Logo
image

ৰাজ্যত বহু চৰকাৰী শিক্ষানুষ্ঠান চিৰদিনলৈ বন্ধ হোৱাৰ পথত

গুৱাহাটীত ১৬খনকৈ স্কুলত তলা ওলমিল

আমাৰ অসম, ২১ আগষ্টঃ দিল্লীৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ সফলতাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা লাভ কৰাৰ সময়তে অসমত হাজাৰ হাজাৰ চৰকাৰী শিক্ষানুষ্ঠান বন্ধ হোৱাৰ দিশে আগবাঢ়িছে৷ ছাত্ৰ-ছাত্ৰীৰ অভাৱ আৰু শূন্য ফলাফলৰ বাবেই ইতিপূৰ্বে প্ৰাথমিক আৰু মাধ্যমিকৰ স্তৰৰ ৭ হাজাৰো অধিক স্কুলত তলা ওলোমাই দিছে শিক্ষা বিভাগে৷ একত্ৰীকৰণৰ নাম দি বছৰ বছৰ ধৰি চলি থকা বহু শিক্ষানুষ্ঠানক কাষৰীয়া স্কুলৰ সৈতে সংলগ্ন কৰি দিয়াত শিক্ষাৰ্থী-অভিভাৱকৰ মাজত প্ৰতিক্ৰিয়াও সৃষ্টি হৈছে৷ দূৰ-দূৰণি শিক্ষানুষ্ঠানৰ সৈতে বিদ্যালয়সমূহ একত্ৰীকৰণ কৰাত বহু ঠাইত শিক্ষাৰ্থীসকল সমস্যাতো পৰিছে৷ কিন্তু ৩০ জনতকৈ কম ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয় বন্ধ কৰাৰ ক্ষেত্ৰত আঁকোৰগোঁজ স্থিতি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে৷ ইতিমধ্যে জিলা তথা খণ্ড পৰ্যায়ত ৩০ জনতকৈ কম শিক্ষাৰ্থী থকা শিক্ষানুষ্ঠানৰ তালিকা প্ৰেৰণ কৰিবলৈ শিক্ষা বিভাগে নিৰ্দেশ দিছে৷ এই নিৰ্দেশৰ পাছতেই জিলা সমূহৰ পৰা সংশ্লিষ্ট শিক্ষানুষ্ঠান সমূহ চিনাক্ত কৰি শিক্ষা বিভাগলৈ তালিকা প্ৰেৰণ কৰিছে৷ সেই অনুসৰি কামৰূপ মহানগৰ জিলাত ১৬ খন বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা বিভাগে৷ নিম্ন প্ৰাথমিক আৰু মধ্য ইংৰাজী উক্ত ১৬ খন বিদ্যালয়ত তলা ওলোমাই কাষৰীয়া আন ১৫ খন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ শিক্ষা বিভাগে এক নিৰ্দেশনাৰ জৰিয়তে এই শিক্ষানুষ্ঠান কেইখনত ৩০তকৈ কম শিক্ষাৰ্থী থকাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে৷ শিক্ষা বিভাগে বিদ্যালয় একত্ৰীকৰণৰ বাবে জাৰি কৰা নিৰ্দেশনাটোত থকা ১৬খন বিদ্যালয় হৈছে – নামনি কামাখ্যা এল পি স্কুল, বীণাপানী হিন্দী এল পি স্কুল, মাছখোৱা মাজিদা এল পি স্কুল, খাৰঘূলী শিশু বিদ্যাপীঠ, মাজগাঁও বালিকা এল পি স্কুল, ৰুদ্ৰ সিং এল পি স্কুল, উত্তৰ বনমজা এল পি স্কুল, কটকীপৰা এল পি স্কুল, লাচিত গড় এল পি স্কুল, টিলিং গাঁও এল পি স্কুল, ঘোঁৰামৰা এল পি স্কুল, জনজাতি এম ই স্কুল, জিতেন্দ্ৰ নাথ এম ই স্কুল, চিত্ৰাঞ্চল এল পি স্কুল, আৰবান চৰকাৰী ছেকেণ্ডাৰী বেছিক স্কুল আৰু নেতাজী শিশু বিদ্যাপীঠ এম ই স্কুল৷ এই ১৬খন বিদ্যালয়ক আন ১৫খন বিদ্যায়ৰ লগত একত্ৰীকৰণ কৰা হ’ব৷ চৰকাৰী নিৰ্দেশনা অনুসৰি জীৱনৰাম দুৰ্গা সৰোবৰ এল পি স্কুলৰ সৈতে সংলগ্ন হ’ব নামনি কামাখ্যা এল পি স্কুল, প্ৰাথমিক হিন্দী এল পি স্কুলৰ সৈতে বীণাপানী হিন্দী এল পি স্কুল, ভৰলুমুখ এল পি স্কুলৰ সৈতে মাছখোৱা মাজিদা এল পি স্কুল, লালসিং এল পি স্কুলৰ সৈতে খাৰঘূলী শিশু বিদ্যাপীঠ, মাজগাঁও বালক এল পি স্কুলৰ সৈতে মাজগাঁও বালিকা এল পি স্কুল, ৰুদ্ৰেশ্বৰ এল পি স্কুলৰ সৈতে ৰুদ্ৰ সিং এল পি স্কুল, বনমজা এল পি স্কুলৰ সৈতে উত্তৰ বনমজা এল পি স্কুল, পুতুলি এল পি স্কুলৰ সৈতে কটকীপৰা এল পি স্কুল, আমিনগাঁও বেংগলী এল পি স্কুলৰ সৈতে লাচিত গড় এল পি স্কুল, উত্তৰ গুৱাহাটী এম ই স্কুলৰ সৈতে টিলিং গাঁও এল পি স্কুল আৰু ঘোঁৰামৰা এল পি স্কুল, বিৰুবাৰী ৰূপনগৰ এম ই স্কুলৰ সৈতে জনজাতি এম ই স্কুল, ৰূপনগৰ বিদ্যাপীঠ এম ই স্কুলৰ সৈতে জিতেন্দ্ৰ নাথ এম ই স্কুল, লালসিং হাইস্কুলৰ সৈতে চিত্ৰাঞ্চল এল পি স্কুল, কটন কলেজিয়েটৰ সৈতে আৰবান চৰকাৰী ছেকেণ্ডাৰী বেছিক স্কুল আৰু পূব গুৱাহাটী আদৰ্শ উচ্ছতৰ মাধ্যমিকৰ সৈতে সংলগ্ন হ’ব নেতাজী শিশু বিদ্যাপীঠ এম ই স্কুল৷ একত্ৰীকৰণৰ লগে লগে এই বিদ্যালয়সমূহ অস্তিত্বহীন হৈ পৰিব৷ ইফালে চৰকাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত এজনো শিক্ষাৰ্থী উত্তীৰ্ণ নোহোৱা বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ৩০খন বিদ্যালয়ৰ এজনো শিক্ষাৰ্থী উত্তীৰ্ণ নহ’ল৷ তেনেস্থলত এই বিদ্যালয়সমূহ বন্ধ কৰি দিয়া হ’ব বুলিও শিক্ষা বিভাগৰ এটা সূত্ৰই জানিবলৈ দিছে৷ উল্লেখ্য, শিক্ষাৰ সংস্কাৰৰ নামত ৰাজ্য চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপেই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে গুণগত শিক্ষাৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে বিভিন্ন দল-সংগঠনে দাবী জনাই অহাৰ বিপৰীতে চৰকাৰে বিদ্যালয়সমূহ বন্ধ কৰাৰ প্ৰতিযোগিতাতহে উঠি পৰি লাগিছে৷ ইফালে, গোৱালপাৰা জিলাত প্ৰায় ২০০ খন বিদ্যালয়ত তলা বন্ধ হ’ব বুলিও শিক্ষা বিভাগৰ এটা সূত্ৰই প্ৰকাশ কৰিছে৷ লক্ষণীয়ভাৱে ১৯৬০ চনতে স্থাপন হোৱা খাৰঘূলী শিশু বিদ্যাপীঠ নামৰ বিদ্যালয়খন বন্ধ কৰি এক কিলোমিটাৰ আঁতৰৰ আন এখন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰিলে ছাত্ৰ-ছাত্ৰীসকলে উক্ত বিদ্যালয়খনত শিক্ষা ল’বলৈ নোযোৱাৰ আশংকা ব্যক্ত কৰিছে শিক্ষক-শিক্ষয়িত্ৰীসকলে৷ স্বাভাৱিকতেই শিক্ষকসকলৰ এই আশংকাই উদ্বেগৰ সৃষ্টি কৰিছে৷

মাতৃভাষা মাধ্যমৰ বিদ্যালয় বন্ধ নকৰেঃ শিক্ষামন্ত্ৰী

অসম চৰকাৰে অসমীয়া বা অন্য কোনো মাতৃভাষা মাধ্যমৰ বিদ্যালয় বন্ধ নকৰে৷ বৰঞ্চ এই বিদ্যালয়সমূহ শক্তিশালী কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আছে৷ এই কথা আজি স্পষ্ট কৰি দিয়ে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ শনিবাৰে এক চৰকাৰী কাৰ্যসূচী লৈ অহা মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, কিছুমান মানুহে বাঘ ওলাইছে বাঘ ওলাইছে বুলি কৈ হুলস্থূল কৰি খৰিকটীয়াক হাৰাশাস্তি কৰি আহিছে৷ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ বন্ধ কৰিব ওলাইছে বুলি ভুৱা জনৰৱ সৃষ্টি কৰি মানুহৰ মাজত এটা এক আৱেগিক ঢৌৰ সৃষ্টি কৰিব বিচৰিছে৷ অসম চৰকাৰে অসমীয়াকে ধৰি অন্য মাতৃভাষা মাধ্যমৰ কোনো বিদ্যালয় বন্ধ কৰিব খোজা নাই আৰু নকৰে বুলি তেওঁ স্পষ্ট কৰি দিয়ে৷ তেওঁ কয় যে, এতিয়া এই কথা সকলোৱে একমুখে স্বীকাৰ কৰি লৈছে যে, অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানসমূহত ইংৰাজী ভাষা ভালকৈ পঢ়াব লাগে৷ তাৰ বাবে চৰকাৰখনে কিছু ব্যৱস্থা গ্ৰহণ কৰিছে৷ স্বাধীনতা দিৱসৰ দিনা মুখ্যমন্ত্ৰীয়ে দহ হাজাৰ কৌটি টকাৰ আন্তঃগাঁথনি উন্নয়নৰ বৃহৎ পুঁজিৰ কথা ঘোষণা কৰিছে৷ তেওঁ মাতৃভাষাৰ বিদ্যালয়সমূহ যেনেদৰে চলি আছে, সেইদৰেই চলি থাকিব বুলিও উল্লেখ কৰে৷ ইপিনে, বিদ্যালয়ৰ বাবে দান-বৰঙণি, সা-সামগ্ৰী আদি বিচাৰি বিধায়কলৈ পত্ৰ প্ৰেৰণ কৰা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে কয় যে, ধনৰ অভাৱৰ বাবে বিধায়কসকললৈ পত্ৰ প্ৰেৰণ কৰা হোৱা নাই৷ ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰীৰ জৰিয়তে মুকলি কৰা বিদ্যাঞ্জলি আঁচনিৰ সৈতে বিধায়কসকলক জড়িত কৰাৰ উদ্দেশ্যেহে এই পত্ৰ প্ৰেৰণ কৰা হৈছে৷ তেওঁ কয় যে, শিক্ষানুষ্ঠানসমূহক ৰাইজৰ অংশীদাৰিত্ব কৰাটো এই আঁচনিৰ অন্যতম উদ্দেশ্য৷ শিক্ষানুষ্ঠানসমূহৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিদ্যাঞ্জলি ২.ঙ্ম নামৰ পৰ্টেলটো মুকলি কৰিছে৷ বিধায়কসকল সভ্য সমাজৰ প্ৰতিনিধি হোৱা হেতুকে তেওঁলোকক এই পৰ্টেল বা আঁচনিখনৰ দ্বাৰা শিক্ষানুষ্ঠানসমূহৰ সৈতে জড়িত কৰিব বিচৰা হৈছে৷ তেওঁ বিধায়কসকললৈ প্ৰেৰণ কৰা পত্ৰখন অথবা পত্ৰখনৰ কোনো বিষয়-বস্তু  প্ৰত্যাহাৰ কৰা হোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে কেৱল চিঠিখনত বাদ পৰি যোৱা এছ এম ডি চি শব্দটোহে পৰৱৰ্তী পৰ্যায়ত সন্নিবিষ্ট কৰা হৈছে বুলি কয়৷ উল্লেখ্য যে, বানত বাসগৃহৰ ক্ষতিগ্ৰস্ত হোৱা পৰিয়াললৈ আৰ্থিক অনুদান বিতৰণ আৰু অৰুণোদয় মাহৰ শুভাৰম্ভণী উপলক্ষে বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে৷ আজিৰ এই অনুষ্ঠানত যোৱা বানত সম্পূৰ্ণভাৱে ক্ষতিগ্ৰস্ত বৰপেটা জিলাৰ ৩২৫টা পৰিয়ালক ৯৫১০০ টকাকৈ আৰ্থিক অনুদান প্ৰত্যক্ষভাৱে বেংকৰ জৰিয়তে প্ৰদান কৰা হয়৷ আনহাতে, আংশিকভাৱে ক্ষতিগ্ৰস্থ ৰ হাজাৰ ৭৯৩টা পৰিয়ালক আৰ্থিক অনুদান প্ৰদান কৰা হয়৷ অনুষ্ঠানটোত বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ, বৰপেটাৰ উপায়ুক্ত আয়ুষ গৰ্গ, বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়া আদিয়ে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে৷