
কূটনৈতিক যাত্ৰাৰ বাৰ্তা
পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতে গ্ৰহণ কৰা সামৰিক অভিযান ‘অপাৰেচন সিন্দূৰ’ৰ সফল সামৰণিৰ পাছত, এতিয়া মোদী চৰকাৰে পাকিস্তানক আন্তঃৰাষ্ট্ৰীয় মঞ্চত এলাগি কৰি তোলাৰ লক্ষ্যৰে বিশ্বৰ বিভিন্ন আগশাৰীৰ দেশলৈ সংসদীয় সাতটা সৰ্বদলীয় প্ৰতিনিধি দল প্ৰেৰণ কৰি সন্ত্ৰাসবাদৰ ইছ্যুটো সন্দৰ্ভত ভাৰতৰ স্থিতি অধিক শক্তিশালী কৰি তোলাৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ তদুপৰি, এনে সৰ্বদলীয় প্ৰতিনিধিৰ দল প্ৰেৰণ কৰি চৰকাৰে সমগ্ৰ বিশ্বক এইটো বাৰ্তাও দিয়াৰ প্ৰয়াস কৰিলে যে, যদিও ৰাজনৈতিক দলসমূহৰ মাজত মতাদৰ্শগত পাৰ্থক্য আছে, কিন্তু দেশৰ সুৰক্ষা আৰু অখণ্ডতাত সকলো একত্ৰিত৷ ইয়াৰ উপৰি এই প্ৰতিনিধি দলসমূহৰ সদস্য নিৰ্বাচন কৰাৰ ক্ষেত্ৰত জাতি-ধৰ্ম-বৰ্ণ-লিংগ-অঞ্চল নিৰ্বিশেষে সকলোকে অন্তৰ্ভুক্ত কৰি প্ৰকৃত ৰামধেনুসদৃশ ভাৰতক উপস্থাপন কৰা দেখা গৈছে৷ ইয়াৰ দ্বাৰা পাকিস্তানৰ নীচ আৰু সংকীৰ্ণ মানসিকতাকো সমগ্ৰ বিশ্বৰ সন্মুখনত উদঙাই দিয়াৰ প্ৰয়াস চলোৱা হৈছে৷ ভাৰত-পাকিস্তানৰ বিভাজনৰ বাবে যি দ্বি-জাতি তত্ত্বৰ উদ্ভাৱনৰ জড়িয়তে হিন্দু-মুছলমান দুটা পৃথক জাতি আৰু এই দুয়োটা জাতি একেলগে বাস কৰাটো অসম্ভৱ বুলি প্ৰতিপন্ন কৰি যি সাম্প্ৰদায়িকতা আৰু বিভাজনমুখী মানসিকতাৰ বীজ ৰোপণ কৰিছিল, তাৰ প্ৰতিফলন পাকিস্তানৰ সেনাপ্ৰধানৰ মুখতো শুনা গৈছিল৷ কিন্তু পাকিস্তানীৰ এনে মানসিকতাৰ বিপৰীতে গৈ ভাৰতে বৈচিত্ৰ্যৰ মাজত ঐক্যৰ বাণীৰ দ্বাৰা এই কথা প্ৰমাণ কৰি দেখুৱালে যে, ভাৰতত সকলো বৈচিত্ৰ্যই একেলগে সহাৱস্থান কৰিব পাৰে আৰু আগুৱায়ো যাব পাৰে৷
ভাৰতে ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখনৰ উপৰি আন কৌশলগত সম্পৰ্ক থকা ৰাষ্ট্ৰসমূহলৈ এইদৰে প্ৰতিনিধি দল প্ৰেৰণ কৰি আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰাটো অতিশয় প্ৰয়োজনীয় হৈ পৰিছিল৷ ‘অপাৰেচন সিন্দূৰ’ বা তাৰ পৰৱৰ্তী সময়ছোৱাত একাংশ ৰাষ্ট্ৰ প্ৰধান, বিশেষকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত আৰু পাকিস্তানক একেটা শাৰীতে থিয় কৰাবলৈ প্ৰচেষ্টা চলাই বিভিন্ন সময়ত বিভিন্ন মন্তব্য প্ৰকাশ কৰি আহিছে৷ কিন্তু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ ঋণৰ বোজাত পোত গৈ প্ৰায় দেউলীয়া হোৱাৰ স্থিতিত থকা ৰাষ্ট্ৰ এখনৰ লগত বিগত কেইবাটাও দশকজুৰি বিজ্ঞান, প্ৰযুক্তি, শিক্ষা, গতিশীল অৰ্থনীতি, বহুত্ববাদী, ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজৰ বিজয়ধবজ্জা উৰুৱাবলৈ সক্ষম হোৱা ভাৰতক এইদৰে দুৰ্বল ৰাষ্ট্ৰ হিচাপে প্ৰতিপন্ন কৰিবলৈ কৰা প্ৰচেষ্টাক কোনোমতেই মানি ল’ব নোৱাৰি৷ বিশ্বৰ আগশাৰীৰ ৰাষ্ট্ৰ সমূহলৈ এইদৰে সৰ্বদলীয় প্ৰতিনিধি দল প্ৰেৰণ কৰি মোদী চৰকাৰে নিজৰ দূৰদৰ্শী আৰু সৰ্বোপৰি মানসিকতা প্ৰদৰ্শন কৰাৰ সমান্তৰালভাৱে ভাৰত ৰাষ্ট্ৰ সৃষ্টিৰ মৌলিক গাঁথনিৰ ভিত্তিত সমগ্ৰ বিশ্বলৈকো কঠোৰ আৰু আপোচবিহীন বাৰ্তা প্ৰেৰণ কৰিছে৷ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দেশৰ স্থিতি মজবুট কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা এই আন্তৰিক প্ৰচেষ্টাৰ অংশ হিচাপে বিৰোধী পক্ষক যি দায়িত্ব প্ৰদান কৰিছে, সেয়া ৰাজনীতিৰ ঊধবৰ্লৈ গৈ জাতীয় কৰ্তব্য হিচাপে পালন কৰা উচিত৷ প্ৰতিনিধি দলৰ সদস্য নিৰ্বাচনৰ ক্ষেত্ৰত যি বিতৰ্কৰ সৃষ্টি হৈছিল, তাক লৈ ভৱিষ্যতেও ৰাজনীতি কৰাৰ পৰা সকলো দলেই আঁতৰত থকা উচিত৷ কাৰণ ভাৰতত আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ ক্ষেত্ৰত দল-সংগঠন নিৰ্বিশেষে সকলোৱেই সহযোগিতা আগবঢ়োৱাৰ এক দীৰ্ঘদিনীয়া পৰম্পৰা আছে৷ এনে সহযোগিতাৰ এটা উল্লেখযোগ্য উদাহৰণ হ’ল– প্ৰধানমন্ত্ৰী নৰসিংহ ৰাৱে তেতিয়াৰ বিৰোধী দলৰ দলপতি অটল বিহাৰী বাজপেয়ীক এক জটিল সময়ত ভাৰতৰ স্থিতি শক্তিশালী ৰূপত উত্থাপন কৰিবলৈ ৰাষ্ট্ৰসংঘলৈ প্ৰেৰণ কৰিছিল আৰু পৰৱৰ্তী সময়ত সেই সিদ্ধান্তটো দেশৰ স্বাৰ্থৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ল৷ ঠিক সেইদৰে, বিজেপি দলৰ নেতাসকলেও নিজৰ দলৰ চৰকাৰখনৰ সকলোকে লগত লৈ চলাৰ এই প্ৰচেষ্টাক আগুৱাই নিব লাগিব৷ বিভিন্ন সময়ত বিৰোধী পক্ষক সমালোচনা কৰিবলৈ গৈ তেওঁলোকক অপ্ৰয়োজনীয়ভাৱে ৰাষ্ট্ৰ বিৰোধী হিচাপে প্ৰতিপন্ন কৰিবলৈ প্ৰচেষ্টা চলোৱাটো উচিত নহয়৷ যিহেতু বৰ্তমান দেশে এক জটিল সন্ধিক্ষণৰ মাজেৰে আগবাঢ়িছে, গতিকে এই ক্ষেত্ৰত সৰ্বোত্তম সফলতা লাভৰ বাবে ৰাজনৈতিক, সামৰিক, কূটনৈতিক আৰু অৰ্থনৈতিক সকলো দিশৰ পৰাই যুঁজত অৱতীৰ্ণ হ’ব লাগিব৷ গতিকে এই সময়ছোৱাত সকলোৱেই সংযমী হৈ আৰু সংকীৰ্ণ ৰাজনীতিৰ ঊধবৰ্লৈ গৈ নিজৰ দায়িত্ব পালন কৰিব লাগিব৷