Logo
image

বিনামেঘে বজ্ৰপাত! জলজীৱনৰ ধন নিদিয়ে কেন্দ্ৰই, দায়িত্ব ৰাজ্যলৈ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩ ফেব্ৰুৱাৰীঃ  হৰ ঘৰ জল অৰ্থাৎ জলজীৱন মিছনৰ বাবে অসমক আৰু কোনো পুঁজি যোগান নধৰে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে৷ জলজীৱন মিছনৰ আধৰুৱা কাম এতিয়া অসম চৰকাৰে নিজা খৰচেৰে সম্পূৰ্ণ কৰিব লাগিব৷– ৰাজ্যসভাত এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় জলশক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ভি সোমান্নাই৷ যি সময়ত জলজীৱন মিছনৰ শ শ ঠিকাদাৰে কামৰ বাবদ শ শ কোটি টকাৰ প্ৰাপ্য বিল বিচাৰি হাহাকাৰ কৰি আছে, ঠিক সেই সময়তে কেন্দ্ৰীয় চৰকাৰে এই আশাহত বাৰ্তা  প্ৰকাশ কৰাত স্বাভাৱিকতেই এতিয়া মূৰে-কপালে হাত দিবলগীয়া হৈছে ঠিকাদাৰসকলে৷  তৃণমূল কংগ্ৰেছৰ সাংসদ অসমৰ সুস্মিতা দেৱৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত  সোমবাৰে কেন্দ্ৰীয় জলশক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীজনে নৰেন্দ্ৰ মোদী চৰকাৰৰ এই সিদ্ধান্তৰ কথা অৱগত কৰে৷ সাংসদ সুস্মিতা দেৱে ২০২৫-২৬ বিত্তীয় বৰ্ষত জলজীৱন মিছনৰ পুঁজি মোকলাই দিয়াত বিলম্বৰ কাৰণ সন্দৰ্ভত প্ৰশ্ন কৰাত কেন্দ্ৰীয় মন্ত্ৰীজনে সদৰী কৰা মতে, ২০২৫-২৬ বিত্তীয় বৰ্ষত অসম তথা কোনো ৰাজ্যকে কেন্দ্ৰীয় চৰকাৰে জলজীৱন মিছনৰ বাবদ ধন আবণ্টন দিয়া নাই বুলি জানিবলৈ দিছে৷ খোৱাপানীৰ বিষয়টো যিহেতু ৰাজ্য চৰকাৰৰ অন্তৰ্গত, সেয়ে জলজীৱন মিছন প্ৰকল্পৰ আধৰুৱা কামসমূহ ৰাজ্য চৰকাৰক নিজা উৎস তথা সম্পদ ব্যৱহাৰ কৰি সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিয়াৰ কথাও সদৰী কৰিছে কেন্দ্ৰীয় মন্ত্ৰীজনে৷ এইক্ষেত্ৰত প্ৰকল্পৰ অৱশিষ্ট কামসমূহ সম্পূৰ্ণ কৰাৰ বাবে ২০২৮ চনৰ ডিচেম্বৰলৈ সময়সীমা বৃদ্ধি কৰাৰ কথাও জানিবলৈ দিছে৷ অৰ্থাৎ জলজীৱন প্ৰকল্পৰ আধৰুৱা কামসমূহ এতিয়া অসম চৰকাৰৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ ২০২৮ চনৰ ডিচেম্বৰত নিজাকৈ পুঁজি আবণ্টন দি হ’লেও সম্পূৰ্ণ কৰিব লাগিব৷


যি সময়ত কাম সম্পূৰ্ণ কৰাৰ পাছতো ঠিকাদাৰে প্ৰাপ্য বিলৰ ধন লাভ নকৰাত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে, ঠিক তেনে সময়ত অসমত জলজীৱন প্ৰকল্পৰ নিম্নমানৰ কামৰ বাবে দেশৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক ১,২৩৬টা অভিযোগ লাভ কৰাৰ কথাও ৰাজ্যসভাত লিখিত প্ৰশ্নৰ উত্তৰ সদৰী কৰিছে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰণালয়ে৷ জলজীৱন মিছনৰ প্ৰকল্পত দুৰ্নীতি-অনিয়মৰ বাবে অসমৰ ১৭জনকৈ চৰকাৰী বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত চলি আছে৷ তদুপৰি নিম্নমানৰ কামৰ বাবে ৪জন ঠিকাদাৰক জবাবদিহি কৰাৰ লগতে দুজন ঠিকাদাৰক ৫,০৮,০৮৯ টকা জৰিমনাও বিহা হৈছে৷ আনহাতে, এজন ঠিকাদাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বিভাগে৷ উল্লেখ্য, ২০১৯ চনৰ আগষ্টত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক অংশীদাৰ হিচাপে লৈ গ্ৰামাঞ্চলৰ ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ বাবে জলজীৱন মিছন প্ৰকল্প ৰূপায়ণ কৰিছিল৷ ২০২৪-২৫ বিত্তীয় বৰ্ষত প্ৰকল্প ৰূপায়ণ সম্পূৰ্ণ কৰাৰ সময় নিৰ্ধাৰণ কৰি প্ৰকল্পৰ বাবে সমগ্ৰ দেশতে সৰ্বমুঠ ২,০৮,৬৫২ কোটি টকা আবণ্টন দিছিল৷ ৯০ঃ১০ অনুপাতত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ধন ব্যয় কৰাৰ কথা আছিল যদিও বিভিন্ন কাৰণত কেন্দ্ৰীয় চৰকাৰে জলজীৱন মিছনৰ সমুদায় ধন মোকলাই দিয়া নাছিল৷ যাৰ বাবে কাম সম্পূৰ্ণ কৰিও বিল লাভ নকৰা অসমৰ জলজীৱন মিছনৰ ঠিকাদাৰসকলে প্ৰতিবাদো সাব্যস্ত কৰিছিল৷ বৰ্তমানেও ৰাজ্যৰ অধিকাংশ ঠিকাদাৰে জলজীৱনৰ কামৰ বিল লাভ কৰা নাই যদিও বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে ঠিকাদাৰসকলক বিল মোকলাই দিয়াৰ ব্যৱস্থা কৰিব বুলিও প্ৰতিশ্ৰুতি দিছে ৰাজ্যৰ জনস্বাস্থ্য দপ্তৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই৷