
গা কেনে? নিজৰ ‘অসুখ’ৰ কথা ব্যাখ্যা কৰিলে চাটজিপিটিয়ে
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১০ জুনঃ আজি তুমি ভালকৈ কাম কৰিব পৰা নাই নেকি? (তিনিবাৰ প্ৰশ্ন কৰাৰ পাছতো উত্তৰহীন ঃ একো নোকোৱা যে? [দুবাৰ এই প্ৰশ্ন কৰাৰ ২-৩ মিনিটৰ পাছত উত্তৰ আহিল)৷ "মই ঠিকেই কাম কৰি আছোঁ৷ কেতিয়াবা ছাৰ্ভাৰ বা কানেকচনৰ সমস্যা হোৱাৰ বাবে দেৰি হ’ব পাৰে, কিন্তু মই চেষ্টা কৰি আছোঁ" বতৰ বিজ্ঞানৰ তথ্য অনুসৰি ৰাজ্যত ৪-৬ ডিগ্ৰী ছেলছিয়াছ অধিক হৈছে৷ স্বাভাৱিক তাপমাত্ৰা হ’ব লাগে গুৱাহাটীৰ ক্ষেত্ৰত ৩২.৫ ডিগ্ৰী ছেলছিয়াছ, ডিব্ৰুগড়ৰ ৩১.৫ ডিগ্ৰী, তেজপুৰৰ ৩১.৬ ডিগ্ৰী, শিলচৰৰ ৩২.০ ডিগ্ৰী, ধুবুৰীৰ ৩১.৫ ডিগ্ৰী, যোৰহাটৰ ৩২.৬ ডিগ্ৰী আৰু উত্তৰ লখিমপুৰৰ ৩১.৪ ডিগ্ৰী ছেলছিয়াছ৷ বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে আৰু তিনিদিনলৈ এনে গৰম থাকিব৷ ৰাজ্যত গ্ৰীষ্মপ্ৰবাহৰ আশংকা কৰিছে বতৰ বিজ্ঞানীসকলে৷ উৎকট গৰমৰ ফলত গুৱাহাটীত এজন লোকৰ মৃত্যু হৈছে৷ গুৱাহাটীৰ মালিগাঁওস্থিত সঞ্জীৱনী হাস্পতালৰ ওচৰত উদ্ধাৰ হৈছে এটা মৃতদেহ৷ মৃত লোকজনৰ ঘৰ মালিগাঁৱৰ গোশালাত৷ ঘটনাস্থলীত জালুকবাৰী থানাৰ আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে৷ উৎকট গৰমৰ বাবে ৰাজ্য চৰকাৰে বিদ্যালয়ৰ পাঠদানৰ সময়ৰ সালসলনি কৰিছে৷ সেই অনুসৰি নিম্ন প্ৰাথমিক বিদ্যালয়ৰ (এল পি) পুৱা ৭.৩০ বজাৰ পৰা ১১.৩০ বজালৈ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ (এম ই) পুৱা ৭.৩০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু হাইস্কুল তথা¸ উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ বাবে পুৱা ৭.৩০ বজাৰ পৰা দুপৰীয়া ১২.৩০ বজালৈ পাঠদান চলিব৷ শিক্ষা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে দিয়া কতৃৰ্ত্ব অনুসৰি কামৰূপ মহানগৰ, মিৰিগাঁও, বজালী, বঙাইগাঁও, দৰং, শোণিতপুৰ, নলবাৰী আদি জিলা কতৃৰ্পক্ষই পাঠদানৰ সময় পুৱা ৭.৩০ বজাৰ পৰা নিশ্চিত কৰাৰ নিৰ্দেশ দিছে৷
৫০ বছৰৰ সৰ্বাধিক উষ্ণতা
‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ ৫০বছৰৰ ইতিহাসত আজিৰ দিনটোত যোৰহাটত সৰ্বাধিক উষ্ণতা অনুভূত হৈছে৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বতৰ বিজ্ঞানী ড॰ ৰাজীৱ লোচন ডেকাই এই তথ্য সদৰী কৰিছে৷ কৃষি বতৰ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড॰ ডেকাই প্ৰকাশ কৰা মতে আজি যোৰহাটত দিনৰ উষ্ণতা আছিল সৰ্বাধিক ৩৭.৬০ ছেলচিয়াচ, যিটো স্বাভাৱিক উষ্ণতাতকৈ ৬০ ছেলচিয়াচ অধিক৷ বিগত ৫০ বছৰৰ তথ্যৰ ভিত্তিত বতৰ বিজ্ঞানীজনে প্ৰকাশ কৰা মতে ইয়াৰ পূৰ্বে ১৯৯৯ চনৰ ১০ জুনত দিনৰ উষ্ণতা আছিল ৩৭.৪০ ছেলচিয়াচ৷ যোৱা ৫০ বছৰত জুন মাহত মুঠতে ৭দিন উষ্ণতা ৩৭০ ছেলচিয়াচৰ অধিক হোৱা বুলিও তেওঁ সদৰী কৰিছে৷ উল্লেখ্য, যোৰহাটত ৮ জুনৰ পৰাই উষ্ণতা ক্ৰমাৎ বৃদ্ধি পাই আছে৷ ৭ জুনত সৰ্বাধিক উষ্ণতা ৩২.৭০ ছেলচিয়াচ আছিল যদিও ৮ জুনত সৰ্বাধিক উষ্ণতা ৩৫.৬০ আৰু সৰ্বনিম্ন ২৫.৪০ ছেলচিয়াচলৈ বৃদ্ধি পায়৷ ৯ জুনত সৰ্বাধিক উষ্ণতা ৩৬.৭০ আৰু সৰ্বনিম্ন ২৭০ ছেলচিয়াচৰ বিপৰীতে আজি সৰ্বাধিক উষ্ণতা ৩৭.৬০ আৰু সৰ্বনিম্ন উষ্ণতা ২৭.২০ ছেলচিয়াচ৷ এই উষ্ণতাই যোৰহাট আৰু উপকণ্ঠ অঞ্চলৰ জনজীৱন স্তব্ধ কৰি তুলিছে৷ অৱশ্যে, আজিৰে পৰা ডাৱৰ উঠিছে আৰু উজনিৰ কোনো কোনো স্থানত বিজুলী-ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ সেয়ে কাইলৈৰ পৰা উষ্ণতা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে বুলি কৃষি বতৰ বিজ্ঞানীজনে সদৰী কৰিছে৷
যোৰহাটতো বিদ্যালয়ৰ সময়-সূচী সলনি
‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো প্ৰবল গ্ৰীষ্ম প্ৰবাহে জনজীৱন স্তব্ধ কৰি তুলিছে৷ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি যোৰহাটত আজি পাৰাস্তম্ভ ৩৭.৬০ ছেলচিয়াচলৈ উঠিছে৷ এই উষ্ণতা স্বাভাৱিকতকৈ ৫০ অধিক৷ অৱশ্যে, প্ৰখৰ ৰ’দৰ বাবে তাপমাত্ৰতকৈও অধিক উষ্ণতা অনুভূত হৈছে৷ এনে পৰিপ্ৰেক্ষিতত দৈনন্দিন কাম-কাজ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে শিক্ষানুষ্ঠানসমূহৰ পাঠদানত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে৷ সেয়ে যোৰহাটৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে আজি এক আদেশ যোগে বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সালসলনি কৰিছে৷ সেই অনুসৰি নিম্ন প্ৰাথমিক বিদ্যালয়সমূহ পুৱা ৭.৩০ বজাৰ পৰা ১১.৩০ বজালৈ, মধ্য ইংৰাজী উচ্চ প্ৰাথমিক বিদ্যালয়সমূহ পুৱা ৭.৩০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ পুৱা ৭.৩০ বজাৰ পৰা দুপৰীয়া ১২.৩০ বজালৈ অনুষ্ঠিত হ’ব৷ ১১ জুনৰ পৰাই এই আদেশ কাৰ্যকৰী হ’ব আৰু পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব৷ একেটা আদেশতে বিদ্যালয়সমূহলৈ আন কিছুমান নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে৷ সেই অনুসৰি বিদ্যালয়সমূহৰ পুৱাৰ সমাৱেশ ছাঁ পৰা ঠাইত অথবা শ্ৰেণী কক্ষৰ ভিতৰত অনুষ্ঠিত কৰিব লাগিব৷ বিদ্যালয়সমূহে প্ৰত্যেক ছাত্ৰ-ছাত্ৰীক খোৱা পানীৰ যোগান ধৰিব লাগিব আৰু তেওঁলোকক ঘৰৰ পৰা পানী লৈ যাবলৈ অনুপ্ৰাণিত কৰাৰ লগতে প্ৰতি আধাঘণ্টাৰ ব্যৱধানত বিদ্যালয়সমূহে পানী খোৱাৰ বাবে বিৰতি দিব লাগিব আৰু তাৰ বাবে ঘণ্টা বজাবলৈও বিদ্যালয়সমূহক নিৰ্দেশনা দিয়া হৈছে৷ সকলো শিক্ষানুষ্ঠানতে বৈদ্যুতিক পাংখা সচল অৱস্থাত থাকিব লাগিব৷ যদি কোনো ফেন বিকল অৱস্থাত আছে তেন্তে শীঘ্ৰে সলনি কৰিবলৈ অথবা মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ গ্ৰীষ্ম প্ৰবাহৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীয়ে ব্লেজাৰ, কোট, টাই আদি পৰিধান নকৰিবলৈ নিৰ্দেশনা দিয়াৰ লগতে যদিহে ছাত্ৰ-ছাত্ৰীয়ে জোতা পিন্ধাত অসুবিধা পায় তেন্তে চেণ্ডেল পিন্ধাৰ অনুমতি দিবলৈ নিৰ্দেশনা দিয়া হৈছে৷ গ্ৰীষ্ম প্ৰবাহৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীৰ বহিঃকাৰ্যকলাপ নিষিদ্ধ কৰা হৈছে৷ তেনেদৰে বিদ্যালয়ৰ কাষত ভেন্দৰে আইচক্ৰীম, ফুচকা আদি বিক্ৰী কৰাৰ অনুমতি নিদিবলৈ আৰু ছাত্ৰ-ছাত্ৰীসকলক বাহিৰলৈ নোলাবলৈও নিৰ্দেশনা দিয়া হৈছে৷
তামুলপুৰত অসুস্থ ৩গৰাকী ছাত্ৰী
‘আমাৰ অসম’ৰ তামুলপুৰৰ প্ৰতিবেদকঃ উৎকট গৰমত দহিছে ৰাজ্য৷ ইতিমধ্যে সমগ্ৰ ৰাজ্যৰ লগতে তামুলপুৰতো তাপমান ৩৭ ডিগ্ৰী ছেলছিয়াছ পৰ্যন্ত চুইছেগৈ৷ উৎকট গৰমৰ প্ৰকোপত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকল অস্বস্তিত ভুগিব লগা হৈছে৷ তামুলপুৰতো গৰমৰ প্ৰকোপত বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰী সকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে৷ আজি উৎকট গৰমৰ প্ৰকোপত তামুলপুৰৰ দুখন বিদ্যালয়ৰ ৩ গৰাকী ছাত্ৰী হঠাতে ঢলি পৰে৷ তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী নিলাক্ষী ভৌমিকে উৎকট গৰমৰ বাবে বিদ্যালয়তে ঢলি পৰে আৰু ইয়াৰ পিছতেই ততাতয়াকৈ বিদ্যালয়ৰ পৰা নীলাক্ষী ভৌমিকক তামোলপুৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয়৷ ইপিনে লতিবাৰী বালিকা মধ্য ইংৰাজী বিদ্যালয়তো দুগৰাকী ছাত্ৰী উৎকট গৰমৰ বাবে বিদ্যালয়তে ঢলি পৰে৷ লতিবাৰী বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী পপীয়া দাস আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী পিংকি দাস বিদ্যালয়তে ঢলি পৰে৷ ছাত্ৰী দুগৰাকীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাত প্ৰথমতে কিছু সুস্থ হয় যদিও পৰৱৰ্তী সময়ত পপীয়া দাস নামৰ ছাত্ৰী গৰাকীৰ স্বাস্থ্য অধিক অৱনতি হোৱাত তামোলপুৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয়৷
‘আমাৰ অসম’ৰ মৰিগাঁৱৰ প্ৰতিনিধিঃ প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলা প্ৰশাসনে ১১ জুনৰ পৰা বলৱৎ হোৱাকৈ জিলাখনৰ সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পাঠদানৰ সময় পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ কৰাৰ নিৰ্দেশ দিছে৷ সেই অনুসৰি নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সময় পুৱা ৭.৩০ বজাৰ পৰা ১১.৩০ বজালৈ, উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সময় পুৱা ৭.৩০ বজাৰ পৰা ১২.০০ বজালৈ আৰু মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সময় ৭.৩০ বজাৰ পৰা ১২.৩০ বজালৈ নিৰ্ধাৰণ কৰা হৈছে৷ বিদ্যালয়ৰ প্ৰাতঃসভা শ্ৰেণীকোঠাৰ ভিতৰত বা চালিৰ তলত অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়া হৈছে৷ লগতে বিদ্যালয় চৌহদত পৰ্যাপ্ত খোৱাপানীৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে৷ নিৰ্দেশনাটোত লগতে কোৱা হৈছে যে সংশ্লিষ্ট বিদ্যালয় সমূহৰ বৈদ্যুতিক পাংখাসমূহ কাৰ্যক্ষম হৈ থাকিব লাগিব আৰু বতাহ অহা-যোৱা কৰাৰ পৰ্যাপ্ত পথ থাকিব লাগিব৷
‘আমাৰ অসম’ৰ বজালীৰ প্ৰতিবেদকঃ গ্ৰীষ্মপ্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ বজালী জিলাৰ চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয়ৰে পাঠদানৰ সময়সূচী সলনি কৰা হৈছে৷ বজালী জিলা আয়ুক্ত মৃদুল কুমাৰ দাসৰ নিৰ্দেশৰ পাছতে আজি বৰপেটা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকা স্বাক্ষৰিত এক নিৰ্দেশনাযোগে ১১ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা ৭-৩০ বজাৰ পৰা ১১-৩০ বজালৈ, মাধ্যমিক বিদ্যালয়সমূহৰ পাঠদান অৰ্থাৎ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ পুৱা ৭-৩০ বজাৰ পৰা ১২ বজালৈ আৰু হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ অৰ্থাৎ নৱম, দশম একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান পুৱা ৭-৩০ বজাৰ পৰা ১২-৩০ বজালৈ হ’ব৷
‘আমাৰ অসম’ৰ বঙাইগাঁৱৰ প্ৰতিনিধিঃ যোৱা কেইদিনমান ধৰি প্ৰখৰ ৰ’দ দি থকা বাবে উৎকট গৰম পৰিৱেশৰ সৃষ্টি হৈছে৷ আৰু সেয়েহে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ কথা চিন্তা কৰি বঙাইগাঁও জিলাৰ জিলা আয়ুক্তৰ অনুমোদন সাপেক্ষে জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক পল্লবী মেধিৰ এক নিৰ্দেশনামৰ্মে বিদ্যালয়সমূহৰ শিক্ষাদানৰ সময়সূচী কিছু সলনি কৰা হৈছে৷ নতুন সময়সূচী অনুসৰি নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীলৈকে বিদ্যালয়ৰ শিক্ষাদানৰ সময় পুৱা ৭-৩০ বজাৰ পৰা পুৱা ১১-৩০ বজালৈকে নিৰ্ধাৰণ কৰা হৈছে৷ তেনেদৰে উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাদানৰ সময় ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পাঠদানৰ সময় পুৱা ৭-৩০ বজাৰ পৰা দুপৰীয়া ১২-০০ বজালৈকে আৰু মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদানৰ সময় পুৱা ৭-৩০ বজাৰ পৰা দিনৰ ১২-৩০ বজালৈকে নিৰ্ধাৰণ কৰা হৈছে৷ এই নিৰ্দেশনা চৰকাৰী, প্ৰাদেশিকৃত আৰু ব্যক্তিগত খণ্ডৰ সকলো বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব৷
‘আমাৰ অসম’ৰ মঙলদৈৰ প্ৰতিবেদকঃ বিগত কিছুমান ধৰি প্ৰখৰ ৰ’দ দি থকাৰ লগতে ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি পোৱা উৎকত গৰমে বিশেষকৈ ছাত্ৰ-ছাত্ৰী সকলক বাৰুকৈয়ে অসুবিধাত পেলাইছে৷ ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ্থে দৰং জিলা প্ৰশাসনে জিলাখনৰ অন্তৰ্গত চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ সময়সূচী সাময়িকভাবে সালসলনি কৰিছে৷ দৰং জিলা আয়ুক্তৰ এক নিৰ্দেশনা অনুসৰি নিম্ন প্ৰাথমিক বিদ্যালয় সমূহ পুৱা ৭-৩০ বজাৰ পৰা দিনৰ ১১-৩০ বজালৈ, উচ্চ প্ৰাথমিক বিদ্যালয় পুৱা ৭-৩০ বজাৰ পৰা দুপৰীয়া ১২-০০ বজালৈ আৰু মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহ পুৱা ৭-৩০ বজাৰ পৰা দুপৰীয়া ১২-৩০ বজালৈ পাঠদান হ’ব৷ আনহাতে সকলো প্ৰতিষ্ঠানৰ মুৰব্বীক প্ৰাতঃ সভা শ্ৰেণীকোঠা বা ছাঁয়াময় অঞ্চলৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ আৰু বাহিৰৰ কাম-কাজৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিয়া হৈছে৷ বিদ্যালয়ৰ মধ্যাহ্ন ভোজন গাইডলাইন অনুসৰি নিয়মিতভাৱে আৰু বিদ্যালয়ৰ সময়ত সুবিধাজনকভাবে পৰিবেশন কৰিব লাগিব বুলিও নিৰ্দেশনাটোত উল্লেখ কৰিছে৷
‘আমাৰ অসমৰ, তেজপুৰৰ, ষ্টাফ ৰিপ’টাৰঃ উৎকট গৰমে দহিছে ৰাজ্য৷ প্ৰখৰ ৰ’দ আৰু প্ৰচণ্ড গৰমৰ পৰিপ্ৰেক্ষিতত কন কন শিক্ষাৰ্থী সকলৰ স্বাস্থ্য সুৰক্ষাৰ বাবে শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে এক নিৰ্দেশনাৰ জৰিয়তে সকলো জিলা আয়ুক্তক বিদ্যালয় সময়সূচী আগুৱাই আনিবলৈ নিৰ্দেশনা জাৰি কৰাৰ পিছত ৰাজ্যখনৰ আন কেতবোৰ জিলাৰ লগতে শোণিতপুৰ জিলা প্ৰশাসনেও এক নিৰ্দেশনাৰ জৰিয়তে তাৎক্ষণিক ভাৱে কাৰ্যকৰী হোৱাকৈ জিলাখনৰ চৰকাৰী -বেচৰকাৰী সকলো বিদ্যালয় তথা শিক্ষানুষ্ঠানৰ সূচী সলনি কৰি পুৱা ৭.৩০ বজাৰ পৰা বিদ্যালয় সমূহ আৰম্ভ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে৷ সেই অনুসৰি কাইলৈৰ পৰা নিম্ন প্ৰাথমিক বিদ্যালয় সমূহ ৭ -৩০ বজাৰ পৰা ১১ -৩০ বজালৈ, উচ্চ প্ৰাথমিক বিদ্যালয় সমূহ পুৱা ৭ ৩০ বজাৰ পৰা ১২ বজালৈ আৰু মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহ পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈ ১২ -৩০ বজালৈকে চলিবলৈ নিৰ্দেশনাটোত উল্লেখ কৰিছে জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে৷
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়াঃ বদ্ধিৰ্ত গ্ৰীষ্ম প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া জিলাতো বিদ্যালয় সমূহৰ পাঠদানৰ সময়সূচী কিছু সাল-সলনি কৰা হৈছে৷ সেই অনুসৰি ১১ জুনৰ পৰা ১৪ জুনলৈ সকলো বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭.৩০ বজালৈ আগুৱাই অনা হৈছে৷ প্ৰাথমিক বিদ্যালয়ৰ ছুটিৰ সময় দিনৰ ১২ বজা, মজলীয়া বিদ্যালয়ৰ ছুটিৰ সময় দিনৰ ১২.৩০ বজা আৰু উচ্চ তথা উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ছুটিৰ সময় দিনৰ ১.১৫ বজা ধাৰ্য্য কৰা হৈছে৷ বিদ্যালয়ৰ প্ৰাতঃ সমাবেশ মুকলিৰ পৰিবৰ্তে ছাঁ থকা ঠাইত অনুষ্ঠিত কৰিবলৈকো সকলো বিদ্যালয় প্ৰধানলৈ তিনিচুকীয়া জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে নিৰ্দেশনা জাৰী কৰিছে৷ তদুপৰি বাহিৰা খেল-ধেমালি আদি কাৰ্যসূচী সদ্যহতে অনুষ্ঠিত নকৰিবলৈ কোৱা হৈছে৷
‘আমাৰ অসম’ৰ নলবাৰীৰ বিশেষ প্ৰতিনিধিঃ অতিপাত গ্ৰীষ্ম প্ৰৱাহৰ বাবে ৰাজ্যখনৰ অন্য জিলাৰ লগতে নলবাৰী জিলাৰ বিদ্যালয় সমূহৰো পাঠদানৰ সময়সূচী সলনি কৰা হৈছে৷ জিলা প্ৰশাসনে আজি সন্ধিয়া জাৰি কৰা নিৰ্দেশ অনুসৰি এল পি স্কুলৰ পাঠদানৰ সময় ৭.৩০ বজাৰ পৰা ১১.৩০ বজালৈ, এম ই স্কুলৰ সময়সূচী ৭.৩০ বজাৰ পৰা ১২.০০ বজালৈ আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিক স্কুলৰ সময়সূচী হৈছে ৭.৩০ বজাৰ পৰা ১২.৩০ লৈ৷ বিদ্যালয়সমূহক শ্ৰেণীকক্ষতে প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰিবলৈও নিৰ্দেশনা দিয়া হৈছে৷