উত্তৰ গুৱাহাটীত বান্দৰৰ সন্ত্ৰাস
'আমাৰ অসম'ৰ আমিনগাঁৱৰ প্ৰতিবেদকঃ উত্তৰ গুৱাহাটীত এতিয়া আতংকৰ কাৰণ হৈ পৰিছে বান্দৰ। শ শ বান্দৰৰ জাকে ব্যাহত কৰিছে উত্তৰ গুৱাহাটীবাসীৰ স্বাভাৱিক জীৱন যাত্ৰা। বান্দৰৰ বাবেই খেতি-বাতি কৰিবলৈ বাদ দিছে উত্তৰ গুৱাহাটীৰ ৰাইজে। এসময়ত উত্তৰ গুৱাহাটীৰ প্ৰতিঘৰ লোকে বিভিন্ন শাক-পাচলি, ফল-মূলৰ খেতি কৰিছিল যদিও সম্প্ৰতি বান্দৰৰ বাবেই তাহানিৰ সেই সেউজীয়া পৰিৱেশ সম্পূৰ্ণ ৰূপে বিনষ্ট হৈ পৰিছে। কেৱল ইমানেই নহয় বান্দৰৰ বাবে দিনতে ঘৰৰ দুৱাৰ-খিৰিকী বন্ধ ৰাখে উত্তৰ গুৱাহাটীৰ ৰাইজে। কাৰণ খাদ্যৰ সন্ধানত ঘৰৰ ভিতৰতো বান্দৰ সোমাই এফালৰ পৰা বিনষ্ট কৰে সা-সামগ্ৰী।
ইফালে, বান্দৰৰ আক্ৰমণত আজিৰ তাৰিখলৈ আহত হৈছে বহু লোক। বান্দৰৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাত এতিয়া বিবুদ্ধিত পৰিছে উত্তৰ গুৱাহাটীবাসী। বান্দৰে বহু লোকক বিভিন্ন সময়ত আক্ৰমণ কৰাৰ মাজতে উত্তৰ গুৱাহাটীস্থিত আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ দুজনকৈ কৰ্মচাৰী বান্দৰৰ আক্ৰমণত আহত হোৱাৰ খবৰ পোৱা গৈছে। তেওঁলোক ক্ৰমে পূৰ্ণিমা বৰবৰুৱা আৰু শ্যামল বৰুৱা। যোৱা ২৫ ফেব্ৰুৱাৰীত অফিচ চুটিৰ পিছত ঘৰলৈ যোৱাৰ সময়তে কাৰ্যালয়ৰ চৌহদতে প্ৰায় ১০০-১৫০ জনীয়া এটা বান্দৰৰ জাকে আক্ৰমণ কৰে দুয়োজনকে। বান্দৰৰ আক্ৰমণত আহত হয় শ্যামল বৰুৱা নামৰ কৰ্মচাৰী জন। পিছত স্থানীয় লোকৰ সহায়ত গুৰুতৰ আঘাতৰ পৰা কথমপি ৰক্ষা পৰে দুয়োজন।






