Logo
image

অসমীয়া জাতিৰ ঘাতকৰ ৰূপত বিজেপি চৰকাৰ

অসমৰ বাদে উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যত ‘কা’ আইন বলৱৎ নকৰে কেন্দ্ৰীয় চৰকাৰে৷ মেঘালয়ত বিজেপি সমৰ্থিত আঞ্চলিকতাবাদী মুখ্যমন্ত্ৰীজনৰ ৰুদ্ৰমূৰ্তিত ভীতিগ্ৰস্ত৷ সেইখন ৰাজ্যতো ‘কা’ আইনৰ ভয়াৱহ পৰিস্থিতিৰ পৰা মুক্ত কৰি ৰাখিবলৈ মোদী-অমিত শ্বাহৰ বিজেপি চৰকাৰ বাধ্য হ’ল৷ থাকি গ’ল ‘কা’ উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ৰাজ্য অসমত৷ অসম আন্দোলনৰ পটভূমিত, অসম সন্তানৰ বুকুৰ তেজৰ বিনিময়ত ১৯৮৫ চনতে গঠিত আৰু ১৯৮৫-৯০ আৰু ১৯৯৬-২০০১ বৰ্ষপৰ্যন্ত অসমৰ শাসনৰ গাদীত বহিবলৈ সুযোগ পোৱা অগপ দলটো সম্প্ৰতি সন্ধিয়াৰ দাৰ্শনিক আৰু ক্ৰমাগতভাৱে মধ্যস্বত্বভোগী তথা বিজেপি নামৰ দলটোৰ গাতে গজি থকা অস্থানিক শিপালৈ অধোগতিপ্ৰাপ্ত, শক্তিহীন, সামৰ্থ্যহীন আৰু আদৰ্শহীন দল৷ কোনখন অসম, অসমীয়া কোন, কাৰ অসমীয়া ভাষা, এইবোৰৰ প্ৰশ্ন আৰু সমস্যাই দলটোৰ নেতা, পালিনেতাসকলৰ মন-মগজুত স্থান নাপায়৷ তেওঁলোককে সন্মুখৰ ৰাজসিংহাসনত বহুৱাই লৈ প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, সভাপতি নড্ডা প্ৰমুখ্যে ক্ষমতাশালী বৰ বৰ নেতাসকলে অসম, অসমীয়া আৰু অসম আন্দোলনৰ অস্তিত্বক নস্যাৎ কৰিছে আৰু উপহাসমূলক ভাষণেৰে অসমীয়া জাতিৰ ‘কটা যোৱা নাক খাৰণিৰে ঢকা’ৰ চূড়ান্ত  পৰ্যায়ৰ ৰাজনীতি কৰিছে৷ এন ই চিৰ বৈঠকত ৮ অক্টোবৰত গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত থকা সভাৰ অন্তত কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰীজনে উত্তৰ-পূৰ্বাঞ্চলৰ ৮০ শতাংশ সমস্যাই শেষ বুলি কৈছে৷ হয়, ৮০ শতাংশ নহয়, অসমক ধবংস কৰাৰ বিজেপি চৰকাৰে ৰূপায়ণ তথা কাৰ্যকৰী কৰিবলৈ টঙালি বন্ধা আঁচনি, পৰিকল্পনাৰ ১০০ শতাংশৰো অধিক বিজেপিয়ে ৰূপায়ণ কৰিলে আৰু সেই সফলতাত, হৰ্ষোল্লাসত আত্মহাৰা হৈ নিজৰ নিজৰ মন-গহনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ প্ৰবৃত্ত হৈছে৷ অসমৰ পৰা বিদেশী বহিষ্কৰণৰ বাচিনাক্তকৰণৰ সকলো ব্যৱস্থা বিজেপি চৰকাৰে বান্‌চাল কৰিলে৷ অসম চুক্তিৰ পৰিপ্ৰেক্ষিতত অসমক বিদেশীৰ অক্টোপাছৰ পৰা মুক্ত কৰিব পৰা সকলোধৰণৰ চৰকাৰী আঁচনি, পৰিকল্পনা বা পদক্ষেপ উঠাই দিলে৷ এন আৰ চি যাতে অসমত হ’ব নোৱাৰে, সেইটো নিশ্চিতকৰণৰ ৰাজনৈতিক চক্ৰান্ত বাস্তৱায়িত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে৷ হাতত ৰাখিছে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী তথা কেন্দ্ৰৰ বিজেপি চৰকাৰকো৷ অসমৰ বিজেপি চৰকাৰক অসম নালাগে, অসমৰ মাটিও নালাগে, লাগে কেইটামান সু-উচ্ছ অট্টালিকা আৰু সুবিধাজনক কমিছনৰ অংক৷ ডাক্তৰ, নাৰ্ছ, প্ৰয়োজনীয় পৰীক্ষাগাৰ নথকা হাস্পতাল৷ সম্ভৱতঃ পৰিকল্পনা আছে সেই নৱনিৰ্মিত হাস্পতালবিলাক চৰকাৰৰ হাতত অচল হৈ পৰিলে লাগি-ভাগি ব্যক্তিগত খণ্ডৰ হাতত উছৰ্গা কৰি দিয়াৰ৷ আন যিয়েই নহওক, কমিছনৰ অংকও হাততে ৰাখিব পাৰিব৷ অসম চুক্তিৰ আধাৰত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অসমীয়া জাতিৰ অস্তিত্ব তথা অধিকাৰ ৰক্ষাৰ স্বাৰ্থত গৌহাটী উচ্ছ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত কেন্দ্ৰীয় চৰকাৰেই গঠন কৰি দিয়া উচ্ছ পৰ্যায়ৰ কমিটীৰ প্ৰতিবেদনো শেষ [?] কৰি দিলে বিজেপি চৰকাৰে৷ এই কমিটীৰ প্ৰতিবেদন এতিয়া ক’ত? কোনোৱে গুৰুত্ব নিদিয়ে তাৰ প্ৰতি৷ পৰোক্ষভাৱে হয়তো নাকচ কৰিব, অঘোষিত সিদ্ধান্তৰ মায়াজালেৰে৷ এন আৰ চিত নাম নথকা প্ৰায় ১৯ লাখ অঘোষিত বিদেশীক আধাৰ কাৰ্ড দি, ৰেচন কাৰ্ড আদিকে ধৰি ঘৰ-মাটি যোগান দি অসমীয়া তথা অসমত থকা ভাৰতীয় নাগৰিকৰ কষ্টোপাৰ্জিত ধনৰ পকেট কাটি গুৰুত্বপূৰ্ণ ২০২৪ চনৰ নিৰ্বাচন জিকি পুনৰ ক্ষমতা দখলৰ ব্লু-প্ৰিণ্ট তথা অসমক সমূলঞ্চে ধবংস কৰাৰ জাল গুঠিবলৈ অগ্ৰসৰ হৈছে বিজেপি৷ তিনি কোটি ত্ৰিছ লাখ অসমৰ মানুহৰ ভিতৰত দুই কোটি পঞ্চাছ লাখ মানুহক বিনামূলীয়া চাউল আৰু আন সাহায্যৰে হিতাধিকাৰী সৃষ্টি কৰাৰ কথা যোৱা বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰিছিল৷ পুনৰ ১৯ লাখক বনাব হিতাধিকাৰী৷ এই সম্পৰ্কত সম্ভৱতঃ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়লৈ উদ্‌গ্ৰীৱচিত্তে বাট চাইছে মুখ্যমন্ত্ৰীজনে৷ ইতিমধ্যে বিদেশী চিনাক্তকৰণৰ বাবে উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশত আৰু গৌহাটী উচ্ছ ন্যায়ালয়ৰ উদ্যোগত গঠিত ২০০খন ট্ৰিবিউনেল বান্‌চাল কৰিলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ উদ্যোগতে৷ কিন্তু কাৰ স্বাৰ্থত? অসমীয়াৰ স্বাৰ্থত, অসমৰ স্বাৰ্থত, বিদেশীৰ স্বাৰ্থত নে নিৰ্বাচনৰ কুটিল ৰাজনৈতিক চক্ৰবেহু নিৰ্মাণৰ স্বাৰ্থত? অসমৰ এশ শতাংশ সমস্যাই শেষ কৰিলে বিজেপি চৰকাৰে, বিপৰীতে আন একোৱে নাই৷ হাতত ধৰি ঘৰৰ পৰা টানি নি অসমীয়াক আলিলৈ গঁতিয়াই দিয়াৰ কামহে বাকী আছে এতিয়া৷ সেইখিনিও কৰিব নিশ্চয়! সন্দেহ নাই, কেন্দ্ৰীয় চৰকাৰে হাত উজান দিয়াটো নিশ্চিত৷