Logo
image

সংসদীয় ভাষ্য, ৰাজহুৱা ভাষ্য একাকাৰ! গৌৰৱ ক্ষুণ্ণ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ জুনঃ   সন্মুখত বিধানসভাৰ নিৰ্বাচন৷ তাৰ পূৰ্বে অনুষ্ঠিত হ’ব বিটিআৰ নিৰ্বাচন৷ সেয়ে বিগত নিৰ্বাচনসমূহত সদ্য বিদায়ী সভাপতি ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছ দলে প্ৰদৰ্শন কৰা শোচনীয় পৰাজয়ৰ গ্লানিৰ পৰা উদ্ধাৰৰ বাবে যেন সৰ্বশক্তিৰে যুদ্ধক্ষেত্ৰত নামি পৰিছে প্ৰদেশ কংগ্ৰেছৰ নবনিযুক্ত সভাপতি গৌৰৱ গগৈ৷ আৰু ইয়াৰ অংশ হিচাপে ৰাজীৱ ভৱনত অংশ লৈছে ইখনৰ পাছত সিখনকৈ বৈঠকত৷ মঙলবাৰৰ দিনটোত সভাপতি গগৈয়ে ৭খনকৈ বৈঠকত অংশ লয়৷ পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা বৈঠকৰ পৰিক্ৰমা নিশা ৭বজালৈ অব্যাহত থাকে৷ আজি পুৱা ১০ বজাত সভাপতি গগৈয়ে দলৰ  অ’বিচি বিভাগৰ বিষয়ববীয়াৰে বৈঠকত মিলিত হয়৷ ৰ ঘণ্টাৰো অধিক সময় ধৰি চলে এই বৈঠক৷ ইয়াৰ পাছতে তেওঁ ক্ৰমে দলৰ সাহাৰ্য আৰুপুনৰ সংস্থাপন বিভাগ, অনুসূচিত জাতি বিভাগ, মৎস্যজীৱী বিভাগ, ভাষিক সংখ্যালঘু বিভাগ, গোৰ্খা চেল আৰু শেষত আদিবাসী জনগোষ্ঠীৰ নেতৃস্থানীয় লোকৰ সৈতে মাৰাথান বৈঠকত মিলিত হয়৷ সোমবাৰেও সভাপতি গগৈয়ে দলৰ বিভিন্ন বিভাগৰ সৈতে বৈঠকত মিলিত হোৱাৰ উপৰি অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশনতো দৰ্শনাৰ্থী হিচাপে উপস্থিত থাকে৷ গৌৰৱ গগৈ বিধানসভাৰ অধ্যক্ষৰ গেলাৰীত বহি থকাৰ সময়তে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, বিদেশী বিতাড়ন, নাগৰিকত্ব আদি বিষয়ক লৈ শাসক-বিৰোধীৰ মাজত তীব্ৰ বাক-বিতণ্ডা চলে৷ শাসকীয় দলৰ হৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ মজিয়াত যুদ্ধংদেহী স্থিতি গ্ৰহণৰ সমান্তৰালভাৱে গৌৰৱ গগৈৰ নাম উল্লেখ নকৰাকৈ তেওঁৰ পৰিয়ালৰ সদস্যৰ নাগৰিকত্বৰ বিষয়টোক লৈ কটাক্ষ কৰে৷ কংগ্ৰেছ আৰু এআইইউডিএফৰ সৈতে মুখ্যমন্ত্ৰীয়ে সদনৰ ভিতৰত তীব্ৰ তৰ্কযুদ্ধতো লিপ্ত হয়৷ অথচ ড॰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে তেওঁক সন্মান জনাবলৈ মূলতঃ আহ৩ান কৰা হৈছিল এই বিশেষ অধিৱেশন৷ সভাপতি গগৈয়ে সদনৰ ভিতৰত প্ৰত্যক্ষ কৰা পৰিস্থিতিক লৈ আজি ক্ষোভ প্ৰকাশ কৰি কয়– পবিত্ৰ বিধানসভাৰ মজিয়াত কথা কোৱা আৰু দলীয় ৰাজনৈতিক ৰাজহুৱা সভাত ভাষণ দিয়াৰ মাজত যথেষ্ট পাৰ্থক্য আছে৷ পবিত্ৰ সদনৰ মজিয়াত আমি জন প্ৰতিনিধি সকলে টুলুঙা ৰাজনৈতিক মন্তব্য কৰিলে শোভা নাপায়৷ আমি বহু কথাই ৰাজনৈতিক মঞ্চত বা নিৰ্বাচনী সভাত ক’ব পাৰো৷ কিন্তু সদনৰ এক সুকীয়া মৰ্যাদা আৰু গৰিমা আছে৷ পবিত্ৰ সদনৰ ভিতৰত ঠেক গণ্ডীৰ ৰাজনৈতিক চিন্তাধাৰাৰে নহয়, সদনৰ ভিতৰত সংবিধান অনুসৰি কথা কোৱা উচিত৷ যিসকলে সাংবিধানিক পদত অধিষ্ঠিত হৈ আছে তেওঁলোকৰ ওপৰত দায়িত্ব আৰু অধিক৷  কিন্তু কালি মই দেখা পালো যে কিছু লোক ৰাজনৈতিক দলৰ নিৰ্বাচনী সভা আৰু পবিত্ৰ বিধানসভা সদনৰ মজিয়াৰ মাজত থকা পাৰ্থক্য যেন বুজিব পৰা নাই! হয়তো তেওঁলোকে ভাবিছে যে এইয়া পবিত্ৰ সদনৰ মজিয়া নহয়, কোনোবা দলীয় নিৰ্বাচনী সভা বা দলীয় সভাত হে ভাষণ দি আছে৷ সেইকাৰণে তেওঁলোকে কিছুমান কথা কৈ আছে৷ পবিত্ৰ সদনৰ আৰু সাংবিধানিক আসনৰ সদায়েই এক সুকীয়া পদমৰ্য্যদা আৰু গাম্ভীৰ্যতা থাকে৷ তেওঁলোকে হয়তো ইয়াক হৃদয়ংগম কৰিবলৈ সক্ষম হোৱা নাই৷ মই নিজেও লোকসভাত বিৰোধী দলৰ উপ-দলপতি৷ এইক্ষেত্ৰত লোকসভাৰ পবিত্ৰ সদনৰ মজিয়াৰ মোৰো অনুভৱ আছে৷ লোকসভাত কেন্দ্ৰীয় চৰকাৰৰ বহু জ্যেষ্ঠ মন্ত্ৰী বিজেপি দলৰ জ্যেষ্ঠ দলীয় নেতাও৷ তেওঁলোকে কিন্তু দলীয় সভা বা নিৰ্বাচনী সভাত দিয়া সকলো মন্তব্য লোকসভাৰ সদনৰ মজিয়াত আহি নকয়৷ তেওঁলোকে সদনৰ গৰিমা, মৰ্য্যাদা আৰু গাম্ভীৰ্যতা বুজি পায়৷ মোৰ দুখ লাগে যে অসমৰ কিছু লোক আছে যিসকলে এই পাৰ্থক্য বুজি নাপায়৷ ই সংসদীয় গণতান্ত্ৰিক পৰম্পৰাৰ বাবে বৰ দুৰ্ভাগ্যজনক৷ 


প্ৰকৃতাৰ্থত ‘জাতি জনগণনা’ কৰিবলৈ চৰকাৰক আহ্বান গৌৰৱৰ

‘জাতি জনগণনা’ সন্দৰ্ভত অসম চৰকাৰক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবৰ বাবে আজি আহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে৷ জাতি জনগণনা প্ৰক্ৰিয়াৰ জৰিয়তে অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকল উপকৃত হ’ব আৰু সা-সুবিধা লাভ কৰিব বুলি উল্লেখ কৰি সভাপতি গৌৰৱ গগৈয়ে কয় যে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে জাতি জনগণনা প্ৰক্ৰিয়া আৰম্ভ কৰিবৰ বাবে দীৰ্ঘদিন ধৰি হেঁচা প্ৰয়োগ কৰা বাবে কেন্দ্ৰীয় চৰকাৰে এতিয়া জাতি জনগণনাৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে৷ অসম চৰকাৰক জাতি জনগণনা প্ৰক্ৰিয়াক ব্যৱহাৰিক অৰ্থত কৰিব লাগে৷ জাতি জনগণনা প্ৰক্ৰিয়া আমোলাতান্ত্ৰিক ব্যৱস্থাৰ মাজতেই সীমাৱদ্ধ থাকিব নালাগে৷ অসমৰ বিভিন্ন জনগোষ্ঠীৰ লগতে সংখ্যালঘু সম্প্ৰদায় বিশেষকৈ গৰীয়া, মৰিয়া, দেশী আদি জাতিৰ লোকপিয়ল হোৱাতো আমি বিচাৰিছো আৰু কংগ্ৰেছ দলে আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মাজলৈ গৈ প্ৰকৃতাৰ্থত যাতে জাতিজনগণনা হয় তাৰ বাবে কাম কৰিব৷  অসম প্ৰদেশ কংগ্ৰেছৰ জাতি-জনগোষ্ঠীৰ মাজত যিসমূহ শাখা সমিতি আছে সেই সমিতিসমূহৰ ক্ষেত্ৰভিত্তিক প্ৰতিবেদনৰ ভিত্তিত কংগ্ৰেছ দলে এক নীতি-নিৰ্দেশনা প্ৰস্তুত কৰাৰ বাবেও চিন্তা-চৰ্চা কৰিছো৷