Logo
image

মাজুলীৰ চাপৰিত বনৰীয়া ঘোঁৰাৰ জাক

মাজুলীৰ পৰা মিটু খাটনিয়াৰ (আমাৰ অসম): দেওবাৰে পুৱাই মাজুলীৰ কমলাবাৰী ফেৰী ঘাটৰ সমীপৰ আলিমূৰ, বতিয়া মাৰি গাঁৱত সোমাল এজাক বনৰীয়া ঘোঁৰা৷ দৰবাৰ চাপৰিৰ পৰা তিকিৰাই চাপৰিলৈকে মাজুলীৰ এই বিশাল চাপৰিত এতিয়া বনৰীয়া ঘোঁৰাৰ অবাধ বিচৰণ৷ আৰু মাজুলীত দ্ৰুতহাৰত বৃদ্ধি পাইছে এই বনৰীয়া ঘোঁৰাৰ সংখ্যা৷  জাক জাক বনৰীয়া ঘোঁৰাৰ বিচৰণথলীলৈ ৰূপান্তৰ হৈ পৰিছে মাজুলীৰ বেঙেনা আটি সত্ৰৰ সমীপৰ চাপৰি৷ এই খবৰে অসমৰ পৰ্যটন ক্ষেত্ৰলৈ কঢ়িয়াই আনিব পাৰে বিপুল সম্ভাৱনা৷ বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত অসমৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দৰেই পৰ্যটকৰ বাবে অধিক আকৰ্ষণীয় হৈ উঠিব পাৰে মাজুলীৰ মিলন চাপৰি৷ চকুৰে মনালৈকে বিস্তৃত সেউজীয়াৰে ভৰা সুন্দৰ চাপৰিটোৰ প্ৰাকৃতিক পৰিৱেশও অতুলনীয়৷ গৰু-ম’হৰ চৰণীয়া বিশাল চাপৰিটোৰ সৌন্দৰ্য আৰু বনৰীয়া ঘোঁৰাৰ দ্ৰুত বংশবৃদ্ধিয়ে অসমৰ পৰ্যটন ক্ষেত্ৰত অন্যতম অলংকাৰ হৈ জিলিকিব বুলি আশাবাদী মাজুলীবাসী৷ 



পিছে মাজুলীৰ এই চাপৰিটোলৈ ক’ৰ পৰা আহিল ইমানবোৰ ঘোঁৰা৷ আজিৰ পৰা বহুবছৰ পূৰ্বে মাজুলীৰ চুমৈমাৰি গাঁৱৰ পশুপালক লীলাকান্ত পেগুৱে নিজৰ চল্লিছটা পোহনীয়া ঘোঁৰাক এদিন এৰি দিছিল ব্ৰহ্মপুত্ৰৰ এই চাপৰিত৷ মাজুলীৰ কমলাবাৰীৰ পৰা বাৰ কিঃমিঃ দক্ষিণ-পূবলৈ অৱস্থিত চুমৈমাৰি গাঁৱৰ পশুপালক লীলাকান্ত পেণ্ডৰ একালৰ নয়নৰ মণি, হিয়াৰ আমঠু ঘোঁৰাজাক তেনেই এলাগি হৈ আহিছিল ক্ৰমান্বয়ে৷ ঘোঁৰাৰ কিনা-বেচা কৰা বজাৰখন লাহে লাহে মূল্যহীন হৈ পৰাত আৰু ঘোঁৰাবোৰ ব্যৱহাৰহীন হৈ পৰাৰ বাবেই লীলাকান্ত পেগুৱে গ্ৰহণ কৰিছিল এই কঠোৰ সিদ্ধান্ত৷ আজি ঘোঁৰাৰ পিঠিত উঠাৰ হাবিয়াস নাই৷ ৰাজপথত খোঁৰাৰ খোজৰ শব্দও শুনা নাযায়৷ ঘোঁৰা গাড়ীবোৰো ব্যৱহাৰৰ অনুপযোগী হৈ পৰিল৷ দূৰ-দূৰণিৰ যাত্ৰাৰ বাবেও ঘোঁৰাৰ পিঠিত চফৰ এতিয়া এক অমূলক কথা৷ দিনে-ৰাতিয়ে ঘোঁৰাজাকৰ প্ৰতিপাল কৰি থকা পশুপালক পেগুৱে যেতিয়া বুজি উঠিলে যে তেওঁৰ এই শ্ৰম বা ঘোঁৰাজাকৰ প্ৰতি থকা মৰমে আৰু পৰিয়ালটো পুহিবলৈও অন্তৰায়হে হৈ উঠিছে৷ সকলো ভাবি-গুণী এদিন নিজৰ চল্লিছটা ঘোঁৰা এৰি দিলেগৈ ব্ৰহ্মপুত্ৰৰ বুকুৰ দৰবাৰ কুমলীয়া চাপৰিত৷ বহুদিনলৈকে ঘোঁৰাজাকে নদী পাৰ হৈ লীলাকান্তৰ ঘৰ ওলাইছিলহি৷ মালিকৰ মৰম পাহৰিব নোৱৰা ঘোঁৰাজাকক আকৌ ব্ৰহ্মপুত্ৰৰ চাপৰিত এৰি থৈ আহেগৈ৷ এনেকৈ কেইবছৰমানৰ পাছত মালিকবিহীন হৈ পৰিল একালৰ সম্ভান্তৰ পৰা প্ৰতীক ঘোঁৰাজাক৷ ক্ৰমে বনৰীয়া হৈ পৰা ঘোঁৰাজাকৰ সংখ্যা বাঢ়ি আজি ৬০০ৰো অধিক হ’লগৈ৷