
মহিলা বিশ্বকাপৰ ছেমিফাইনেল হ’ব গুৱাহাটীত!
‘আমাৰ অসম’ৰ প্ৰতিনিধি, ৯ জুনঃ মহিলা বিশ্বকাপৰ লীগ পৰ্যায়ৰ চাৰিখন খেল অনুষ্ঠিত হ’ব গুৱাহাটীৰ বৰ্ষাপাৰাৰ ষ্টেডিয়ামত৷ ইফালে, ছেমিফাইনেলৰ পূৰ্বে যদি পাকিস্তান প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈ যায়, তেন্তে দুখন ছেমিফাইনেলৰ এখন গুৱাহাটীত অনুষ্ঠিত হ’ব৷ এই ঘোষণা বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াৰ৷ নলবাৰীৰ এটা অনুষ্ঠানত দেওবাৰে এই কথা ৰাজহুৱা কৰে বিচিচিআইৰ সচিবজনে৷ উল্লেখ্য, নলবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত নলবাৰী জিলা পুথিভঁৰালত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট ক্ৰীড়া সংগঠক দেৱজিৎ শইকীয়াক দেওবাৰে জিলাখনৰ বিভিন্ন সংঘ, খেলুৱৈ, অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ ডেৰ শতাধিক অনুষ্ঠানে বিপুল সম্বৰ্ধনা জনায়৷ ফুলাম গামোচা, জাপি, শৰাই, মমেণ্ট’ আদিৰে বিচিচিআইৰ সম্পাদকজনক সম্বৰ্ধনা জনায়৷ ক্ৰীড়া সংগঠক দীপক কুমাৰ দাসে আঁত ধৰা উক্ত অনুষ্ঠানত আদৰণি ভাষণ দিয়ে নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই৷ আদৰণি ভাষণত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে নলবাৰীৰ সৰিয়হতলীত ৫০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মীয়মান ‘জিলা ক্ৰীড়া প্ৰকল্প’টো চলিত বৰ্ষৰ শেষৰফালে শুভাৰম্ভ কৰিব পৰা যাব৷ জিলাখনত এখন এথলেটিক একাডেমি আৰম্ভ কৰা হ’ব বুলিও তেওঁ মন্তব্য কৰে৷ ইফালে, সম্বৰ্ধনা গ্ৰহণ কৰি দেৱজিৎ শইকীয়াই ভাষণত কয়-‘মই অভিভূত হৈ পৰিছোঁ৷
নলবাৰীবাসীয়ে মোক যিধৰণে মৰম-চেনেহ দিছে, সেয়া মই পাহৰিব নোৱাৰিম৷’ নলবাৰী জিলাত প্ৰতিভাৰ অভাৱ নাই বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়-‘মই সৰিয়হতলীৰ নিৰ্মীয়মান ক্ৰীড়া প্ৰকল্প পৰিদৰ্শন কৰিছোঁ৷ এয়া নলবাৰী জিলাৰ বাবে আনন্দৰ খবৰ৷ কিয়নো নলবাৰীৰ সৰিয়হতলীত অত্যাধুনিক সা-সুবিধাযুক্ত ক্ৰীড়া প্ৰকল্প এটা সম্পূৰ্ণ হ’বলৈ গৈ আছে৷ এই প্ৰকল্পটো সম্পূৰ্ণ হ’লে জিলাখনৰ খেলুৱৈসকলৰ এটা দীৰ্ঘদিনীয়া সপোন পূৰ হ’ব৷’ বিশিষ্ট ক্ৰীড়া সংগঠক শইকীয়াই পুনৰ কয় যে চৰকাৰীভাৱে ভূমিৰ আবণ্টন হ’লে ছেপ্টেম্বৰৰ পৰা সৰিয়হতলীতে এখন পূৰ্ণাঙ্গ ক্ৰিকেট ষ্টেডিয়ামৰ কাম আৰম্ভ কৰা হ’ব৷ আনহাতে, গুৱাহাটীৰ বৰ্ষাপাৰাত চাৰিখনকৈ মহিলা বিশ্বকাপৰ লীগ পৰ্যায়ৰ খেল অনুষ্ঠিত হোৱাৰ বিষয়ে সদৰি কৰি তেওঁ কয় যে যদিহে ছেমি ফাইনেলৰ পূৰ্বে পাকিস্তান প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়, তেন্তে গুৱাহাটীত এখন ছেমি ফাইনেল অনুষ্ঠিত হ’ব৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত নলবাৰী ক্ৰীড়া সন্থাৰ উপ-সভাপতি মনোজ কুমাৰ চৌধুৰী, হেমেন্দ্ৰ মহন্ত, সাধাৰণ সম্পাদক বুবুল তালুকদাৰ, জিলা ক্ৰীড়া বিষয়া লুক্ৰৰাজ বসুমতাৰী, ক্ৰীড়া সংগঠক ৰাতুল গোস্বামী, সত্যেন্দ্ৰ শৰ্মা, অজিত শৰ্মা, বিশ্বজিৎ বৰুৱা, দেৱজিৎ ডেকাকে ধৰি জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে৷