
প্ৰভু উভতিল, বিমানবন্দৰত জোকাৰণি তুলিলে ভক্তবৃন্দই
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ জুনঃ নীলা চাৰ্ট-জিন্স, ক’লা ছানগ্লাছ আৰু এডিডাছৰ জোটা পিন্ধি ইউৰোপ ভ্ৰমণ কৰি ব্যাপক সমালোচিত হোৱা প্ৰভু প্ৰেমানন্দ শুকুৰবাৰে উভতিল৷ প্ৰভু প্ৰেমানন্দ বৰঝাৰৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে অগণন ভক্তই কৃষ্ণগুৰু বন্দনা, তাল-খোল বজাই কাৰ্যতঃ জোকাৰণি তোলে বিমানবন্দৰ চৌহদত৷ বিদেশ ভ্ৰমণ সামৰি উভতি অহা কৃষ্ণগুৰু প্ৰেমানন্দ প্ৰভুক আদৰিবলৈ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ভিৰ কৰে অগণন ভক্তই৷ সপৰিয়ালে প্ৰভু প্ৰেমানন্দই বিমানবন্দৰৰ পৰা বাহিৰ ওলাবলৈ ধৰাৰ সময়ত তেওঁক আদৰিবলৈ আহে ভক্তসকলে৷ ভক্তসকলৰ ভীৰত বিৰ দি বাট পাবলৈ নোহোৱা অৱস্থা হয় বিমানবন্দৰত৷ তাৰ মাজতে কোনোবাই যদি বিমানবন্দৰৰ চৌহদতে প্ৰভুৰ ভৰিত পৰি সেৱা জনাইছে, আন কোনোবাই হেঁপাহেৰে লৈ অহা গামোচা পিন্ধাই দিছে প্ৰভু প্ৰেমানন্দৰ গলত৷
তাৰ মাজতে প্ৰভুপত্নী কুন্তলা পাটোৱাৰী গোস্বামীয়ে বিদেশৰ ভক্তৰ আমন্ত্ৰণমৰ্মেহে পেৰিচ, লণ্ডন, জাৰ্মান ভ্ৰমণ কৰাৰ কথা সদৰী কৰিছে সংবাদ মাধ্যমৰ আগত৷ প্ৰভুপত্নী কুন্তলা পাটোৱাৰী গোস্বামীয়ে কয়– আমি ভক্তৰ আমন্ত্ৰণক্ৰমে ফুৰিবলৈ গৈছিলোঁ৷ বহুত ভাল লাগিছে৷ উল্লেখ্য, আধ্যাত্মিক পোচাকৰ পৰিৱৰ্তে আধুনিক পোচাক পৰিধান কৰি প্ৰভু প্ৰেমানন্দই বিদেশ ভ্ৰমণ কৰাক লৈ বিগত কেইবাদিন ধৰি ব্যাপক চৰ্চা অব্যাহত আছিল৷ এনে চৰ্চাক লৈ বিব্ৰত হৈছিল কৃষ্ণগুৰুৰ অগণন ভক্ত৷ কৃষ্ণগুৰুৰ বেশভূষাক লৈ ব্যাপক সমালোচনা হোৱাৰ পৰিপ্ৰেক্ষিততে তেওঁৰ ভক্তসকলে প্ৰভূ প্ৰেমানন্দক বিমানবন্দৰৰ পৰা ঐতিহাসিকভাৱে আদৰণি জনোৱা বুলি চৰ্চিত হৈছে৷ কিয়নো, পূৰ্বে প্ৰভু প্ৰেমানন্দই কেইবাবাৰো বিদেশ ভ্ৰমণ কৰিছে৷ এইবেলিৰ দৰে বিদেশ ভ্ৰমণ সামৰাৰ পাছত প্ৰভু প্ৰেমানন্দক আদৰণি জনোৱা হোৱা নাছিল৷