Logo
image

শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগুৰ দ্বাৰা ১০৫ খন প্ৰাথমিক বিদ্যালয়ত ৰাভা ভাষা মাধ্যম প্ৰৱৰ্তনৰ শুভাৰম্ভ

'আমাৰ অসম'ৰ আগিয়াৰ প্ৰতিবেদক, ৫জুনঃ  ভাৰতৰ দৰে বহু -ভাষিক ৰাষ্ট্ৰত কোনো মানুহে এটা ভাষাৰে কেতিয়াও চলিব নোৱাৰে। বহু ভাষা জানিলেহে চলিব পাৰিব । এনে এটা উদ্দেশ্য আগত ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ অনুসৰি মাতৃভাষাৰ মাধ্যমেৰে শিক্ষাদান দিয়াৰ উপৰিও বহু-ভাষিক শিক্ষা প্ৰদানত গুৰুত্ব দিছে।  উক্ত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত অসম চৰকাৰে ৰাভা, মিছিং আৰু তিৱা জনগোষ্ঠীৰ মাতৃভাষা প্ৰাথমিক বিদ্যালয়ত মাধ্যম প্ৰৱৰ্তনৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে। আজি তাৰেই ফলশ্ৰুতিত গোৱালপাৰাত কৰুৱাভাষা শান্তি বজাৰস্থিত বায়দামবুঢ়ী প্ৰাথমিক বিদ্যালয়ত গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাৰ মুঠ ১০৫ খন প্ৰাথমিক বিদ্যালয়ত ৰাভা ভাষাৰ মাধ্যম আনুষ্ঠানিক ভাৱে প্ৰৱৰ্তনৰ শুভাৰম্ভ কৰি  অসমৰ শিক্ষামন্ত্ৰী ড০  ৰণোজ পেগুৱে এইদৰে অভিমত ব্যক্ত কৰে।   উল্লেখযোগ্য যে গোৱালপাৰা জিলাৰ ৮১খন আৰু কোকৰাঝাৰ জিলাৰ ২৪খন প্ৰাথমিক বিদ্যালয়ত ৰাভা ভাষাৰ মাধ্যম প্ৰৱৰ্তন কৰা হয়। তদুপৰি শিক্ষামন্ত্ৰীয়ে চিকিৎসা বিজ্ঞানৰ কথা উল্লেখ কৰি কয় যে, ভাষা শিকাৰ ক্ষেত্ৰত ৮ বছৰৰ পৰা ১৪ বছৰ বয়সৰ ভিতৰত সম্ভৱ। প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ পৰাই ছাত্ৰ-ছাত্ৰীয়ে বহু ভাষা শিকিব লাগিব।  এইদৰে কৈ শিক্ষামন্ত্ৰী গৰাকীয়ে 'ক' শ্ৰেণীৰ পৰা পঞ্চমমান শ্ৰেণীলৈকে ৰাভা ভাষাৰ মাধ্যম প্ৰৱৰ্তন কৰিছে বুলি জানিব দিয়ে আৰু পৰৱৰ্তী ষষ্ঠ শ্ৰেণীত ছাত্ৰ-ছাত্ৰীয়ে নিজ ইচ্ছানুসাৰে অসমীয়া নাইবা ইংৰাজী মাধ্যমত পঢ়িব পাৰিব বুলি     ব্যক্ত কৰে। কোনো অভিভাৱকে যেন তেওঁলোকৰ স্বাধীনতা খৰ্ব নকৰে। আনকি প্ৰাথমিক বিদ্যালয় সমূহত বিজ্ঞানসন্মত শিক্ষাদানৰ ব্যৱস্থা কৰা হ'ব । মাতৃভাষা পুনৰ উদ্ধাৰ, সম্প্ৰসাৰণ আৰু ভাষা জীয়াই ৰখাৰ দায়িত্ব কেৱল ছাত্ৰ-ছাত্ৰীৰ ওপৰতে এৰি নিদি আজিৰ পৰা ৰাভা জাতীয় সংগঠন সমূহৰ লগতে ৰাভা-হাছং স্বায়ত্ব শাসিত পৰিষদ আৰু ৰাভা ৰাইজে গধুৰ দায়িত্ব পালন কৰিব লাগিব বুলি কয় শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে । 


উল্লেখযোগ্য যে আজিৰ এই ৰাভা ভাষাৰ মাধ্যম প্ৰৱৰ্তনৰ শুভাৰম্ভৰ অনুষ্ঠানত উপস্থিত থাকি ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ ৰাভা, নিখিল ৰাভা সাহিত্য সভাৰ সভাপতি অমৰ সিং কোচ, প্ৰধান সম্পাদক ৰাজকুমাৰ ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল ৰাভা, সম্পাদক ড০ সুভাষ ৰাভাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুক ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতা  জ্ঞাপন কৰে।  উক্ত অনুষ্ঠানটিত  ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ললিতা ৰাভা,বায়খো হুৰি অসমৰ সভাপতি প্ৰকাশ ৰাভা আৰু সদৌ ৰাভা কৃষ্টি সন্মিলনৰ সভাপতি দীপক পাম, ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি দশানন ৰাভা আদিকে ধৰি ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় শতাধিক ৰাভা পুৰুষ, মহিলা উপস্থিত থাকে ।