
সফল মাৰ্কিন বিশেষজ্ঞ, ভটীয়াপাৰত স্বস্তিৰ নিশ্বাস
'আমাৰ অসম’ৰ শিৱসাগৰৰ প্ৰতিনিধি, ২৭ জুনঃ সফল হ’ল গেছ নিৰ্গমন বন্ধ কৰিবৰ বাবে অসমলৈ অহা মাৰ্কিন বিশেষজ্ঞ৷ বন্ধ হ’ল অ’এনজিচিৰ তেলখাদৰ গেছ নিৰ্গমন৷ লগে লগেই ভটীয়াপাৰত সকলোৱে স্বস্তিৰ নিশ্বাস পেলালে৷ ১৬ দিনৰ অন্তত শুকুৰবাৰে দিনৰ ১১ বাজি ১৫ মিনিটত শিৱসাগৰ নগৰৰ সমীপৰ ভটীয়াপাৰৰ বাৰীচুকত অৱস্থিত অ’ এন জি চিৰ আৰ ডি এছ- ১৪৭ (এ)নম্বৰৰ ৰীগৰ গেছ নিৰ্গমন বন্ধ কৰা হ’ল৷ অ’ এন জি চিৰ অভিযন্তাসকলৰ লগতে আমেৰিকাৰ পৰা বিশেষজ্ঞ দলটোৰ নেৰানেপেৰা চেষ্টাৰ ফলশ্ৰুতিত আৰ ডি এছ-১৪৭ (এ) ৰীগৰ গেছ নিৰ্গমন বন্ধ কৰাৰ লগে লগে অভিযানকাৰী দলটোৱে ঘটনাস্থলীতে ‘বিজয় উৎসৱ’ পালন কৰে৷ বিশেষজ্ঞ দলটোৱে শুকুৰবাৰে পুৱা ১১.১৫ বজাত গেছ নিৰ্গমন সফলতাৰে বন্ধ কৰিবলৈ সক্ষম হোৱাৰ পাছতে কেন্দ্ৰীয় তেল আৰু প্ৰাকৃতিক গেছমন্ত্ৰী হৰদীপ সিং পুৰীয়ে এক্স-ত কৰা এটা পোষ্টৰ জৰিয়তে ১২ জুনৰ পৰা আৰম্ভ হোৱা এই বিপদজনক গেছ নিৰ্গমন অ’এন জি চি সংকট ব্যৱস্থাপনা দল আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ সহায়ত বন্ধ কৰা হৈছে বুলি প্ৰকাশ কৰে৷ বিগত এটা সপ্তাহ ধৰি আমেৰিকাৰ বিশেষজ্ঞ দলৰ নেতৃত্বত ৰীগটোত ৱেল কেপিং প্ৰচেষ্টা চলাই থকা হৈছিল৷ শুকুৰবাৰে কাহিলি পুৱাতে অ’এনজিচিৰ সংকট ব্যৱস্থাপনা দল [চিএমটি], Cudd-১ বিশেষজ্ঞ, স্থানীয় অভিযানকাৰী দলে ক্ষতিগ্ৰস্ত ব্ল’আউট প্ৰিভাণ্টাৰটো (বিঅ’পি) ৱেলহেডৰ পৰা নিৰাপদে আঁতৰোৱাৰ বাবে গুৰুত্বপূৰ্ণ অভিযানৰ পাতনি মেলিছিল৷ স্থিৰতা নিশ্চিত কৰাৰ বাবে আৰু উত্তোলন প্ৰক্ৰিয়াৰ সময়ত যাতে ভাৰসাম্যহীন বা উফৰি নপৰে তাৰ বাবে এই প্ৰচেষ্টা অতি নিখুঁতভাৱে আৰু সুসমন্বয়েৰে কৰা হৈছিল৷ এবাৰ বিঅ’পি নিৰাপদে স্থানান্তৰ কৰাৰ পাছত ষ্টেজিং এৰিয়াত প্ৰস্তুত কৰা কেপিং ষ্টেকটো সাৱধানে আৰু সঠিকভাৱে ৱেলহেডত থোৱা হয়৷ ইয়াৰ জৰিয়তে গেছৰ প্ৰবাহ কেপিং ষ্টেকৰ ওপৰৰ পিনে ধাৱমান কৰি নিৰ্গমন ৰোধ আৰু নিয়ন্ত্ৰণ নিশ্চিত কৰা হয়৷ কেপিং ষ্টেকটো সুদৃঢ়ভাৱে স্থাপন আৰু সুৰক্ষিত কৰা হয়, তাৰ পাছত বিঅ’পি সফলতাৰে বন্ধ কৰা হয় যাৰ ফলত ফলপ্ৰসূভাৱে আৰ ডি এছ-১৪৭ (এ) কূপৰ পৰা গেছ নিৰ্গমনৰ অন্ত পৰে৷ ইয়াৰ দ্বাৰা কেপিং অপাৰেচন সফল পৰিসমাপ্তিত উপনীত হয়৷
কূপ নিয়ন্ত্ৰণ ৰোডমেপৰ পৰৱৰ্তী পদক্ষেপসমূহ কাৰ্যকৰী প্ৰট’কল অনুসৰি গ্ৰহণ কৰা হ’ব৷ এই কৃতিত্ব কাৰিকৰী দৃঢ়তা আৰু দলীয় প্ৰচেষ্টাৰ প্ৰতীক হিচাপে পৰিগণিত হৈছে৷ অ’এনজিচিয়ে ইয়াৰ সংকট ব্যৱস্থাপনা দল, CUDD Pressure Control-ৰ বিশেষজ্ঞ, কূপটোক নিয়ন্ত্ৰণত অনাৰ বাবে অক্লান্তভাৱে কাম কৰা নিষ্ঠাৱান স্থানীয় দলসমূহৰ দৃষ্টান্তমূলক অৱদানক স্বীকাৰ কৰিছে৷ অভিযানটো সম্পূৰ্ণ নিৰাপদে, কোনো লোক হতাহত নোহোৱাকৈ বা অগ্নিকাণ্ড সংঘটিত নোহোৱাকৈ সম্পন্ন কৰা হয়৷ এই জটিল অভিযান নিৰাপদ আৰু সময়মতে সম্পন্ন কৰাত সহায়ক হোৱাকৈ অটল সমৰ্থন আৰু সহযোগিতা প্ৰদান কৰাৰ বাবে জিলা আৰু ৰাজ্য প্ৰশাসন, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয় আৰু স্থানীয় সমাজক অ’এনজিচিয়ে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে৷ এই অভিযানৰ প্ৰতিটো পৰ্যায়তে সুৰক্ষা, পৰিৱেশৰ দায়িত্ব আৰু কাৰ্যকৰী উৎকৃষ্টতাৰ উচ্চতম মান বজাই ৰখাৰ বাবে অ’এনজিচিয়ে নিজৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰিছে৷ ইপিনে, বিগত ১৬দিনেই আতংকিত হৈ থকা স্থানীয় ৰাইজে গেছ নিৰ্গমন বন্ধ হোৱাৰ লগে লগে স্বস্তিৰ নিশ্বাস পেলায়৷ উল্লেখ্য, বিগত ১৬টা দিনত স্থানীয় ৰাইজৰ স্বাস্থ্যৰ অৱনতি ঘটিছে৷ জীৱন-জীৱিকাৰ প্ৰতি ভাবুকি আহিছে৷ এজন ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে শতাধিক লোক চিকিৎসাধীন হৈছে৷ এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ৰাইজে অভিযোগ উত্থাপিত কৰিছে৷ প্ৰাপ্ত অভিযোগ অনুসৰি-জিলা আয়ুক্তৰ আহ্বান মৰ্মে ক্ষতিগ্ৰস্ত ৰাইজে শান্তিপূৰ্ণভাৱে গেছ নিৰ্গমন বন্ধ হোৱাৰ কামনা কৰিছিল৷ যাৰ বাবে স্থানীয় ক্ষতিগ্ৰস্ত ৰাইজে জিলা প্ৰশাসনৰ লগতে অ’ এন জি চিক পূৰ্ণ সহযোগিতা আগবঢ়াইছিল৷ এতিয়া ৰাইজৰ দাবী হৈছে- আগন্তুক দিনত ৰাইজে অ’এন জি চিৰ কাৰ্যালয়ৰ ৰূমে ৰূমে ক্ষতিপূৰণ বিচাৰি নাথাকে৷ যি আলোচনা হ’ব, ভটীয়াপাৰত হ’ব লাগিব৷ ৰাইজৰ আন এক অভিযোগ হ’ল– ঘটনাস্থলীলৈ সকলো আহিল৷ মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী-বিধায়ক আহিল৷ ৰাজনৈতিক আৰু জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ সকলো আহিল৷ কিন্তু ১৪৭ (এ) ৰীগৰ স্বত্বাধিকাৰ শ্ৰীকৃষ্ণ আগৰৱালা ঘটনাস্থলীলৈ নাহিল৷ ফলত ৰাইজৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে৷ শ্ৰীকৃষ্ণ আগৰৱালাক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে আজিপৰ্যন্ত শ্ৰীকৃষ্ণ আগৰৱালাক গ্ৰেপ্তাৰ কৰিব নোৱৰাটো অতি দুৰ্ভাগ্যজনক আৰু ভৱিষ্যতৰ বাবে অশনি সংকেত বুলি ৰাইজে মন্তব্য কৰিছে৷