
উক্তি-বক্ৰোক্তি
পেহেলগামত সংঘটিত নাৰকীয় হত্যালীলাৰ প্ৰত্যেকজন দোষীক ভাৰতে চিনাক্ত কৰিব, তেওঁলোকক বিচাৰি উলিয়াব আৰু বিচাৰৰ কাঠগড়ালৈ আনি শাস্তি প্ৰদান কৰিব৷ সেই বিষয়ে সকলো নিশ্চিত থাকিব পাৰে৷ পৃথিৱীৰ য’তেই থাকে, তাৰ পৰাই আমি দোষীক বিচাৰি উলিয়াম৷
– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
১৯৬০ চনত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে পাকিস্তানৰ সৈতে যিখন সিন্ধু জলচুক্তিত স্বাক্ষৰ কৰিছিল, সেয়া আছিল ৰণকৌশলগত দিশত ভয়ংকৰ ভুল৷ তেতিয়াৰ আমেৰিকাৰ প্ৰশাসন আৰু বিশ্ব বেংকৰ পৰা এই চুক্তি সম্পাদন কৰাত নেহৰুক সীমাহীন হেঁচা দিয়া হৈছিল৷ সেই চুক্তিৰ ফলত ভাৰতে নিজে ২০ শতাংশ পানী ৰাখি ৮০ শতাংশ পাকিস্তানক দি দিছিল৷ সেই ব্যৱস্থা অব্যাহত আছে৷
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
পাকিস্তান হৈছে সিন্ধু সভ্যতাৰ প্ৰকৃত ৰক্ষক৷ যদিহে ভাৰতে সিন্ধু নদীৰ পানী বন্ধ কৰে তেন্তে আমি সহ্য নকৰোঁ৷ হয় সিন্ধু নদীৰে পানী বৈ যাব, নহয় সিন্ধু নদীৰে ভাৰতীয়ৰ তেজ বৈ যাব৷
– পাকিস্তানৰ নেতা বিলৱাল ভূট্টো
জন্মৰে পৰা কাশ্মীৰত এইটোৱেই দেখি আহিছোঁ৷ ইয়াৰ স্থায়ী সমাধান লাগে৷ এনেকৈ মানুহ মাৰি থাকিলে সমস্যাৰ সমাধান নহয়৷ জম্মু-কাশ্মীৰখন সঁচাকৈ বৰ ধুনীয়া৷
– কণ্ঠ শিল্পী জুবিন গাৰ্গ
যিটো ঘটনা কাশ্মীৰত সংঘটিত হ’ল সেই ঘটনাৰ নিৰপেক্ষ আৰু স্বচ্ছ তদন্ত বিচাৰিছোঁ৷ তেতিয়া প্ৰকৃত সত্য পোহৰলৈ আহিব৷ যদিহে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে দুঃসাহস প্ৰদৰ্শন কৰে তেন্তে আমিও সাজু আছোঁ৷
– পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ
পেহেলগাম কাণ্ডৰ লগত জড়িত কাকো সাৰি যাবলৈ নিদিয়ে কেন্দ্ৰীয় চৰকাৰে৷ এটা এটাকৈ বিচাৰি উলিয়াব অপৰাধীক৷ দেশৰ বিৰুদ্ধে যোৱা কাকো ক্ষমা কৰা নহ’ব৷ সকলো দেশদ্ৰোহীকে পূৰ্বে দিয়াৰ দৰে এইবাৰো ভাৰতে শাস্তি প্ৰদান কৰিব৷
– কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
মোৰ ভাৰতৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক আছে৷ পাকিস্তানৰ সৈতেও মোৰ সম্পৰ্ক ঘনিষ্ঠ৷ দুয়োখন দেশে ১,০০০ বছৰ ধৰি কাশ্মীৰৰ অধিকাৰৰ বাবে যুঁজি আছে৷ আৰু ১,৫০০ বছৰ তেওঁলোকে যুঁজিব৷ মই আশা কৰোঁ কিবা নহয় কিবা এটা উপায় ওলাব৷ এই বিষয়ত মই মূৰ নুসুমুৱাও৷
– আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
পাকিস্তানে প্ৰথমতে পেহেলগামত কিবা এটা ঘটনা হোৱাটোও স্বীকাৰ কৰা নাছিল৷ এতিয়া তেওঁলোকে সেই ঘটনাৰ তদন্ত বিচাৰিছে৷ দুই এজনে প্ৰৰোচনামূলক মন্তব্য কৰিছে৷ এই সন্দৰ্ভত মই একো নকওঁ৷ যি পদক্ষেপ ল’ব লাগে, কেন্দ্ৰীয় চৰকাৰে ল’ব৷
– জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা