
ঢেকীয়াজুলিৰ লক্ষ্মীনাথ বেজবৰুৱা একাডেমীৰ মেধাৱী ছাত্ৰী অন্তৰীক্ষাক বিশেষ সম্বৰ্ধনা
‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ৩ জুনঃ এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ লক্ষ্মীনাথ বেজবৰুৱা একাডেমীৰ ছাত্ৰী অন্তৰীক্ষা অধিকাৰীয়ে ৯৭.৪ শতাংশ নম্বৰসহ [মুঠ প্ৰাপ্ত নম্বৰ ৪৮৭] উত্তীৰ্ণ হয়৷ এয়া কলা শাখাত শোণিতপুৰ জিলাৰ ভিতৰতে শ্ৰেষ্ঠ নহয়, ৰাজ্যৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন৷ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰকাশ কৰা তালিকাত এই তথ্য প্ৰকাশ পাইছে৷
নিষ্ঠা, একাগ্ৰতা আৰু স্ব-প্ৰতিভাৰে উজলি উঠা অন্তৰীক্ষা অধিকাৰীক মঙলবাৰে আছুৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয়৷ গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থাই আয়োজন কৰা বিশেষ অভিনন্দন অনুষ্ঠানত সম্বৰ্ধিত হৈ শোণিতপুৰ জিলাৰ লগতে ঢেকিয়াজুলিলৈও গৌৰৱ কঢ়িয়াই আনিছে অন্তৰীক্ষাই৷