Logo
image

চৰকাৰে মদাহী সৃষ্টিৰ আঁচনিখন বন্ধ কৰিবনে

গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাষত অসম চৰকাৰৰ সুৰাৰ বিপণীৰ লাইচেন্স৷ কথাটো সহজ  বা সাধাৰণ যেন লাগিলেও চৰকাৰৰ এই প্ৰৱণতা বা সাহস কিন্তু অসাধাৰণ৷ চৰকাৰী পৃষ্ঠপোষকতাত যুৱপ্ৰজন্মক মদাহী বনাবলৈ চৰকাৰীভাৱেই কিছুদিনৰ পৰা যি উদ্যোগ লোৱা হৈছে, ই ভালৰ বাবে নহয়, কালৰ বাবেহে৷ পিছে চৰকাৰে শুনে কাৰ কথা? কৰ সংগ্ৰহৰ নামত সমগ্ৰ অসমৰ সামাজিক পৰিৱেশ বিনষ্ট কৰিবলৈ চৰকাৰীভাৱে যি উদ্যোগ লৈছে, তাকে দেখি প্ৰতিজন শিক্ষিত সচেতন নাগৰিক আজি লজ্জিত আৰু হতচকিত৷ এখন চৰকাৰ ইমান অদূৰদৰ্শী কেনেকৈ হ’ব পাৰে? এখন সমাজ ধবংস কৰাৰ পৰিকল্পনা এখন চৰকাৰে কেনেকৈ কৰিব পাৰে? কৰ সংগ্ৰহৰ বাবেই ইমান নিম্নস্তৰৰ চিন্তানে?

যি সময়ত সমগ্ৰ ভাৰতৰ শিক্ষানুষ্ঠানসমূহত সুৰাপান এক উদ্বেগৰ বিষয় হৈ পৰিছে, তেনে সময়তে চৰকাৰী উদ্যোগত অসমত সুৰাৰ বেহা৷ শিক্ষাৰ্থীসকলৰ মাজত সুৰাৰ অপব্যৱহাৰ কেৱল তেওঁলোকৰ শৈক্ষিক প্ৰদৰ্শন বা স্বাস্থ্যগত সুস্থতাৰ বাবেই এক ভাবুকি হৈ পৰা নাই, লগতে যথেষ্টসংখ্যক পথ দুৰ্ঘটনাত এই সুৰাই বিগত সময়ত বহুখিনি অৰিহণা যোগাই আহিছে৷ সুৰাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ অভাৱনীয় আগ্ৰহে অমানিশা নমাই আনিছে বহু পৰিয়াললৈ৷ ভাৰতত, বিশেষকৈ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ মাজত সুৰাৰ ব্যৱহাৰ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ অসমতো এই সুৰাপানে শিক্ষা প্ৰতিষ্ঠানসমূহক, বিশেষকৈ শিক্ষা প্ৰতিষ্ঠানসমূহৰ হোষ্টেলসমূহক গ্ৰাসিত কৰিছে৷ শিক্ষানুষ্ঠানৰ হোষ্টেলবোৰ প্ৰায়ে বিভিন্ন কাৰণত সুৰা সেৱনৰ কেন্দ্ৰ হৈ পৰে৷ আপাতত চাবলৈ গ’লে ইয়াৰ কাৰণ বহুতো৷ লগৰীয়া ছাত্ৰ-ছাত্ৰীৰ প্ৰভাৱ৷ ছাত্ৰ-ছাত্ৰীক হোষ্টেলৰ পৰিৱেশৰ ভিতৰত সুৰা সেৱনত লিপ্ত হ’বলৈ উৎসাহিত কৰাত বন্ধু-বান্ধৱীৰ চাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ শিক্ষাৰ্থীয়ে তেওঁলোকৰ বন্ধুসকলৰ গ্ৰহণযোগ্যতা লাভ কৰিবলৈয়ে হওক বা হোষ্টেলৰ পৰিৱেশৰ লগত নিজকে খাপ খুৱাবলৈকে হওক সুৰাপান কৰিবলৈ আৰু সুৰাপায়ীৰ কৰ্মকাণ্ডত অংশগ্ৰহণ কৰিবলৈ প্ৰকাৰান্তে বাধ্য হৈ পৰে৷ লগতে মাত্ৰাধিক শৈক্ষিক হেঁচা, হোষ্টেল নিৰীক্ষকৰ কঠোৰ নিৰীক্ষণৰ অভাৱ, শৈক্ষিক প্ৰতিষ্ঠানৰ ওচৰে-পাঁজৰে সুৰাৰ সহজ উপলব্ধতা আদি কাৰকসমূহে হোষ্টেলত সুৰাৰ প্ৰচলনত ব্যাপক কৰাত উদগনি যোগায়৷ এই সকলো কাৰকৰ ভিতৰত সহ-শিক্ষাৰ্থীৰ উদগনি আৰু সুৰাৰ সহজলভ্যতাই বিশেষভাৱে উদগনি যোগায়৷ শিক্ষানুষ্ঠানৰ হোষ্টেলত সুৰাপানৰ ফলত শিক্ষাৰ্থীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ গুৰুত্বৰ ক্ষতি হয়৷ অত্যধিক সুৰাপানৰ ফলত বিভিন্ন স্বাস্থ্যজনিত সমস্যা হয়, যাৰ ভিতৰত আছে যকৃতৰ ক্ষতি, কাৰ্ডিঅ’ভাস্কুলাৰ সমস্যা, দুৰ্বল ৰোগ প্ৰতিৰোধ প্ৰণালী ইত্যাদি৷ লগতে সুৰাপানৰ ফলত হোৱা দুৰ্ঘটনাই বহু পৰিয়াললৈ অমানিশা নমাই আনে৷ সুৰাৰ অপব্যৱহাৰে শিক্ষাৰ্থীৰ শৈক্ষিক প্ৰদৰ্শনত বিৰূপ প্ৰভাৱ পেলায়, যাৰ ফলত মনোযোগ, অনুপ্ৰেৰণা আৰু সামগ্ৰিক উৎপাদনশীলতা হ্ৰাস হয়৷ ই তেওঁলোকৰ শৈক্ষিক প্ৰগতি আৰু ভৱিষ্যতৰ সম্ভাৱনাত বাধাৰ সৃষ্টি কৰে৷ সুৰাপানে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যত বিশেষকৈ বিৰূপ প্ৰভাৱ পেলায়৷ হতাশা, উদ্বেগ আদি বিষয়ৰ সংমিশ্ৰণে দুখ বৃদ্ধি কৰি বহু ছাত্ৰ-ছাত্ৰীক জীৱনৰ প্ৰতি নিৰাসক্ত কৰি পেলায়৷ যাৰ ভয়াৱহ ফল পৰৱৰ্তী সময়ত ঘৰখন আৰু সমাজখনে ভুগিবলগীয়া হয়৷ সুৰাই মগজুৰ বিস্তৰ ক্ষতি কৰি স্নায়ৱিক দক্ষতা হ্ৰাস কৰে, যাৰ ফলত এজন সুৰাপায়ীয়ে বহু সময়ত হিতাহিত জ্ঞান হেৰুৱাই পেলায়৷ ফলত দুৰ্ঘটনাৰ প্ৰৱণতা অত্যধিক বৃদ্ধি পায়, যি প্ৰৱণতাই কেৱল তেওঁকেই ক্ষতি নকৰে, বাটৰুৱা-পথচাৰীৰো জীৱন বিপদসংকুল কৰি তোলে৷ দুখজনকভাৱে কিছুদিনৰ আগতে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ এক ঘটনাই সুৰাৰ অপব্যৱহাৰৰ বিধবংসী পৰিণামৰ বিষয়ে আমাক সকলোকে সচেতন কৰিছিল৷ পথ দুৰ্ঘটনাত সাতজন শিক্ষাৰ্থীৰ অকাল মৃত্যুয়ে সমগ্ৰ অসম আৰু ভাৰতৰ শিক্ষানুষ্ঠানসমূহত সুৰাপান বন্ধ কৰাৰ ক্ষেত্ৰত জৰুৰী পদক্ষেপ ল’বলৈ সকলোকে সকীয়াই দিছিল৷ শিক্ষানুষ্ঠানত সুৰাপান নিষিদ্ধ কৰিবলৈ ব্যাপক জনজাগৰণৰ প্ৰয়োজন হৈছে৷ শিক্ষাৰ্থীৰ মানসিক চাপ তথা সুৰাৰ প্ৰতি আসক্তি কম কৰাৰ হেতু বিভিন্ন কাউঞ্চেলিঙৰ ব্যৱস্থা, আৰক্ষী প্ৰশাসনৰ লগত শিক্ষা প্ৰতিষ্ঠানৰ নিয়মীয়া যোগাযোগ আদিৰ ব্যৱস্থাই কিছু সহায় কৰাৰ সম্ভাৱনা আছে৷ তদুপৰি, শিক্ষানুষ্ঠানৰ চৌহদৰ ওচৰত সুৰা বিক্ৰী বন্ধ কৰিবলৈ কঠোৰ নিয়মাৱলী বলৱৎ কৰাৰ লগতে স্থানীয় আইন প্ৰৱৰ্তনকাৰী সংস্থাবোৰৰ সৈতে ঘনিষ্ঠভাৱে সহযোগিতা কৰি ইয়াক কঠোৰভাৱে দমন কৰিব লাগিব৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, শিক্ষা প্ৰতিষ্ঠানবোৰে হোষ্টেলৰ ভিতৰত সুৰা সেৱন নিষিদ্ধ কৰা কঠোৰ নীতি ৰূপায়ণ আৰু বলৱৎ কৰিব লাগিব৷ উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থাই প্ৰতিৰোধক হিচাপে কাম কৰিব পাৰে৷ সমস্যাটোৰ কাৰ্যকৰীভাৱে সমাধান কৰিবলৈ অভিভাৱকৰ সৈতে অংশীদাৰিত্ব গঢ়ি তোলাটো প্ৰতিষ্ঠান কৰ্তৃপক্ষৰ বাবে অত্যাৱশ্যকীয় পদক্ষেপ৷ নিয়মীয়া যোগাযোগ আৰু অভিভাৱকৰ অন্তৰ্ভুক্তিয়ে শিক্ষাৰ্থীৰ মাজত সুৰাৰ অপব্যৱহাৰ আৰু তাৰ বিপদৰ বিষয়ে মুক্ত আলোচনাৰ এক পৰিৱেশ গঢ়ি তুলিব পাৰে৷ অসম বা ভাৰতৰ শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ্থীৰ মাজত সুৰাপানৰ বিষয়টো গভীৰ চিন্তাৰ বিষয়৷ সুৰাৰ অপব্যৱহাৰ আৰু পথ দুৰ্ঘটনাৰ মাজৰ সম্পৰ্কটোৱে এই বিষয়টোক আৰু অধিক চিন্তিত কৰি তুলিছে৷ অধিক প্ৰাণহানি প্ৰতিহত কৰিবলৈ আৰু সুৰাৰ অপব্যৱহাৰৰ ধবংসাত্মক পৰিণাম হ্ৰাস কৰিবলৈ শিক্ষানুষ্ঠান, অভিভাৱক আৰু সামগ্ৰিকভাৱে সমাজৰ পৰা একত্ৰিত প্ৰচেষ্টাৰ প্ৰয়োজন৷ সজাগতা বৃদ্ধি কৰি আৰু কঠোৰ নিয়মাৱলী ৰূপায়ণ কৰি আমি এনে এক পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ য’ত শিক্ষাৰ্থীসকলে সুৰাৰ আসক্তিৰ পৰা নিজকে আঁতৰাই আনিব পাৰে৷ আমি আমাৰ শিক্ষাৰ্থীসকলৰ কল্যাণ আৰু ভৱিষ্যৎ সুৰক্ষিত কৰাৰ বাবে এনে পদক্ষেপ লোৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছে৷ কিন্তু কথা হ’ল আমি যিমানেই চেষ্টা নকৰোঁ কিয় চৰকাৰী উৎসাহে সকলো পানী কৰি পেলাইছে৷ এটা কথা ধ্ৰুৱ সত্য যে চৰকাৰে যদি মদাহী সৃষ্টিৰ আঁচনিখন সোনকালে বন্ধ নকৰে, সমাজ কিন্তু ধবংসৰ কৰাল গ্ৰাসত ডুবিবলৈ বেছি দিন নাই৷