
চিমেন চাপৰিত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ জোনাই জিলাৰ সভাপতি-সম্পাদকৰ সন্মিলন সম্পন্ন
'আমাৰ অসম'ৰ জোনাইৰ প্ৰতিবেদক,১ জুনঃ চিমেন চাপৰি আঞ্চলিকৰ ডেকা মাজগাঁও নামঘৰত আঞ্চলিক ভিত্তিত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ জোনাই জিলা সমিতিৰ এখনি সভা দেওবাৰে অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ জোনাই জিলা সমিতিৰ সভাপতি, সম্পাদক, সভানেত্ৰী, সম্পাদিকা আৰু নায়ক, নায়িকা উপস্থিত থকা সভাত আৰম্ভণিতে সামূহিক প্ৰাৰ্থনাৰ আঁতধৰে চিমেন চাপৰিৰ আঞ্চলিক শাখাৰ সভাপতি দিনেশ সন্দিকৈয়ে আৰু অসুস্থ থকাসকলৰ আৰোগ্য কামনা কৰি প্ৰাৰ্থনা আগবঢ়াই আই-মাতৃৰ উপদেষ্টা দূৰ্গেশ্বৰী দাস মহনে।উল্লেখ্য যে সন্মিলনখনি আঁতধৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ জোনাই জিলা শিশু আৰু আই-মাতৃ কল্যাণ সমিতিৰ সম্পাদিকা মঞ্জু দাসে। লগতে সঞ্চালনা কৰে সভানেত্ৰী মণি বৰাই । তদুপৰি সভাত জিলা সম্পাদক লোকনাথ বৰদলৈ, সেৱা বাহিনীৰ কেন্দ্ৰীয় সঞ্চালন সমিতিৰ সদস্য তপন হাজৰিকা, চিমেন চাপৰি আঞ্চলিক শাখাৰ সভাপতি বিমান বৰা, আই-মাতৃ কল্যাণ সমিতিৰ উপদেষ্টা স্বৰ্ণলতা ফুকন আদিয়ে সভাপতি-সম্পাদক, সভানেত্ৰী-সম্পাদিকা আৰু নায়ক-নায়িকা সকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায়।
আনহাতে গুণমাই গগৈ, বুলবুল নাথ, পূজা ৰায়, অঞ্জলি দাস, নিকুঞ্জ বেজবৰুৱা, বেবী শইকীয়া, বীণা দত্ত আদিয়ে সভানেত্ৰী-সম্পাদিকা সকলে নিজ নিজ প্ৰাথমিক শাখাৰ বাৰ্ষিক কাৰ্যসূচী সমূহ সভাত ব্যক্ত কৰে । সভাত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ জোনাই জিলা সাহিত্য শাখাৰ সভাপতি ভূৱন দাস, সেৱা বাহিনী সৰ্বাধিনায়ক হৰি পেগু, চিমেন চাপৰি আঞ্চলিক শাখাৰ বিষয়ববীয়া আৰু প্ৰাথমিক শাখাসমূহৰ শতাধিক বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকে ।