
এঘণ্টা জেৰাৰ পাছত অজিত ভূঞাক মুক্তি, তলব নহ’ল উপায়ুক্ত
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৬ জুনঃ সাংসদ পুঁজিৰ কেলেংকাৰিৰ গোচৰত অৱশেষত জেৰাৰ সন্মুখীন হ’ল সাংসদ অজিত কুমাৰ ভূঞা৷ মুখ্যমন্ত্ৰীৰ নিৰীক্ষণ কোষে সোমবাৰে প্ৰায় এঘণ্টাজোৰা জেৰা কৰে সাংসদ ভূঞাক৷ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ ধন ঠিকাদাৰে কাম নকৰাকৈ উলিয়াই নিবলৈ সক্ষম হোৱা ঘটনাক লৈ ২০২৩ চনত চিএম ভিজিলেঞ্চে ২/২০২৩ নম্বৰৰ গোচৰ ৰুজু কৰি ১৪জনক অভিযুক্ত কৰিছিল৷ এই গোচৰটোত ভিজিলেঞ্চে কামৰূপ মহানগৰ জিলাৰ তদানীন্তন অতিৰিক্ত উপায়ুক্ত সুকন্যা দাসক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে জেৰাৰ সন্মুখীন হৈছিল এচিএছ বিষয়া শৰ্মিষ্ঠা বৰা, হেমন্ত কুমাৰ দত্ত আৰু মুনীন্দ্ৰ বৰদলৈৰ লগতে ঠিকাদাৰ অৰূপ কলিতা৷ অভিযুক্ত এচিএছ বিষয়া শৰ্মিষ্ঠ বৰাক চৰকাৰে শেহতীয়াকৈ চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সমান্তৰালভাৱে এচিএছ হেমন্ত কুমাৰ দত্ত, মুনীন্দ্ৰ বৰদলৈ আৰু সুকন্যা বৰাক নিলম্বন কৰিছে৷ ইয়াৰ মাজতে তদন্তকাৰী আৰক্ষীয়ে সোমবাৰে সাংসদ অজিত কুমাৰ ভূঞাক জেৰা কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷ প্ৰায় এঘণ্টাজোৰা জেৰাৰ অন্তত তদন্তকাৰী বিষয়াই যাবলৈ দিয়ে সাংসদজনক৷ ইফালে, দিনৰ ১১ বজাত চিএম ভিজিলেঞ্চৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ সময়ত সাংসদ অজিত কুমাৰ ভূঞাক সংগ দিয়ে এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈৰ লগতে ৰাইজৰ দল, চিপিআই, চিপিআই[এম]ৰ কেইবাজনো নেতাই৷ ইপিনে, দুবছৰৰ মূৰত চিএম ভিজিলেঞ্চে জেৰা কৰাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে অজিত ভূঞাই৷ সাংসদ পুঁজিৰ ধনৰ ব্যয়ৰ তদাৰকৰ দায়িত্ব জিলা উপায়ুক্তৰ হাতত থাকে বুলি কৈ তদানীন্তন কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা তদন্তৰ আওতালৈ নহাক লৈয়ো প্ৰশ্ন উত্থাপন কৰে সাংসদ ভূঞাই৷ বিৰোধীৰ মুখ বন্ধ কৰিবলৈ চৰকাৰে এনে ষড়যন্ত্ৰ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ সম্পত্তিৰ তদন্ত কেতিয়া হ’ব বুলিও প্ৰশ্ন কৰে অজিত ভূঞাই৷ সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত অজিত কুমাৰ ভূঞাই কয়– ‘২০২২ চনৰ সাংসদ পুঁজিক লৈ কেলেংকাৰি হোৱা বুলি যথেষ্ট হুলস্থূল হৈছিল৷ তেতিয়া মই চৰকাৰক প্ৰত্যাহ্বান জনাইছিলোঁ৷ তাৰ পৰৱৰ্তী পৰ্যায়ত মই কৈছিলোঁ যে এনেকুৱা অনুসন্ধান হ’লে মই তাত সমৰ্থন জনাম, সহযোগিতা কৰিম৷ কালি হঠাতে এখন চমন গ’ল, আজি হাজিৰ হ’ব লাগে৷ সেয়ে আজি মই আহিছোঁ৷ অকলে যুঁজ দিয়া মানুহ মই৷ এজন সাংসদ কেতিয়াও এইবিলাকৰ আওতাত নপৰে৷ কিমান বিজেপি সাংসদৰ খবৰ বাতৰি কাকতত ওলাইছে, তেওঁলোকৰ কাম-কাজৰ গণ্ডগোলৰ কথা ওলাইছে৷ সেইবোৰত তেওঁলোকৰ কোনো কথা নাই, কিন্তু অজিত ভূঞাই একমাত্ৰ ডাঙৰ কেলেংকাৰি কৰিছে৷’ লক্ষণীয়ভাৱে সাংসদ অজিত ভূঞাই কেলেংকাৰিৰ গোচৰটোক লৈ কৰা মুকলি অভিযোগৰ পাছতেই কামৰূপ মহানগৰ জিলাৰ তদানীন্তন উপায়ুক্ত পল্লৱ গোপাল ঝাও তদন্তৰ আওতালৈ আহিব নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ কিয়নো সাংসদজনে স্পষ্ট কৰি দিছে যে সাংসদে কেৱল পথ নিৰ্মাণৰ পুঁজিৰ অনুমোদনহে জনায়৷ পুঁজি ব্যৱহাৰৰ সকলো দায়িত্ব পালন কৰে জিলাৰ মুৰব্বীয়ে৷ জিলা মুৰব্বীজনেহে সকলো নথি-পত্ৰত স্বাক্ষৰ কৰে৷ তেনেস্থলত কামৰূপ মহানগৰ আৰু বৰপেটা জিলাত ০-৭০ শতাংশ পথৰ কামৰ বিপৰীতে ঠিকাদাৰক সমস্ত ধন মোকলাই দিয়াত কেৱল তদানীন্তন অতিৰিক্ত উপায়ুক্তকেইজনক অভিযুক্ত কৰাক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে৷ ইফালে, সাংসদ অজিত কুমাৰ ভূঞাক ভিজিলেঞ্চে জেৰা কৰাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ সোমবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়–‘অজিত ভূঞা নামৰ ব্যক্তি এজনক চি এম ভিজিলেন্সে এনকুৱাৰী কৰিব বিচাৰিছে৷ সেই গোচৰত কেইবাজনো এ চি এছ বিষয়াৰ ইতিমধ্যে চাকৰি গৈছে৷ গোচৰটোৰ অভিযোগনামাও প্ৰস্তুত হৈ আছে৷ অজিত ভূঞাৰ ষ্টেটমেণ্ট বাকী আছিল৷ আজি ষ্টেটমেণ্ট হোৱাৰ পাছতে এসপ্তাহৰ ভিতৰতে এই কেচটো আদালতৰ ওচৰলৈ গুচি যাব৷’
দুৰ্নীতিবিৰোধীৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে চৰকাৰেঃ গৌৰৱ গগৈ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ ৰাজ্যসভাৰ সাংসদ তথা ৰাজ্যখনৰ এজন জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাক তদন্তৰ নামত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তলব কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে৷ এই সন্দৰ্ভত সভাপতি গগৈয়ে কয় যে - ৰাজ্যসভাৰ সাংসদ তথা ৰাজ্যখনৰ এজন অন্যতম জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তদন্তৰ বাবে তলব কৰা কাৰ্য সম্পূৰ্ণৰূপে ৰাজনৈতিক উদ্দেশ্যে প্ৰণোদিত৷ অসমৰ যিসকল সচেতন ব্যক্তি, নাগৰিক সমাজ আৰু বুদ্ধিজীৱী সমাজে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু অগণতান্ত্ৰিক কাম-কাজৰ বিৰুদ্ধে সৰৱ হৈ সৰ্বসাধাৰণৰ স্বাৰ্থত আৰু সংবিধান তথা গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত মাত মাতি আহিছে সেইসকলৰ কণ্ঠ ৰোধ কৰাৰ বাবেই চৰকাৰে এনে প্ৰয়াস কৰিছে৷ যদিহে চৰকাৰে সঁচাকৈয়ে দুৰ্নীতিৰ বিৰুদ্ধে নিৰপেক্ষ তদন্ত কৰিবলৈ বিচাৰিছে তেন্তে ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱা গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্বত থকা, লোকনিৰ্মাণ বিভাগৰ দায়িত্বত থকা আৰু জনজীৱন মিচনৰ দায়িত্বত থকা বৰমূৰীয়া সকলৰ বিৰুদ্ধে নিৰপেক্ষ তদন্ত আৰম্ভ নকৰে কিয়?
অজিত ভূঞাক হাৰাশাস্তিৰ প্ৰতিবাদ চি পি আই [এম এল]ৰ
‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ অসম সন্মিলিত মৰ্চাৰ অধ্যক্ষ তথা সাংসদ অজিত কুমাৰ ভূঞাক মুখ্যমন্ত্ৰীৰ ভিজিলেন্স কোষে চমন জাৰি কৰি মাতি নি হাৰাশাস্তি কৰা কাৰ্য দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য৷ চৰকাৰৰ বিৰুদ্ধে সৰৱ হ’লেই একনায়ক সম্ৰাট গৰাকী খৰ্গহস্ত হৈ পৰে আৰু ক্ষমতাৰ অপপ্ৰয়োগ কৰি বিভিন্ন চৰকাৰী সংস্থা ব্যৱহাৰ কৰি আৰু ভুৱা প্ৰচাৰ চলাই বিৰোধী নেতাসকলৰ কুৎসা ৰটনা কৰি জনমানসত হেয় কৰাই নহয় বন্দী কৰিবলৈও অহৰহ পাং পাতি থাকে মুখ্যমন্ত্ৰীজনে৷ বিৰোধী কণ্ঠ ৰোধ কৰাৰ মুখ্যমন্ত্ৰীৰ এই অভিযান সফল নহ’ব বুলি চিপিআই [এম-এল] য়ে সকিয়াই দিয়ে৷ এই সম্পৰ্কে দলৰ ৰাজ্যিক সম্পাদক বিবেক দাসে কয় সোমবাৰে সংবাদ মাধ্যমক কয়–এইটো সকলোৱেই জনা কথা যে সাংসদজনৰ কাৰ্যকৰী ক্ষমতা নাথাকে আৰু চৰকাৰী সংস্থাসমূহেই সাংসদ আঁচনি কাৰ্যকৰী কৰে আৰু প্ৰকৃততে তেওঁলোকেই জবাবদিহী৷ তেনেক্ষেত্ৰত সাংসদ আঁচনিৰ দুৰ্নীতিৰ বাবে হিমন্ত চৰকাৰে সাংসদ অজিত কুমাৰ ভূঞাক অভিযুক্ত কৰি সোধপোছ কৰাটো যে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত সেয়া জলজল পটপট হৈ পৰিছে৷ তদুপৰি শাসকীয় দলৰ সাংসদ-বিধায়কৰ পুজিৰ সদব্যৱহাৰ লৈ ৰাইজৰ মাজত অনেক অভিযোগ থকাৰ পাছতো সেইবোৰৰ ওপৰত কোনো ভিজিলেন্স চেল নলগোৱাটোও ৰহস্যজনক৷ মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত চৰকাৰী মাটি আত্মসাৎ সহ আৰু অনেক অভিযোগৰ বিৰুদ্ধে ৰাইজৰ প্ৰবল দাবীৰ পাছতো আজিলৈকে তদন্তই নহ’ল৷ সাংসদ অজিত কুমাৰ ভূঞাৰ ওপৰত হাৰাশাস্তি বন্ধ কৰিবলৈ আৰু বিৰোধী পক্ষই উত্থাপন কৰা ৰাজনৈতিক প্ৰশ্নসমূহৰ উত্তৰ দিব নোৱাৰি ৰাজনৈতিক প্ৰতিশোধৰ নিকৃষ্ট পন্থা লোৱাটো বন্ধ কৰিবলৈ দাবী জনাও৷’