Logo
image

‘আইৰন ডোম’ ভেদি তেল আভিভত ইৰানৰ ক্ষেপণাস্ত্ৰ বৰ্ষণ

নতুন দিল্লী, ১৪ জুনঃ   ক্ৰমাৎ ইৰান-ইজৰাইলৰ যুদ্ধই ভয়াৱহ ৰূপ লোৱা আৰম্ভ কৰিছে৷ ইৰানত বৃহস্পতিবাৰে নিশা ইজৰাইলে চলোৱা বিমান আক্ৰমণৰ পাছত ইৰানে প্ৰত্যাক্ৰমণ কৰা আৰম্ভ কৰিছে৷ সেই অনুসৰি শুকুৰবাৰে ইৰানে ইজৰাইলৰ আকাশ প্ৰতিৰক্ষা ব্যৱস্থা ‘আয়ৰণ ডোম’ ভেদ কৰি ধাৰাবাহিক আ*ক্ৰ*মণ চলায়৷  এই আ*ক্ৰ*মণেৰে ইৰানে ইজৰাইলৰ ‘গৰ্ব’ত আঘাত হনা বুলি বিবেচিত হৈছে৷ শুকুৰবাৰে মাজনিশাৰ পৰা চলোৱা এই আক্ৰমণত ইজৰাইলৰ গুৰুত্বপূৰ্ণ চহৰ তেল আভিভৰ বিস্তৰ ক্ষয়-ক্ষতি হয়৷ তদুপৰি   এই আক্ৰ**মণত ইজৰাইলৰ কিৰইয়া, ৰমাতগান আৰু ৰিছন লেইজয়ন এলেকাত ক্ষেপণাস্ত্ৰই ভয়ংকৰ আঘাত হানে৷ মুহূৰ্তে মুহূৰ্তে আকাশ পোহৰাই লক্ষ্য বস্তুত আঘাত হানে ইৰানৰ ক্ষেপণাস্ত্ৰই ৷ ফলত কেইবাজনো লোকৰ প্ৰাণহানি হোৱাৰ লগতে অৰ্ধ শতাধিক আহত হয়৷ ইৰানে তেওঁলোকৰ এই অভিযানক ‘অপাৰেশ্বন ট্ৰ³ প্ৰমিছ-৩’ বুলি নাম দিছে৷ উল্লেখ্য যে কিৰইয়া অঞ্চলটো ইজৰাইলৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ কিয়নো এই অঞ্চলটোতে আছে ইজৰাইলৰ সেনা বাহিনী আই ডি এছৰ মুখ্য কাৰ্যালয়৷ শুকুৰবাৰে মাজনিশা ইজৰাইলী সেনাৰ এই মুখ্য কাৰ্যালয়ৰ নিচেই কাষতে আঘাত হানে ইৰাণি ক্ষেপণাস্ত্ৰই৷ তদুপৰি ৰমাতগান আৰু ৰিছন লেজিয়নতো ইৰানৰ ক্ষেপণাস্ত্ৰই কেইবাটাও অট্টালিকা সম্পূৰ্ণৰূপে ধবংস কৰে৷ ইজৰাইলী সেনাই দাবী কৰা মতে ইৰানে এই সময়ছোৱাত দুশৰো অধিক ক্ষেপণাস্ত্ৰৰে ইজৰাইলৰ ওপৰত আক্ৰমণ চলায়৷ ৬৮ মিনিটৰ ভিতৰত  ইৰানে চহৰকেইখনত নিক্ষেপ কৰে প্ৰায় এশটা বেলাষ্টিক ক্ষেপণাস্ত্ৰ৷ ইয়াৰ বিপৰীতে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্ৰ এ ছি ডিব্ৰিনে, ইৰানে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰসমূহ মাজ আকাশতে ধবংস কৰি দিয়া বুলি দাবী কৰিছে৷ ধবংস হোৱা ক্ষেপণাস্ত্ৰসমূহৰ অংশ উৰি অহাৰ ফলতে অট্টালিকাসমূহৰ ক্ষতি হোৱা বুলি তেওঁ কয়৷ উল্লেখ্য যে শনিবাৰে পুৱালৈকে ইজৰাইলৰ ওপৰত ইৰানৰ ধাৰাবাহিক আক্ৰমণ অব্যাহত থাকে৷ এই আক্ৰমণত ইৰানে বিশেষকৈ ইজৰাইলৰ উত্তৰাঞ্চলক লক্ষ্য কৰি লয়৷ ফলত পুৱাৰে পৰা উক্ত অঞ্চলত অবিৰাম এয়াৰ ছাইৰেন বাজি থাকে৷ ইজৰাইলৰ গোলান মালভূমিতো এয়াৰ ছাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে৷ শুকুৰবাৰে মাজনিশাৰ পৰা চলোৱা ইৰানৰ আক্ৰমণত তেলআভিভকে ধৰি কিৰইয়া, ৰমাতগান আৰু ৰিছন লেজিয়ন চহৰৰ আকাশ ঘনে ঘনে উজ্বলি উঠা দেখা যায়৷ ফলত অঞ্চলসমূহৰ বাসিন্দাসকল আতংকৰ মাজেৰে নিশাটো পাৰ কৰিবলগীয়া হয়৷ শনিবাৰে পুৱা উক্ত অঞ্চলৰ বাসিন্দাসকলক নিৰাপদ স্থানত আশ্ৰয় ল’বলৈ আহ৩ান জনায় স্থানীয় প্ৰশাসনে৷ শেহতীয়া বাতৰি মতে ইৰানৰ এই আক্ৰমণত ইজৰাইলেও প্ৰত্যুত্তৰ দিয়া আৰম্ভ কৰিছে বুলি দাবী কৰিছে ৰাষ্ট্ৰসংঘত থকা ইৰানৰ দূতে৷ তেওঁৰ মতে ইজৰাইলৰ আক্ৰমণত এই পৰ্যন্ত ৭৮ জনৰ মৃত্যু ঘটাৰ লগতে ৩ শতাধিক লোক আহত হৈছে৷

আমেৰিকা-ইংলেণ্ডক হস্তক্ষেপ নকৰিবলৈ সকীয়নি

ইজৰাইলৰ ওপৰত চলোৱা আক্ৰমণৰ পাছত এইবাৰ পশ্চিম এছিয়াত থকা আমেৰিকা, বৃটেইন আৰু ফ্ৰান্সৰ সামৰিক ঘাটি সমূহতো আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে ইৰানে৷ তদুপৰি ইজৰাইলৰ সৈতে হোৱা এই সংঘা*টত আমেৰিকা-ইংলেণ্ডত হস্তক্ষেপ নকৰিবলৈ সকীয়াই দিছে ইৰানে৷ আনহাতে, ইজৰাইলৰ ওপৰত আৰম্ভ কৰা প্ৰত্যাঘাত এতিয়াই যে বন্ধ কৰা নহয়, সেই বিষয়েও স্পষ্ট কৰি দিছে ইৰানে৷ তদুপৰি ইজৰাইলৰ বন্ধু ৰাষ্ট্ৰ আমেৰিকাকো সতৰ্ক হৈ থাকিবলৈও সকীয়াই দিয়ে ইৰানে৷ স্মৰ্তব্য যে শুকুৰবাৰে ইৰানৰ বৃহত্তম পৰমাণু কেন্দ্ৰক লক্ষ্য কৰি ইজৰাইলে আক্ৰমণ চলাইছিল৷ উক্ত আক্ৰমণত ইৰানৰ সেনা প্ৰধান মেজৰ জেনেৰেল মহম্মদ বাগেৰি, ইৰানৰ ৰিভলিউশ্যনাৰী গাৰ্ডৰ প্ৰধান কমাণ্ডাৰ জেনেৰেল হোছেন ছালামি আৰু ডেপুটী কমাণ্ডাৰ জেনেৰেল ঘোলামালি ৰছিদৰ মৃত্যু হয়৷ তদুপৰি ইজৰাইলৰ আক্ৰমণত নিহত হয় ইৰানৰ কেইবাজনো পৰমাণু বিজ্ঞানী৷ ইয়াৰ পাছতে শুকুৰবাৰে মাজনিশাৰ পৰা ইৰানে ইজৰাইলৰ ওপৰত প্ৰত্যাক্ৰমণ কৰা আৰম্ভ কৰিছে৷ শেহতীয়া বাতৰি মতে ইৰানৰ ওপৰত ইজৰাইেল কৰা আক্ৰমণৰ পাছত উপ-সাগৰীয় দেশসমূহত ইৰানে আক্ৰমণ চলোৱাৰ আশংকাত আমেৰিকাই পশ্চিম এছিয়াৰ দিশে যুদ্ধ জাহাজ আৰু সামৰিক সা-সৰঞ্জাম মোতায়েন কৰা আৰম্ভ কৰিছে৷ তদুপৰি মাৰ্কিন সৈন্য বাহিনীয়ে তেওঁলোকৰ ডেষ্ট্ৰ'য়াৰ যুদ্ধ জাহাজ ইউ এছ এছ থমাছ হাডনাৰ পূব ভূমধ্য সাগৰলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিছে৷  তদুপৰি আন এক ডেষ্ট্ৰ'য়াৰ যুদ্ধ জাহাজক সাজু হৈ থাকিবলৈ কৈছে, যাতে যিকোনো মুহূৰ্তত হোৱাইট হাউছে প্ৰয়োজন অনুসৰি পদক্ষেপ গ্ৰহণ কৰিব পাৰে৷ একেদৰে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আমেৰিকাৰ নিৰাপত্তা পৰিষদৰ মূৰব্বীসকলৰ সৈতে বৈঠকত মিলিত হৈ ইৰান- ইজৰাইলৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে৷ এনে অৱস্থাত ইৰান-ইজৰাইলৰ যুদ্ধই অধিক ভয়াৱহ ৰূপ লোৱাৰ আশংকাই গা কৰি উঠিছে৷


বিশ্বজুৰি দূতাবাস বন্ধ কৰিলে ইজৰাইলে, মোদীলৈ ফোন নেতান্যাহুৰ

নতুন দিল্লীঃ  ইৰানৰ সৈতে অব্যাহত থকা যুদ্ধ পৰিস্থিতিৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰিলে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুই৷ টেলিফোনিক এই বাৰ্তালাপত মোদীয়ে আঞ্চলিক শান্তি আৰু স্থিতাৱস্থাৰ প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব দিয়াৰ বাবে আহ৩ান জনায় নেতান্যাহুক৷ উল্লেখ্য যে বৃহস্পতিবাৰে ইৰানৰ পৰমাণু কেন্দ্ৰ, বেলাষ্টিক ক্ষেপণাস্ত্ৰ কাৰখানা আৰু সামৰিক ঘাটীসমূহত আক্ৰমণ চলায়৷ ইয়াৰ পাছতে ইৰান আৰু ইজৰাইলৰ সংঘাতে গুৰুতৰ ৰূপ ধাৰণ কৰে৷ এনে পৰিস্থিতিৰ মাজতে নেতান্যাহুই প্ৰধানমন্ত্ৰী মোদীলৈ ফোন কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে৷ এই সন্দৰ্ভত মোদীয়ে ছ’চিয়েল মিডিয়াত এই বুলি উল্লেখ কৰে যে– ‘মই ইৰান-ইজৰাইলৰ শেহতীয়া পৰিস্থিতিত ভাৰতৰ দৃষ্টিভংগী দাঙি ধৰিছোঁ৷ লগতে দুয়োখন দেশৰ মাজত শান্তি আৰু স্থিতাৱস্থা ওভতাই অনাৰ প্ৰয়োজনীয়তাৰ বিষয়টো উল্লেখ কৰিছোঁ৷ উল্লেখ্য যে, ইৰান-ইজৰাইলৰ সম্পৰ্কৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰাৰ সময়তে ভাৰতে নিজৰ স্থিতি স্পষ্ট কৰি দুয়োখন দেশক উচটনিমূলক পদক্ষেপ গ্ৰহণ নকৰিবলৈ আহ৩ান জনাইছিল৷ এনে পৰিস্থিতিত নেতান্যাহুই আন্তৰ্জাতিক মহলৰ সমৰ্থন লাভৰ বাবে বিভিন্ন বিশ্বনেতাৰ সৈতে যোগাযোগ আৰম্ভ কৰে৷ ইয়াৰ ভিতৰত আছে জাৰ্মান চেন্সেলৰ ফ্ৰিডৰিখ মেৰ্জ আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰো৷ অৱশ্যে এইপৰ্যন্ত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে যোগাযোগ কৰা নাই বুলি জানিব পৰা গৈছে৷ কিন্তু তাৰ মাজতে ট্ৰাম্পে ইৰানক আক্ৰমণৰ পৰা বিৰত থাকিবলৈ ভাবুকি দিয়া আৰম্ভ কৰিছে৷ ট্ৰাম্পে ইৰানক স্পষ্ট কৰি দিছে যে, আমেৰিকাই নিৰ্মাণ কৰা অস্ত্ৰ-শস্ত্ৰসমূহ পৃথিৱীৰ ভিতৰতে বিধবংসী বুলি সকলোৱে জানে৷ এনে অস্ত্ৰ-শস্ত্ৰৰ এটা অংশ ইজৰাইলৰ হাতত আছে৷ গতিকে এতিয়াই ইৰানে এক চুক্তিত উপনীত হোৱা উচিত৷ অন্যথা পৰিণতি ভয়ংকৰ হ’ব৷ ট্ৰাম্পৰ এই সকীয়নিৰ পাছত ইৰান ইজৰাইলৰ বিৰুদ্ধে অধিক প্ৰতিশোধপৰায়ণ হৈ পৰা দেখা গৈছে৷ আনহাতে, ইজৰাইলে তেওঁলোকৰ বিভিন্ন দেশত থকা দূতাবাসসমূহ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইৰানে এই দূতাৱাসসমূহত আক্ৰমণ চলোৱাৰ আশংকা কৰিয়েই নেতান্যাহুই এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে৷