Logo
image

দুই শতাধিক কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন

'আমাৰ অসম'ৰ বিহালীৰ প্ৰতিবেদক, ১৪ জুনঃ  বিহালীৰ বৰগাংস্হিত শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত সদৌ বিশ্বনাথ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই আয়োজন কৰা 'আলোকৰ যাত্ৰা' শীৰ্ষক 'বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠানত' হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিশ্বনাথ জিলা তথা স্ব-জাতি আৰু সমাজৰ বাবে গৌৰৱ কঢ়িয়াই অনাৰ লগতে যি কৃতিত্ব অৰ্জন কৰিলে তাৰ বাবে কৃতি ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰে।  উল্লেখযোগ্য যে সদৌ বিশ্বনাথ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তুলতুল দাসে আঁত ধৰা সভাৰ সভাপতিত্ব কৰে সমাজকৰ্মী অজিত মুদৈ আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক তুলতুল দাসে।


এই 'আলোকৰ যাত্ৰা' শীৰ্ষক 'বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠানত' মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ গণশিল্পী মহেন্দ্ৰ হাজৰিকাৰ লগতে সভাত উপস্থিত থাকে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দেৱ কুমাৰ দাস, সদৌ বিশ্বনাথ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি নিলোৎপল দাস, বিহালী সমজিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, বিহালীৰ খন্ড প্ৰাথমিক শিক্ষা বিষয়া মিলন দাস, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা কবি-সাহিত্যিক কুঞ্জ হাজৰিকা, সমাজকৰ্মী তথা উদ্যোগপতি লক্ষী ভৰালী, সমাজকৰ্মী তথা ধৰ্মপ্ৰাণ ব্যক্তি বিপ্লৱ দাস, নদুৱাৰ সমষ্টিৰ উদ্যোগপতি তথা সমাজকৰ্মী সূৰ্য্য দাস, সমাজকৰ্মী লক্ষণ ৰয়, অধ্যাপক মদন সেন, সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দ্বীপজ্যোতি হাজৰিকা, আদিবাসী ছাত্ৰ সন্থাৰ নেতা পৱন বাউৰী, প্ৰাক্তন ছাত্ৰ নেতা মানসজ্যোতি দাস, বিশ্বনাথ জিলা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মিন্টু বৰা,  উচ্চ শিক্ষিত উদীয়মান যুৱক ৰিতুৰাজ দুৱৰা আদি উপস্থিত থাকি সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা আৰু উদগণিমূলক বক্তব্য দাঙি ধৰে। উক্ত সভাত আমন্ত্ৰণক্ৰমে-বিহালীৰ জ্যেষ্ঠ সাংবাদিক অমিতাভ বৰুৱা, খগেন মটক, দিগন্ত শইকীয়া, যুৱ সাংবাদিক সুৰেশ বৰা, পলাশপ্ৰিম দাস, কৰণ শইকীয়া আদি উপস্থিত থাকে। উল্লেখ্য যে সভাত প্ৰায় দুই শতাধিক কৃতি ছাত্ৰ-ছাত্ৰীক একোখনকৈ ফুলাম গামোচা,অভিনন্দন পত্ৰ প্ৰদানেৰে শুভেচ্ছা জ্ঞাপন কৰে। আনহাতে সদৌ শেষত সভাৰ সভাপতি অজিত মুদৈয়ে বক্তব্য দাঙি ধৰে আৰু জিলাৰ সাধাৰণ সম্পাদক তুলতুল দাসে শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানৰ অন্ত পৰে।