
দেশলৈ ওভতাৰ পথ নাই ! ভাৰতীয় শিক্ষাৰ্থীৰ হাহাকাৰ
নতুন দিল্লী, ১৬ জুনঃ যুদ্ধৰ মাজতে ইৰানত আৱদ্ধ হৈ আছে ১০ হাজাৰ ভাৰতীয়৷ ইয়াৰে অধিকসংখ্যকেই শিক্ষাৰ্থী৷ বিশেষকৈ চিকিৎসা বিজ্ঞানৰ শিক্ষাগ্ৰহণৰ বাবে যোৱা ছাত্ৰ-ছাত্ৰী৷ ইৰান আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ ফলত এতিয়া নিৰাপত্তাহীনতাত ভুগিছে এইসকল ভাৰতীয়৷ ফলত তেওঁলোকক উদ্ধাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে৷ ইৰানেও যুদ্ধপৰিস্থিতিত আৱদ্ধ হৈ থকা ভাৰতীয় তথা বিদেশী নাগৰিকসকলক নিৰাপদে নিজ নিজ দেশলৈ প্ৰেৰণ কৰাৰ বাবে সন্মত হৈছে৷ কিন্তু সমস্যা হৈছে আৱদ্ধ হৈ থকা ভাৰতীয় বা অন্যান্য দেশৰ নাগৰিকসকলক ইৰানৰ পৰা উলিয়াই অনাত৷ কিয়নো যুদ্ধৰ বাবে এতিয়া ইৰান আৰু ইজৰাইলৰ আকাশসীমা বিপজ্জনক হৈ পৰিছে৷ ফলত বন্ধ হৈ পৰিছে দেশলৈ ওভতাৰ আকাশীপথ৷ এনে অৱস্থাত আৱদ্ধ ভাৰতীয় তথা অন্যান্য দেশৰ নাগৰিকসকলক আজাৰবাইজান, তুৰ্কমেনিস্তান আৰু আফগানিস্তান সীমান্তৰ স্থলপথেৰে উদ্ধাৰ কৰি অনাৰ চিন্তা-চৰ্চা চলিছে৷ উল্লেখ্য যে সোমবাৰে ইজৰাইল আৰু ইৰানৰ যুদ্ধই চতুৰ্থদিনত প্ৰৱেশ কৰিছে৷ দুয়োখন দেশৰ আক্ৰমণ আৰু প্ৰত্যাক্ৰমণে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷
ইজৰাইলত পাৰমাণৱিক বোমা আক্ৰমণৰ ভাবুকি
ইৰান-ইজৰাইলৰ যুদ্ধৰ মাজতে পাকিস্তানে ইজৰাইলত পাৰমাণৱিক বোমাৰে আক্ৰমণ চলাব বুলি দাবী কৰিছে ইৰানে৷ ইৰানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সদস্য মোহছান্দ ৰেজ্জাই এই দাবী কৰে৷ তেওঁ উল্লেখ কৰা মতে পাকিস্তানে ইৰানক আশ্বাস প্ৰদান কৰিছে যে যদি ইজৰাইলে তেহৰানৰ ওপৰত পাৰমাণৱিক আক্ৰমণ চলায় তেন্তে পাকিস্তানে ইৰানৰ হৈ ইজৰাইলত পৰমাণু বোমা নিক্ষেপ কৰিব৷ ইৰানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সদস্যজনৰ এই দাবীৰ পাছতে আন্তৰ্জাতিক মহলত নতুনকৈ আতংকৰ সৃষ্টি হৈছে৷ কিয়নো যদি সঁচাকৈয়ে পাকিস্তানে ইৰানৰ হৈ ইজৰাইলৰ ওপৰত পাৰমাণৱিক আক্ৰমণ চলায়, তেন্তে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অতি ভয়াৱহ পৰিব৷