Logo
image

মোদীক সাক্ষাৎ কৰাৰ পূৰ্বে ক’ভিড পৰীক্ষা হ’ব মন্ত্ৰীৰো

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১১ জুনঃ  দেশত দ্ৰুতগতিত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাত শংকিত হৈছে মোদী চৰকাৰ৷ ক’ভিড সংক্ৰমিতৰ সংখ্যা দেশত ৭,০০০ জনলৈ বৃদ্ধি পাইছে আৰু বিগত ২৪ ঘণ্টাত ক’ভিডত মৃত্যুৰ সংখ্যা ৬ জন হৈছে৷ এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিবলগীয়া কেন্দ্ৰীয় মন্ত্ৰীৰো ক’ভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে৷ আজি বুধবাৰে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এখন বৈঠকত মিলিত হ’বলগীয়া ৭০ জন মন্ত্ৰী-সাংসদ-বিধায়ক-মুখ্যমন্ত্ৰীক বৈঠকৰ পূৰ্বে আৰটি-পিচিআৰ পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়াত  এই কথা নিশ্চিত হৈছে৷   বুধবাৰে বিয়লিৰ পৰা সন্ধিয়াৰ ভিতৰত দিল্লীৰ মুখ্যমন্ত্ৰী, সাতজন সাংসদ আৰু ৬২ জন বিধায়ককে ধৰি মুঠ ৭০ জন বিজেপিৰ নেতা-মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ কাৰ্যসূচী আছিল৷ তেওঁলোকক সাক্ষাতৰ পূৰ্বে পিএমঅ’ৰ পৰা ক’ভিডৰ আৰটি-পিচিআৰ পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে৷ 


আনহাতে, বুধবাৰে কেৰালা, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত ক’ভিডত আক্ৰান্ত ৬ জনে প্ৰাণ হেৰুৱাইছে৷ বিগত ২৪ ঘণ্টাত দেশত ৩০৬ জন নতুনকৈ ক’ভিডত সংক্ৰমিত হৈছে৷ সৰ্বাধিক ১৭০ জন সংক্ৰমিত হৈছে কেৰালাত৷ গুজৰাটত ১১৪ জন নতুনকৈ সংক্ৰমিত হৈছে৷