
ক’লৈ নিয়া হৈছে দীঘলীপুখুৰীৰ গছ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৯ জুনঃ স্থানান্তৰকৰণৰ অজুহাতেৰে দীঘলীপুখুৰী পাৰ তথা আমবাৰীৰ বহু পুৰণি বটবৃক্ষ কাটি পেলোৱাক লৈ আজিও ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী সচেতন লোকসকলৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে৷ মুখ্যমন্ত্ৰীয়ে দীঘলীপুখুৰী পাৰৰ গছ কটা নহয় বুলি ঘোষণা কৰাৰ পাছতো লোকনিৰ্মাণ বিভাগে স্থানান্তৰকৰণৰ নামত এতিয়া আমবাৰীৰ ৰবীন্দ্ৰ ভৱন আৰু টেক্সটাইল ইনষ্টিটিউটৰ সন্মুখৰ বহু গছ কাটি পেলোৱা হঠকাৰী কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ৯জনকৈ ছাত্ৰ, যুৱ প্ৰতিবাদকাৰী আৰক্ষীৰ হাতত আটক হ’বলগীয়াও হৈছে৷ ৰাজ্য চৰকাৰে গছসমূহ স্থানান্তৰকৰণৰ বাবে দিল্লীৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানক দায়িত্ব দিলেও বিজ্ঞানসন্মতভাৱে স্থানান্তৰকৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত কটনিয়ানে প্ৰতিবাদো সাব্যস্ত কৰিছে৷ লোকনিৰ্মাণ বিভাগে টেক্সটাইল ইনষ্টিটিউটৰ গছসমূহ টেক্সটাইল ইনষ্টিটিউটৰ চৌহদতে নতুনকৈ ৰোপণ কৰাৰ ব্যৱস্থা কৰিছে যদিও ৰবীন্দ্ৰ ভৱনৰ চৌহদৰ গছসমূহ ব্ৰহ্মপুত্ৰৰ পাৰৰ লাচিত ঘাটৰ কাষলৈ স্থানান্তৰকৰণৰ বাবে গাঁত খান্দি সাজু কৰিছে৷ কিন্তু স্থানান্তৰকৰণৰ বাবে গছসমূহ আধাতে ডাল-পাত টকলা কৰি কাটি পেলোৱাত এনে গছসমূহ নতুনকৈ ৰোপণ কৰিলেও জীয়াই উঠাৰ সম্ভাৱনাক লৈ পৰিৱেশবিদসকলে প্ৰশ্ন উত্থাপন কৰিছে৷ কিয়নো এজোপা পূৰঠ গছ আধাতে ডাল-পাত নোহোৱাকৈ কাটি দিলে, নতুনকৈ পোখা মেলাৰ পৰিৱৰ্তে মৰি যোৱাৰ আশংকা অধিক থাকে বুলিও উদ্ভিদ বিজ্ঞানীসকলে দাবী কৰিছে৷
তেনেস্থলত আধাতে ডাল-পাত কাটি পেলোৱাৰ পাছত স্থানান্তৰ কৰিলে মৰি যোৱাৰ আশংকাই অধিক বুলিয়েই সচেতন উদ্ভিদ বিজ্ঞানীসকলে দাবী কৰিছে৷ কিয়নো ডেৰাডুনস্থিত বন্য গৱেষণা প্ৰতিষ্ঠানে গছ স্থানান্তৰ সম্পৰ্কে ভাৰত চৰকাৰৰ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ক দাখিল কৰা প্ৰতিবেদনে ইংগিত দিয়ে যে ভাৰতত স্থানান্তৰিত গছৰ জীয়াই থকাৰ হাৰ চিন্তনীয়ভাৱে কম, ইয়াৰ পৰিসংখ্যা প্ৰায় ১০ শতাংশতকৈও কম৷ গুজৰাট আৰু মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যই তুলনামূলকভাৱে উচ্ছ হ্ৰস্বম্যাদী সফলতাৰ তথ্য দিছে যদিও দিল্লী আৰু পঞ্জাবৰ দৰে আন ৰাজ্যত এই হাৰ ২ শতাংশতকৈয়ো কম৷ ঝাৰখণ্ডৰ দৰে ৰাজ্যত জীয়াই থকাৰ হাৰ মাত্ৰ ১.৭ শতাংশ৷ অসমৰ ক্ষেত্ৰত এই অঞ্চলৰ গছ-গছনিৰ বাবে কোনো গৱেষণা বা অধ্যয়ন কৰা হোৱা নাই৷ ডাঙৰ বা অতি পৰিপক্ব গছবোৰ স্থানান্তৰ কৰিলে মৰি যোৱাৰ প্ৰৱণতা থাকে আৰু পৰ্যাপ্ত প্ৰতিপালন অবিহনে আনকি প্ৰথম অৱস্থাত ভালে থকা গছবোৰো পাছত মৰি যোৱা দেখা যায়৷ এই প্ৰতিবেদনত উল্লেখ কৰা সফল গছ স্থানান্তৰৰ বাবে প্ৰয়োজনীয় বৈজ্ঞানিক পদ্ধতিসমূহ বাস্তৱত অসম চৰকাৰে অৱলম্বন কৰা নাই৷ আনহাতে, গ্ল’বেল ফৰেষ্ট ৱাচৰ এক প্ৰতিবেদনে ভাৰতত ২০০১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত বনাঞ্চলৰ ক্ষতিৰ হাৰ বৃদ্ধি পোৱাৰ ওপৰত আলোকপাত কৰিছে, য’ত অসমত সৰ্বাধিক ৩২৪, ০০০ হেক্টৰ সেউজীয়া আৱৰণৰ ক্ষতি হৈছে, যিটোৱে ৰাষ্ট্ৰীয় গড় ৬৬, ৬০০ হেক্টৰ অতিক্ৰম কৰিছে৷ কেৱল ২০২৩-২০২৪ চনত অসমে প্ৰায় ১৬, ৯০০-১৮, ৯০০ হেক্টৰ প্ৰাকৃতিক বনাঞ্চল হেৰুৱাইছিল৷ আনহাতে কামৰূপ মহানগৰত ২০২৪ চনত ১০৪ হেক্টৰ প্ৰাকৃতিক বনাঞ্চল হেৰুৱাইছিল৷ উল্লেখ্য, আমবাৰীৰ টেক্সটাইল ইনষ্টিটিউটৰ চৌহদত ইতিমধ্যে জ্জ্ব জোপা গছ স্থানান্তৰকৰণৰ পাছত নতুনকৈ ৰোপণ কৰিছে৷ চৰকাৰে আমবাৰী আৰু দীঘলীপুখুৰী পাৰৰ মুঠ ৭৭ জোপা গছ স্থানান্তৰকৰণ কৰা হ’ব বুলিও ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ক অৱগত কৰিছে৷