Logo
image

আকাশমাৰ্গ নিষিদ্ধ, ভাৰতৰ সৈতে বিমান চলাচল ব্যাহত

নতুন দিল্লী, ১৩ জুনঃ   ইৰান-ইজৰাইলৰ  মাজত চলি থকা সংঘাতৰ ফলত সমগ্ৰ বিশ্বজুৰি বিমান সেৱা ব্যাহত হৈ পৰিছে৷ ভাৰতৰো বহু বিমানৰ চলাচল বিঘ্নিত হৈছে৷ উল্লেখ্য যে শেহতীয়াকৈ ইৰানে দেশখনৰ আকাশ সীমা বন্ধ ৰাখিছে৷ আনহাতে ইৰানৰ ওপৰত ইজৰাইলে বিমান আক্ৰমণ কৰাৰ পাছতে চুবুৰীয়া দেশ ইৰাক আৰু জৰ্দানেও তেওঁলোকৰ আকাশ সীমা বন্ধ ৰখাৰ ঘোষণা কৰিছে৷ এনে ক্ষেত্ৰত এই দেশ দুখনৰ আকাশ পথ ব্যৱহাৰ কৰি কোনো বিমান গন্তব্য স্থানলৈ যাব পৰা নাই৷ ইৰান, ইৰাক আৰু জৰ্দানৰ আকাশ পথ বন্ধ ৰখাৰ ফলত এতিয়া ব্যাহত হৈ পৰিছে বিশ্বৰ বিভিন্ন দেশৰ বিমান সেৱা৷ উল্লেখ্য যে ইৰানৰ সীমান্তৱৰ্তী পূব-ইৰাক হৈছে বিশ্বৰ অন্যতম এয়াৰ কৰিডৰ৷ এই আকাশ পথ ব্যৱহাৰ কৰিয়েই পশ্চিমৰ যি কোনো দেশ বা ইউৰোপলৈ যায় এছিয়াৰ  দেশসমূহৰ বিমান৷


উভতি অহাৰ পথতো এইটো কৰিডৰকে বিমান সমূহে ব্যৱহাৰ কৰিব লাগে৷ এই গুৰুত্বপূৰ্ণ ‘এয়াৰ কৰিড’ৰটো বন্ধ ৰখাত এতিয়া গন্তব্য স্থানলৈ যাব পৰা নাই বিমানসমূহ৷ যাৰ বাবে আজি পুৱা মুম্বাইৰ পৰা লণ্ডন অভিমুখে উৰা মৰা এয়াৰ ইণ্ডিয়াৰ এখন বিমান তিনি ঘণ্টা আকাশত থাকি পুনৰ মুম্বাইলৈ উভতি আহিব লগা হয়৷ উল্লেখ্য যে এয়াৰ ইণ্ডিয়াৰ ইউৰোপগামী বিমানসমূহে পশ্চিম এছিয়াৰ এই বহুল প্ৰচলিত আৰু জনপ্ৰিয় কৰিডৰটোৰে যাতায়াত কৰে৷ কিন্তু ইৰানে ইজৰাইলে কৰা বিমান আক্ৰমণৰ পৰিপ্ৰেক্ষিতত এই কৰিডৰ বন্ধ ৰখাত বিকল্প পথ ব্যৱহাৰ কৰিবলগীয়া হৈছে৷ ফলত বিমানৰ ইন্ধন ব্যয় বৃদ্ধি পোৱাৰ লগতে বিমান যাত্ৰা দীঘলীয়া হৈ পৰিছে৷ এনে পৰিস্থিতিত এয়াৰ ইণ্ডিয়াই ১৬ খন বিমানৰ যাত্ৰা পথ সলনি কৰাৰ লগতে ভালে কেইখন বিমান আধাবাটৰ পৰাই ওভতাই আনিছে৷ ফলত বিমান যাত্ৰীসকল সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে৷