Logo
image

বেলুচিস্তানৰ স্বাধীনতা ঘোষণা, ৰাষ্ট্ৰসংঘক আহ্বান

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১০ মেঃ ভাৰতৰ বিৰুদ্ধে পাকিস্তান দেশৰ পূব সীমান্তত ভয়ংকৰ সংঘাতত লিপ্ত হৈ পৰাৰ সময়তে দেশখনৰ পশ্চিম সীমান্তত বালুচ বিদ্ৰোহীয়ে নিজৰ পতাকা উত্তোলন কৰি বেলুচিস্তানৰ স্বাধীনতা ঘোষণা কৰিছে৷ বেলুচিস্তানৰ বালুচ লিবাৰেচন আৰ্মী বা বিএলএই আক্ৰমণৰ তীব্ৰতা বৃদ্ধি কৰি বৃহস্পতিবাৰে প্ৰাদেশিক ৰাজধানী কোৱেটাত পাকিস্তানী সেনাৰ বিৰুদ্ধে ৬টা বৃহৎ আক্ৰমণ সংঘটিত কৰিছে৷ এই পৰিকল্পিত আক্ৰমণত  বালুচ বিদ্ৰোহীয়ে হয় পাকিস্তানী সেনাৰ সশস্ত্ৰ সামৰিক বাহন বোমাৰে উৰুৱাই দিছে, নহয় প্ৰত্যক্ষ সন্মুখ সমৰত অৱতীৰ্ণ হৈ পাক সেনাক বিধবস্ত কৰিছে৷ প্ৰায় দুমাহ পূৰ্বে জাফৰ এক্সপ্ৰেছ নামৰ এখন চলন্ত ৰে’ল গাড়ী হাইজেক কৰি নি সমগ্ৰ বিশ্বত চাঞ্চল্যৰ সৃষ্টি কৰা বালুচ লিবাৰেচন আৰ্মীয়ে বিগত সপ্তাহৰ পৰা বেলুচিস্তান প্ৰদেশত পাকিস্তানৰ নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে আক্ৰমণৰ চোক বৃদ্ধি কৰিছিল৷ শেহতীয়াকৈ পাকিস্তানৰ সেনাই ভাৰতৰ সৈতে সংঘাতত জড়িত হৈ পৰাৰ পৰিপ্ৰেক্ষিতত নিজৰ পূব সীমান্তত অধিক মনোযোগ দিবলগীয়া হোৱাত সুযোগ বুজি বালুচ লিবাৰেচন আৰ্মীয়ে প্ৰদেশখনৰ বিভিন্ন স্থানত উপৰ্যুপৰি আক্ৰমণ আৰম্ভ কৰে৷

চৰ্চা হৈছে, ভাৰতৰ পাকিস্তানৰ বিৰুদ্ধে ‘অপাৰেচন সিন্দূৰ’ বালুচ লিবাৰেচন আৰ্মীৰ বাবে সুবৰ্ণ সুযোগত পৰিণত হৈছে৷ পাকিস্তানৰ অভিযোগ, বেলুচিস্তানৰ এই বিৰোধীসকলক দীৰ্ঘদিনৰ পৰা ভাৰতে সমৰ্থন জনাই আহিছে৷ পাকিস্তানে স্বাধীনতাৰ পাছৰ পৰা বিগত ৭৫ বছৰে ভাৰতক অস্থিৰ কৰাৰ বাবে যিদৰে অহৰ্নিশে সন্ত্ৰাসবাদী আৰু বিচ্ছিন্নতাবাদী কাৰ্যকলাপ সংঘটিত কৰি আহিছে, তাৰ তুলনাত যদি ভাৰতে বালুচ বিদ্ৰোহীক সাহায্য কৰিছে, সেয়া তেনেই নগণ্য৷ অৱশ্যে সেই অভিযোগৰ তেনে কোনো প্ৰামাণ্য তথ্য নাই, যি ধৰণৰ প্ৰমাণ পাকিস্তানৰ বিৰুদ্ধে আছে৷ অন্ততঃ পাকিস্তানে নিজৰ দেশত যিদৰে সন্ত্ৰাসবাদৰ ঘাটি পাতিছে আৰু সন্ত্ৰাসবাদীক পোহপাল দিছে, সেয়া ভাৰতে বাৰম্বাৰ উন্মোচন কৰি দিছে৷


পাকিস্তানৰ পূব প্ৰান্তত ব্যস্ততাৰ সুযোগ লৈ বালুচ লিবাৰেচন আৰ্মী আৰু আন দুটা বিদ্ৰোহী সংগঠনে বৃহস্পতিবাৰে বেলুচিস্তান প্ৰদেশৰ এক বৃহৎ অংশ নিজৰ দখললৈ নিছে৷ আনকি বেলুচিস্তান প্ৰদেশৰ ৰাজধানী কোৱেটাৰ বৃহৎ অংশত বালুচ লিবাৰেচন আৰ্মী আৰু আন আন সংগী সংগঠনে বৃহস্পতিবাৰে দখল সাব্যস্ত কৰে আৰু  বেলুচিস্তানক স্বাধীন বুলি ঘোষণা কৰি বালুচ লিবাৰেচন আৰ্মীৰ পতাকা উত্তোলন কৰে৷ অৱশ্যে এই বিদ্ৰোহী সংগঠনে স্বাধীনতা ঘোষণা কৰাৰ লগে লগে বেলুচিস্তান এখন স্বাধীন ৰাষ্ট্ৰ হ’ব বুলি কৈ দিব নোৱাৰি৷ তাৎপৰ্যপূৰ্ণ এয়াই যে, বালুচ লিবাৰেচন আৰ্মী আৰু আন সংগী সংগঠনে সামৰিক কাৰ্যকলাপ সংঘটিত কৰি থকাৰ লগতে ৰাষ্ট্ৰসংঘলৈ বেলুচিস্তানক স্বাধীন দেশ হিচাপে স্বীকৃতি দিবলৈ আৱেদন জনাইছে৷ এই সামৰিক সফলতা আৰু  একে সময়তে কূটনৈতিক পদক্ষেপে বেলুচিস্তানৰ স্বাধীনতাৰ দাবী বিশ্ব মঞ্চত জোৰদাৰ কৰি তুলিব৷ সৰ্বোপৰি এটা কথা নিশ্চিত যে পাকিস্তান এতিয়াৰ পৰা এখন ডাঙৰ গৃহযুদ্ধত জড়িত হৈ পৰা অৱশ্যম্ভাৱী হৈ পৰিল৷ যিদৰে ৰাজনৈতিক শাসকৰ পৰা সশস্ত্ৰ তালিবানে আফগানিস্তানৰ শাসন নিজৰ হাতলৈ আনিলে সেইদৰে নিকট ভৱিষ্যতত বালুচ বিদ্ৰোহীয়ে পাকিস্তান খণ্ডিত কৰাৰ পথ প্ৰশস্ত হোৱাটো নিশ্চিত হৈছে৷