Logo
image

পঞ্চায়তত ‘অপ্ৰতিৰোধ্য’ নেকি বিজেপি

যোৱা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত বিজেপি আৰু ইয়াৰ মিত্ৰ দল অগপৰ ছুনামিত বিৰোধী পক্ষ তচনচ হৈ পৰা দেখা গ’ল৷ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈ এবছৰৰ কম সময় থকা অৱস্থাত অনুষ্ঠিত হোৱা এই নিৰ্বাচনৰ ফলাফলে শাসকীয় পক্ষক যিদৰে উৎসাহী কৰি তুলিছে; ঠিক তাৰ বিপৰীতে ৰাজ্যখনৰ বহুধাবিভক্ত বিৰোধী পক্ষৰ অস্তিত্বক অধিক সংকটৰ ফালে ঠেলি দিছে৷ দূৰ্ভাগ্যজনক কথাটো এয়ে যে, শাসনাধিস্থ গেৰুৱা দলটোৰ শক্তিৰ বিৰুদ্ধ বিৰোধী দলসমূহে একত্ৰিতভাবে যুঁজ আগবঢ়াই নিজৰ স্থিতি মজবুত কৰাৰ বাবে এই নিৰ্বাচন সুবৰ্ণ সুযোগ আছিল৷ কিন্তু নিজৰ মাজত থকা খামখেয়ালিৰ বাবেই এই দলসমূহে গাইগুটিয়াকৈ যুঁজত নামি প্ৰতিটো দলেই বিষম পৰিণতিৰ সন্মুখীন হ’ব লগা হ’ল৷ বৰ্তমানলৈকে প্ৰাপ্ত তথ্য অনুসৰি, জিলা পৰিষদত বিজেপি দলে ২৭২খন আসন লাভ কৰাৰ লগতে মিত্ৰ দল অগপই ২৮খন আসন লাভ কৰিবলৈ সমৰ্থ হয়৷ ঠিক সেইদৰে, গেৰুৱা দলটোয়ে ৰাজ্যখনৰ মুঠ আঞ্চলিক সদস্যৰ আসনৰ ৰ২৬৫ আসনত বিজয়ী ধ্বজ্জা উৰুৱাবলৈ সক্ষম হোৱাৰ সমান্তৰালভাৱে অগপ দলে লাভ কৰে ১৭১খন আসন৷ ইয়াৰ বিপৰীতে, ৰাজ্যখনৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে মাত্ৰ ৩৭খন জিলা পৰিষদৰ আসনত জয়লাভ কৰাৰ বিপৰীতে আঞ্চলিক পঞ্চায়ৰ মুঠ আসনৰো ২৭১খন আসনতহে জয়লাভ কৰিবলৈ সমৰ্থ হয়৷ অন্যান্য বিৰোধী দলসমূহে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত এককৰ ঘৰতহে আসন লাভ কৰিছে৷ সামগ্ৰিকভাবে, ৰাজ্যখনৰ বৰাক, নামনি আৰু মধ্য অসমত বিৰোধী দলসমূহে বিজেপিৰ বিৰুদ্ধে সামন্য প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সক্ষম হ’লেও উজনি আৰু উত্তৰ অসমত এই দলসমূহ ধূলিসাৎ হৈ যায়৷

এই পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ শীৰ্ষ তিনি নেতা ক্ৰমে সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে নিজ নিজ সমষ্টিত ভৰিৰ তলৰ মাটি হেৰুৱাই পেলালে৷ যোৱা লোকসভা নিৰ্বাচনত বিজেপি দলৰ সকলো কূট-কৌশল প্ৰতিহত কৰি বিপুল সংখ্যক ভোটত জয়লাভ কৰি চমক সৃষ্টি কৰিবলৈ সক্ষম হোৱা গৌৰৱ গগৈৰ নিজ সমষ্টি যোৰহাটৰ জিলা পৰিষদখন কংগ্ৰেছ শূন্য হৈ পৰিল৷ তদুপৰি, যোৰহাট সমষ্টিৰ অন্তৰ্গত মাজুলিতো বিজেপি দলে সকলো বিৰোধী দলকে উৎখাত কৰিবলৈ সমৰ্থ হয়৷ কংগ্ৰেছৰ লগতে অন্যান বিৰোধী দলসমূহে পঞ্চায়ত নিৰ্বাচনত যি শোচনীয় প্ৰদৰ্শন আগবঢ়ালে, সেয়াই আগন্তুক বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰত এই দলসমূহৰ প্ৰতি অশনি সংকেত কঢ়িয়াই আনিছে৷ এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত বিজেপি দলৰ এই অভূতপূৰ্ব উত্থানৰ মূলতে হ’ল দলটোৰ শক্তিশালী সাংগঠনিক ভেটি, ৰাজ্যখনত সৃষ্টি কৰা বৃহৎ সংখ্যক হিতাধিকাৰী আৰু কৌশলী নিৰ্বাচনী প্ৰচাৰ৷ পঞ্চায়ত নিৰ্বাচনৰ ঠিক আগে আগে দাখিল কৰা ৰাজ্যখনৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটত বিভিন্ন স্তৰত যি বৃ্‌হৎ সংখ্যক হিতাধিকাৰী সৃষ্টিৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল, ই দলটোৰ সপক্ষে অধিক ভোটাৰ আকৰ্ষিত কৰাত অৰিহণা আগবঢ়াইছিল৷

এইবাৰৰ বাজেটত ৰাজ্যখনৰ ২.৪৫ কোটি লোকৰ মাজত পৰিচয়-পত্ৰ প্ৰদানৰ জৰিয়তে গৰীৱ কল্যাণৰ আঁচনিৰ অধীনত সামৰি লোৱাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল৷ তদুপৰি, এইবাৰৰ বাজেটত অৰুণোদয় ৩.০ ৰ আঁচনিৰ যোগেদিও ২০২৫-২৬ বিত্তীয় বৰ্ষত হিতাধিকাৰীৰ সংখ্যা ৩৭.২ লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছিল৷ একেদৰে, মহিলাসকলক নিজৰ ফালে আকৰ্ষিত কৰাৰ উদ্দেশ্য আগত ৰাখি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ৩০ লাখ আত্মসহায়ক গোটৰ সদস্যৰ মাজত ১০ হাজাৰ টকাকৈ বিতৰণ বিধান কৰা হৈছে৷ ঠিক সেইদৰে নিযুত মইনা আঁচনিৰ মাধ্যমেদিও একাদশ শ্ৰেণীৰ পৰা স্নাতক মহলালৈকে বিভিন্ন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত নগদ ধন বিতৰণৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো চৰকাৰক জনপ্ৰিয় কৰি তোলাৰ সকলো প্ৰচেষ্টাই গ্ৰহণ কৰা দেখা পোৱা গৈছিল৷ একেদৰে এইবাৰৰ বাজেটত গৱেষক আৰু দিব্যাংগ ছাত্ৰ-ছাত্ৰীসকলকো একঁকালীন সাহায্য প্ৰদানৰ বিষয়ে ঘোষণা কৰা দেখা গৈছে৷ তদুপৰি, আগন্তুক সময়বোৰত প্ৰায় ৪১ হাজাৰ নিযুক্তিৰ বিষয়ে উল্লেখ কৰি চৰকাৰে নিৱনুৱা যুৱক-যুৱতীসকলোকো নিজৰ পক্ষত ৰাখিবলৈ প্ৰয়াস কৰা দেখা গৈছে৷ ঠিক সেইদৰে, ৰাজ্যখনৰ চাহ শ্ৰমিকসকলৰ মাজতো নিজৰ চৰকাৰৰ জনপ্ৰিয়তা অক্ষুন্ন ৰখাৰ স্বাৰ্থত বিত্তমন্ত্ৰী নেওগে ৬.৮ লাখ চাহ শ্ৰমিকৰ মাজত ৫ হাজাৰ টকাকৈ এককালীন বিত্তীয় সাহায্য আগবঢ়োৱাৰ বিষয়ে প্ৰস্তাৱ আগবঢ়ায়৷


যদিহে দলটোৰ সাংগঠনিক ভেটিলৈ চকু দিয়া যায়, তেনেহ’লে দেখা পোৱা যাব যে বৰ্তমান সময়ত গেৰুৱা দলটো মুঠ ৪০ লাখ সদস্যৰে সমৃদ্ধ এটা দল৷ এনে বৃহৎ সংখ্যক সদস্যই ৰাজ্য চৰকাৰখনৰ প্ৰতিটো জনকল্যাণকামী পদক্ষেপক ৰাইজৰ কাষলৈ লৈ যোৱাত সাধাৰণ জনতাৰ ওপৰত নিজৰ ৰাজনৈতিক প্ৰভুত্ব বিস্তাৰ কৰাটো সুচল হৈ পৰিছে৷ এনে সাংগঠনিক ভেটিৰ ওপৰত নিৰ্ভৰ কৰিয়েই পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক বিধানসভা নিৰ্বাচনত ১০৪খন আসন লাভ কৰাৰ সপোন দেখিছে৷ কিন্তু বিৰোধী দলসমূহৰ মাজৰ সমন্বয়হীনতাৰ বাবেই এই দলসমূহে বিজেপি দলৰ সন্মুখত একেবাৰেই টিকি থাকিবলৈ সক্ষম নহ’ল৷ বিগত লোকসভা নিৰ্বাচনৰ সময়ত বিৰোধী পক্ষৰ মাজত গঢ়ি উঠা একতাৰ ফলতেই কংগ্ৰেছ দলে সকলো প্ৰতিকূল পৰিবেশ নেওচি তিনিখনকৈ আসন লাভ কৰিবলৈ সমৰ্থ হৈছিল৷ পৰৱৰ্তী দিনসমূহত এই একতাক অধিক শক্তিশালী কৰি তুলি গেৰুৱা দলটোৰ বিৰুদ্ধে ৰাজনৈতিক যুঁজত অৱতীৰ্ণ হোৱাৰ প্ৰয়োজন আছিল৷ কিন্তু লোকসভা নিৰ্বাচনৰ ফলাফলকলৈ বিৰোধী পক্ষ, বিশেষকৈ কংগ্ৰেছ দলে ইমানেই আত্মসন্তুষ্টিত ভুগিলে যে, তেওঁলোকে নিজৰ প্ৰধান শত্ৰুক পাহৰি গৈ নিজৰ মাজতেই খোৱা-কামোৰাত ব্যস্ত হৈ পৰিল৷ বিৰোধী দলসমূহৰ মাজৰ এই ৰাজনৈতিক অত্যুৎসাহ, অন্তঃকন্দল আৰু ৰাজনৈতিক উচ্চাকাংক্ষা বিগত বৰ্ষত অনুষ্ঠিত হোৱা বিধানসভাৰ উপ-নিৰ্বাচনৰ সময়তে জনসাধাৰাণৰ আগত ধৰা পৰি গৈছিল৷

কংগ্ৰেছ দলে এটা কথা মনত ৰখাটো উচিত আছিল যে, বিজেপি দলৰ দৰে মজবুত সাংগঠনিক ভেটি থকা ৰাজনৈতিক দল এটাৰ বিৰুদ্ধে ৰাজনৈতিভাবে যুঁজিবলৈ যাওঁতে তেওঁলোকে সহযোগী দলসমূহৰ সহায় আৰু সমৰ্থন গ্ৰহণ কৰাটো বৰ্তমান সময়ৰ দাবী৷ বৰ্তমান সময়ত কংগ্ৰেছ দল ৰাজনৈতিক আৰু সাংগঠনিকভাবে ইমানো শক্তিশালী নহয় যে, তেওঁলোকে বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত সহজেই টিকি থাকিব পাৰিব৷ কিন্তু বিৰোধী মৰ্চাৰ আটাইতকৈ শক্তিশালী দল হিচাপে কংগ্ৰেছ দলে তেওঁলোকৰ পক্ষৰ সকলো দলকে সমানে লৈ আগবঢ়াৰ প্ৰয়োজন আছিল৷ কিন্তু বাস্তৱ ক্ষেত্ৰত এনে পদক্ষেপৰ কোনো ধৰণৰ প্ৰতিফলন ঘটা দেখিবলৈ পোৱা নগ’ল৷ তদুপৰি, এই বিৰোধী দলসমূহৰ মাজত চলি থকা অৰিয়া-অৰিয়ে জনসাধাৰাণৰ মাজত তেওঁলোকৰ বিশ্বাসযোগ্যতা যথেষ্ট পৰিমাণে হ্ৰাস কৰিলে৷ কোনো ৰাজনৈতিক দল বা মৰ্চাই নিৰ্বাচনী ৰাজনীতিত সফলতা লাভ কৰিবলৈ হ’লে জনসাধাৰাণৰ মাজত তেওঁলোকৰ বিশ্বাসযোগ্যতাই হ’ল মূলধন৷ কিন্তু বৰ্তমানৰ ৰাজনৈতিক পৰিবেশত বিৰোধী মৰ্চাৰ অন্তৰ্গত দলসমূহৰ নিজৰ মৰ্চাটোৰ প্ৰতি কিমান দায়বদ্ধ আৰু ছিৰিয়াচ, সেইলৈও জনসাধাৰাণৰ মাজত ব্যাপক প্ৰশ্নৰ উদ্ৰেক হৈছে৷ কাৰণ তেওঁলোক বিজেপিৰ অপশাসনৰ বিৰুদ্ধে সিমান শক্তিশালী ৰূপত সৰৱ হ’ব লাগিছিল, সেয়া হোৱাৰ বিপৰীতে নিজৰ মাজতেই আক্ৰমণ-প্ৰত্যাক্ৰমণ অব্যাহত ৰাখিছে৷ গতিকে, এই দলসমূহকলৈ উত্থাপিত হোৱা আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল যে, যিটো মৰ্চাৰ অংশীদাৰ দলসমূহৰ মাজতেই আন্তৰিকতা আৰু সমিলমিলৰ অভাৱ, তেনে প্ৰক্ষাপটত তেওঁলোকৰ ঐক্যবদ্ধ নিৰ্বাচনী যুঁজৰ কচৰতক অসমৰ জনসাধাৰণে বিশ্বাস ৰাখিবনে? যিটো মৰ্চাই নিজৰ মাজতেও সুস্থিৰতা সৃষ্টি কৰিবলৈ সক্ষম হোৱা নাই, তেওঁলোকে কিমান দূৰলৈ জনসাধাৰাণৰ অভাৱ-অভিযোগ, সমস্যাৰাজীৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হ’ব? 

আগন্তুক বিধান সভালৈ হাতত বেছি দিন নাই যদিও বিজেপি দলৰ শক্তিক প্ৰতিৰোধ কৰিবলৈ হ’লে সকলো বিৰোধী দলৰ মাজত সমন্বয় সৃষ্টিৰ দৃষ্টিভংগীৰে নিজৰ দায়িত্ব সম্পাদন কৰিব লাগিব৷ এই ৰাজনৈতিক দলসমূহৰ বা ইয়াৰ নেতাসকলৰ ৰাজনৈতিক উচ্চাকাংক্ষাক আঁতৰাই থৈ আগবাঢ়িব লাগিব৷ বিশেষকৈ কংগ্ৰেছ দলৰ নেতাসকলে নিজৰ নিজৰ ৰাজনৈতিক আকাংক্ষাৰ পৰা নিজকে নিলগাই থোৱা উচিত৷ এই দলটো নিজৰ মাজতেই কেইবাটাও লবীত বিভক্ত হৈ পৰাৰ ফলত বিৰোধী দলসমূহৰ মাজতো ইয়াৰ গ্ৰহণযোগ্যতা হ্ৰাস পাইছে৷ এই বিষয়টোৰ প্ৰতি কংগ্ৰেছ নেতৃবৰ্গই বিশেষভাবে মনযোগ দিয়া উচিত৷ যদিহে পৰিবেশ বৰ্তমানৰ দৰেই থাকে, তেনেহ’লে এতিয়াই ক’ব পৰা যাব যে, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি দলৰ বিজয় এশ শতাংশই নিশ্চিত৷ ঠিক সেইদৰে, বিৰোধী দলৰ অৱস্থাও পঞ্চায়ত নিৰ্বাচনৰ ফলাফলতকৈও অধিক শোচনীয় হোৱাটো প্ৰায় নিশ্চিত৷ কিন্তু যদিহে বহুধাবিভক্ত বিৰোধী দলসমূহে নিজৰ মান-অভিমান, অহংকাৰ, অত্যুৎসাহ ত্যাগ কৰি একত্ৰিত ভাবে নিৰ্বাচনী ৰণত অৱতীৰ্ণ হয়, তেনেহ’লে বৰ্তমানৰ পৰিবেশ সলনি হোৱাৰ সম্ভাৱনা সৃষ্টি হ’ব৷ অৱশ্যে, পৰিবেশ কোন ফালে ঢাল খাই, সেয়া অনাগত দিনসমূহত ক’ব পৰা যাব৷