Logo
image

নগাঁও জিলাৰ চৰকাৰী শিক্ষণ মহাবিদ্যালয়ৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

'আমাৰ অসম'ৰ ডিজিটেল ডেস্কঃ   ইংৰাজী ৬ জুন তাৰিখ শুক্ৰবাৰে নগাঁও জিলাৰ চৰকাৰী শিক্ষণ মহাবিদ্যালয়ত প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ লগতে  বি-এড দ্বিতীয় বাৰ্ষিক আৰু ডি-এল-এড চতুৰ্থ ষাণ্মাসিকৰ প্ৰশিক্ষাৰ্থী সকলৰ বিদায় সভা অনুষ্ঠিত হয়৷ উল্লেখ্য যে মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যাপিকা বিনীতা পাঠকে ৷ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ বন্তি প্ৰজ্বালনেৰে শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক অতুল বৰাই ৷ 


উল্লেখযোগ্য যে অনুষ্ঠানত মুখ্য  অতিথিৰ ভাষণ প্ৰদান কৰি অতুল বৰাই মহাবিদ্যালয়ৰ জন্মলগ্নৰ ইতিহাস আৰু শৈক্ষিক পৰিৱেশৰ সন্দৰ্ভত এক মনোগ্ৰাহী ভাষণ প্ৰদান কৰে৷ উক্ত অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° লৱনু বৰদলৈয়ে শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্যবোধ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে ৷ আনহাতে মহাবিদ্যালয়ৰ প্ৰাক্তন  কৰ্মচাৰী দুৰ্গেশ্বৰ বৰাই নিজৰ কৰ্মজীৱনৰ সোনোৱালী অতীত ৰোমন্থন কৰে ৷ লগতে অনুষ্ঠানত বিদায়ী প্ৰশিক্ষাৰ্থী সকলক একোটাকৈ স্মাৰক প্ৰদান কৰা হয়৷ তদুপৰি প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানৰ আঁত ধৰে মহাবিদ্যালয়ৰ মধ্যস্থতাকাৰী পদুম মুক্তিয়াৰে৷ অনুষ্ঠানত বিদায়ী প্ৰশিক্ষাৰ্থী সকলে নিজৰ নিজৰ অনুভৱ ব্যক্ত কৰি সকলোকে আপ্লুত কৰে। উক্ত অনুষ্ঠানত বি-এড প্ৰথম বাৰ্ষিক আৰু ডি-এল-ডিৰ প্ৰশিক্ষাৰ্থী সকলে বিভিন্ন গীত, নৃত্য প্ৰদৰ্শন কৰি দৰ্শকৰ মন জয় কৰে৷  উল্লেখ্য যে অনুষ্ঠানৰ শলাগৰ শৰাই আগবঢ়াই মহাবিদ্যালয়ৰ মধ্যস্থতাকাৰী পদুম মুক্তিয়াৰে৷ নগাঁও শিক্ষণ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে আৰু মহাবিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নিজৰ মনোভাৱ ব্যক্ত কৰে ৷ শেষত জাতীয় সংগীতেৰে আজিৰ প্ৰতিষ্ঠা দিৱস আৰু বিদায় সভাৰ সামৰণি মাৰে ৷