ডায়েবেটিক ৰোগীৰ বাবে কাচকল উপাদেয়
পকা কলৰ উপকাৰিতাৰ বিষয়ে প্ৰায়ভাগেই জানে৷ কিন্তু কাচকলত থকা বিশেষ গুণৰ বিষয়ে হয়তো বহুতেই নাজানে৷ কাচকলৰ প্ৰতিটো অংশই মানৱদেহৰ বাবে উপকাৰী৷ বিশেষকৈ ডায়েবেটিছৰ সমস্যা থকাসকলে কাচকল খাব লাগে৷ কাচকলত থকা বিভিন্ন উপকাৰিতাৰ বিষয়ে উল্লেখ কৰা হ’ল–
১) কাচকলত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে৷ বিভিন্ন গৱেষণাত পোৱা তথ্য মতে, কাচকল খালে হৃদৰোগৰ আশংকা বহু পৰিমাণে কমে৷
২) কাচকলত থকা এনজাইমে ডায়েৰিয়া আৰু পেটৰ সংক্ৰমণ জাতীয় সমস্যা দূৰ কৰাত সহায় কৰে৷ সেয়ে ডায়েৰিয়াৰ সমস্যা হ’লে চিকিৎসকে কাচকল খোৱাৰ পৰামৰ্শ দিয়ে৷
৩) হজমৰ সমস্যা বা পেট বেয়া হ’লে কাচকল খাওঁক৷ কাচকল সিজাই পিটিকা কৰি খালে উপকাৰ পোৱা যায়৷
৪) কাচকলত উচ্ছ মাত্ৰাৰ ভিটামিন ‘এ’, ভিটামিন বি-৬, ভিটামিন ‘চি’, পটাছিয়াম, মেগনেছিয়াম আৰু ফছফেট থাকে৷ এইবোৰ উপাদান স্বাস্থ্যৰ বাবে উপকাৰী৷
৫) কাচকলে কৰ্কটৰ দৰে গুৰুতৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷
৬) কাচকলত থকা কেলছিয়ামে হাড় শক্তিশালী কৰে৷ তদুপৰি কাচকলত এণ্টি অক্সিডেণ্ট উপাদান থাকে৷
৭) কাচকলে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে৷ সেয়ে ডায়েবেটিছত ভোগাসকলক কাচকল খোৱাৰ পৰামৰ্শ দিয়া হয়৷






