহতো বিয়পি পৰিব তেজষ্ক্ৰিয়তা৷ ইয়াৰ হিমবাহসমূহতো পাৰমাণৱিক প্ৰদূষণৰ প্ৰভাৱ পৰিব৷ এক কথাত ক’বলৈ গ’লে ইৰানৰ পৰমাণুকেন্দ্ৰত তেজষ্ক্ৰিয় বিকিৰণ আৰম্ভ হ’লে, ভাৰতৰ কৃষি, স্বাস্থ্য সকলোতে ইয়াৰ প্ৰভাৱ পৰিব বুলি আশংকা কৰিছে বিশেষজ্ঞসকলে৷ আনহাতে শেহতীয়া বাতৰি মতে, আমেৰিকাই বোমা বৰ্ষণ কৰা পৰমাণুকেন্দ্ৰকেইটাৰ পৰা কোনোধৰণৰ তেজষ্ক্ৰিয় বিকিৰণ হোৱা নাই বুলি দাবী কৰিছে ইৰানে৷ ফলত উক্ত অঞ্চলৰ সাধাৰণ লোকসকল সুৰক্ষিত অৱস্থাত থকা বুলি কোৱা হৈছে৷ কিন্তু ইয়াৰ মাজতে কিছুমান উপগ্ৰহীয় ছবি পোহৰলৈ আহিছে৷ য’ত আমেৰিকাৰ আক্ৰমণৰ পাছত ইৰানৰ ফৰ্দো পৰমাণুকেন্দ্ৰৰ ইউৰেনিয়াম সমৃদ্ধ ছেন্ট্ৰিফিউজ সমূহ মাৰাত্মকভাৱে ক্ষতিগ্ৰস্ত হোৱা প্ৰত্যক্ষ হৈছে৷ ছবিসমূহত ধৰা পৰিছে কেনেদৰে আমেৰিকাৰ বোমাৰু বিমানে বাংকাৰ ব্লাষ্টাৰেৰে ছটাকৈ বৃহৎ গাঁত কৰি পৰমাণুকেন্দ্ৰটো ধূলিস্যাৎ কৰি পেলাইছে৷ ইয়াৰ বিপৰীতে ইৰানৰ বিশেষজ্ঞসকলে আমেৰিকাৰ আক্ৰমণৰ পূৰ্বেই ফৰ্দোৰ পৰমাণুকেন্দ্ৰটোৰ পৰা বৃহৎ পৰিমাণৰ ইউৰেনিয়াম আন কোনো গোপন স্থানলৈ স্থানান্তৰ কৰা বুলি দাবী কৰিছে৷ উপগ্ৰহৰ পৰা লোৱা ছবিত দেখা গৈছে আমেৰিকাৰ আক্ৰমণৰ দুদিন পূৰ্বে পৰমাণুকেন্দ্ৰটোৰ সন্মুখত ট্ৰাকৰ দীঘলীয়া শাৰী৷ সেই ছবিৰ ভিত্তিতেই আমেৰিকাৰ আক্ৰমণৰ আশংকা কৰিয়েই অতি সংগোপনে ইৰানে পৰমাণুকেন্দ্ৰটোৰ পৰা ইউৰেনিয়াম আৰু অন্যান্য উপাদানসমূহ আগতীয়াকৈ স্থানান্তৰ কৰা বুলি ধাৰণা কৰা হৈছে৷