
চন্দ্ৰযান-৫
কিছুদিন পূৰ্বে চন্দ্ৰপৃষ্ঠ অধ্যয়নৰ ক্ষেত্ৰত ইছৰোৱে গ্ৰহণ কৰা অভিলাষী অভিযান চন্দ্ৰযান- ৫ক কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনায়৷ ২০৪০ চনৰ ভিতৰত ভাৰতে চন্দ্ৰলৈ মানৱ প্ৰেৰণৰ দিশত এই অভিযান এক উল্লেখনীয় পদক্ষেপ হিচাপে বিবেচিত হৈছে৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে প্ৰকাশ কৰা অনুসৰি, ২০৩৫ চনৰ ভিতৰত ভাৰতে চন্দ্ৰৰ পৃষ্ঠত ভাৰতীয় মহাকাশ কেন্দ্ৰ স্থাপনৰ পৰিকল্পনাত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে, যাৰ ফলত ভাৰতে মহাকাশত দীৰ্ঘম্যাদী বৈজ্ঞানিক অন্বেষণ চলোৱাত সহায় হ’ব আৰু মহাকাশ গৱেষণাৰ ক্ষেত্ৰত গোলকীয় ক্ষেত্ৰত নিজৰ উপস্থিতি শক্তিশালী হৈ পৰিব৷ ভাৰতৰ চন্দ্ৰযান অভিযানৰ মূল লক্ষ্য হৈছে– চন্দ্ৰপৃষ্ঠৰ বিভিন্ন ৰেহ-ৰূপ সন্দৰ্ভত বিতং অধ্যয়ন সম্পন্ন কৰা৷ এই উদ্দেশ্য আগত ৰাখি ইছৰোৱে বৰ্তমানলৈকে তিনিটা চন্দ্ৰযান অভিযান সম্পন্ন কৰিছে৷ ২০০৮ চনত উৎক্ষেপিত চন্দ্ৰযান-ৰয়ে চন্দ্ৰপৃষ্ঠত ৰাসায়নিক পদাৰ্থ আৰু খনিজ পদাৰ্থৰ উপস্থিতি আৱিষ্কাৰ কৰাৰ লগতে চন্দ্ৰপৃষ্ঠৰ মানচিত্ৰ নিৰ্মাণকাৰ্য সফলতাৰে সম্পন্ন কৰে৷ চন্দ্ৰযান-২ অভিযানৰ অধীনত প্ৰেৰণ কৰা উচ্ছ ক্ষমতাসম্পন্ন কেমেৰাটোৱে বৰ্তমানেও চন্দ্ৰপৃষ্ঠৰ বিভিন্ন ছবি পৃথিৱীলৈ প্ৰেৰণ কৰি আছে৷ আনহাতে, ২০২৩ চনৰ ২৩ আগষ্টত চন্দ্ৰযান-৩১ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰৰ দক্ষিণ মেৰুত অতি সফলতাৰে অৱতৰণ কৰি এক বৃহৎ কৃতিত্ব অৰ্জন কৰিছিল৷ ভাৰতে এই ঐতিহাসিক কৃতিত্বৰ যোগেদি মহাকাশত নিজৰ সবল উপস্থিতিৰ উমান বিশ্ববাসীৰ আগত দাঙি ধৰিছিল৷ এই অভিযানৰ সহায়ত চন্দ্ৰপৃষ্ঠৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য ইয়াৰ ৰভাৰ প্ৰজ্ঞানৰ জৰিয়তে সংগ্ৰহ কৰি পৰৱৰ্তী পৰ্যায়ৰ গৱেষণাত এই তথ্যসমূহ ব্যৱহাৰ কৰা হৈছে৷
চন্দ্ৰযান-৩ অভিযানত ২৫ কেজিৰ ৰভাৰ প্ৰজ্ঞান কঢ়িয়াই নিয়াৰ বিপৰীতে চন্দ্ৰযান-৫১ সময়ত ২৫০ কেজিৰ ৰভাৰে চন্দ্ৰৰ পৃষ্ঠভাগ অধ্যয়ন কৰিব৷ প্ৰজ্ঞানতকৈ ১০ গুণ অধিক গধুৰ আৰু শক্তিশালী এই ৰভাৰে চন্দ্ৰপৃষ্ঠৰ অধিক গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰাৰ লগতে চন্দ্ৰপৃষ্ঠৰ বিশদ বৈজ্ঞানিক অধ্যয়নত সহায় কৰিব৷ এই চন্দ্ৰযান-৫ অভিযান জাপানৰ সহযোগত সম্পন্ন কৰাৰ দিশত ইছৰোৱে পদক্ষেপ গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত জাপানৰ মহাকাশ সংস্থাই এই অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাটো স্পষ্ট হৈ পৰিছে৷ চন্দ্ৰযান-৫, আপাত দৃষ্টিত চন্দ্ৰযান-৪১ পাছত আৰম্ভ কৰা হ’ব, যাৰ মূল লক্ষ্য হ’ব চন্দ্ৰপৃষ্ঠৰ পৰা মাটি আৰু শিলৰ নমুনা সংগ্ৰহ কৰি পৃথিৱীলৈ ঘূৰাই অনা৷ ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱা চন্দ্ৰযান-৪ অভিযান ২০২৭ চনত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে৷ এই বছৰ আৰম্ভ হ’বলগীয়া গগনায়ন মিছন আৰু ২০২৮ চনত প্ৰস্তাৱিত ভেনাছ অৰ্বিটাৰ মিছনৰ দৰে প্ৰকল্পসমূহৰ জৰিয়তে ভাৰতৰ মহাকাশ অভিযানসমূহে মহাকাশ গৱেষণাৰ নতুন উচ্চতাত উপনীত হৈছে, যাৰ ফলত দেশখনৰ বৈজ্ঞানিক গৱেষণাই প্ৰচুৰ অগ্ৰগতি লাভ কৰাৰ সমান্তৰালভাৱে নতুন শিখৰ চুবলৈ সক্ষম হৈছে৷ দেশৰ বিজ্ঞানীসকলৰ এনে অবিৰত আৰু কৃচ্ছসাধনাৰ ফলতেই বিশ্বৰ মহাকাশ গৱেষণাৰ মানচিত্ৰত ভাৰতে নিজৰ নাম সোণালী আখৰেৰে খোদিত কৰিবলৈ সমৰ্থ হোৱাৰ লগতে সমগ্ৰ বিশ্বৰে মহাকাশ গৱেষণাৰ ক্ষেত্ৰখনতো নিজৰ অৱদানেৰে নতুন দিগন্তৰ সূচনা কৰিছে৷