Logo
image

কালিকা লাগিছে আকাশমাৰ্গত

নতুন দিল্লী, ১৬ জুনঃ   আকাশমাৰ্গত যেন কালিকা লাগিছে৷ আহমেদাবাদত সংঘটিত হোৱা শোকাৱহ বিমান দুৰ্ঘটনাটোৰ পাছত পুনৰ ঘনে ঘনে আৰম্ভ হৈছে বিমান বিভ্ৰাট৷ ক’বলৈ গ’লে দুৰ্যোগে যেন লগ নেৰা হৈছে বিমান যাত্ৰাত৷ আহমেদাবাদ ট্ৰেজেডীৰ  ভয়ংকৰ বিমান দুৰ্ঘটনাটোৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এটাৰপাছত আনটো দুৰ্যোগৰ সন্মুখীন হ’বলগীয়া হৈছে বিমানযাত্ৰীসকল৷ সেই অনুসৰি দেওবাৰে নিচেই পুৱা ২৫০ হজযাত্ৰী কঢ়িয়াই অনা  ছৌদি এয়াৰলাইনছৰ এখন বিমান লক্ষ্ণৌৰ চৌধুৰী চৰণ সিং আন্তৰ্জাতিক বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত ভয়ংকৰ বিপদৰ সন্মুখীন হয়৷ এই ঘটনাত বিমানখনে অৱতৰণ কৰাৰ পাছতে বাওপিনৰ চকাৰ পৰা ক’লা ধোঁৱা আৰু জুইৰ ফিৰিঙতি নিৰ্গত হ’বলৈ ধৰে৷ এনে অৱস্থাত পাইলটে লগে লগে বিষয়টো বিমানবন্দৰৰ নিয়ন্ত্ৰণ কক্ষক অৱগত কৰে৷ ফলত বিমান বন্দৰ কতৃৰ্পক্ষই লগে লগে জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও অগ্নিনিৰ্বাপক বাহিনীৰ দ্বাৰা পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে৷ উল্লেখ্য পাইলটৰ সতৰ্কতাৰ বাবে দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰা এছ ভি-৩১১২ নম্বৰৰ এই বিমানখনে শনিবাৰে নিশা ১০-৪৫ বজাত জেদ্দাৰ পৰা উৰা মৰাৰ পাছত দেওবাৰে পুৱা  ৬-৩০ লক্ষ্ণৌত অৱতৰণ কৰিছিল৷ আনহাতে  হংকঙৰ পৰা দিল্লীলৈ উৰা মৰা আন এখন বিমান সোমবাৰে কাৰিকৰী বিজুতিৰ বাবে গন্তব্য স্থানলৈ আহিব নোৱাৰিলে৷


উল্লেখ্য যে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এ আই-৩১৫ নম্বৰৰ ৭৮৭-৮ ব’য়িং ড্ৰীমলাইনাৰ বিমানখনত হংকঙৰ পৰা উৰা মৰাৰ পাছতে কাৰিকৰী বিজুতি ধৰা পৰে৷ ফলত মাজ আকাশৰ পৰাই  বিমানখন উভতি যাবলগীয়া হয়৷ আনহাতে জাৰ্মানীৰ পৰা ভাৰতলৈ অহা লুফথানছাৰ এখন বিমানক আজি হায়দৰাবাদত অবতৰণ কৰিবলৈ দিয়া নহ’ল৷ ফলত এল এইছ ৭৫২ নম্বৰৰ বিমানখনে পুনৰ অহাবাটে উভতি যাবলগীয়া হয়৷ দেওবাৰে দুপৰীয়া এই বিমানখনে ২-৪০ বজাত জাৰ্মানীৰ পৰা হায়দৰাবাদ অভিমুখে ৰাওনা হৈছিল৷ কিন্তু হায়দৰাবাদ পোৱাৰ পাছতো বিমানখনত অৱতৰণ কৰাৰ অনুমতি প্ৰদান কৰা নহ’ল৷ জানিব পৰা মতে জাৰ্মানীৰ পৰা উৰা মৰাৰ পাছতে এই বিমানখনে ভাৰতৰ আকাশ সীমাৰ বাহিৰত বোমাৰ ভাবুকি পাইছিল৷ যাৰ বাবে নিৰাপত্তাজনিত কাৰণত বিমানখনক হায়দৰাবাদত অৱতৰণৰ অনুমতি প্ৰদান কৰা নহ’ল৷ আনহাতে ৰাছিয়াৰ আজিমুথ এয়াৰলাইনছৰ এখন যাত্ৰীবাহী বিমান সুখই ছুপাৰজেট ১০০-৯৫ বি ভয়ংকৰ দুৰ্ঘটনাৰ পৰা আজি কথমপি ৰক্ষা পৰে৷  উল্লেখ্য যে এই বিমানখনে মস্কোৰ ভনুকোভো আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা উৰা মৰাৰ পাছতে হঠাৎ বাওঁফালৰ ইঞ্জিনৰ ঢাকনি খোল খাই পৰে৷ বিমানখন মস্কোৰ পৰা জৰ্জিয়াৰ বাটুমিলৈ যোৱাৰ কথা আছিল৷ কিন্তু ইঞ্জিনৰ ঢাকনি খোল খাই পৰাৰ পাছতে ততাতৈয়াকৈ  পাইলটে বিমানখন ওভতাই আনে৷ ইপিনে দেওবাৰে ব্ৰিটেইনৰ এখন ফাইটাৰ জেট কেৰালাৰ থিৰুৱনন্তপুৰম বিমানবন্দৰত  জৰুৰীকালীনভাৱে অৱতৰণ কৰে৷ জানিব পৰা মতে, এই ফাইটাৰ জেটখনে আটলান্টিক সাগৰৰ পৰা উৰা মৰাৰ পাছতে মাজ আকাশত ইন্ধনৰ নাটনিৰ সন্মুখীন হয়৷ ফলত কেৰালাৰ থিৰুৱনন্তপুৰম বিমান বন্দৰত জৰুৰীকালীনভাৱে অৱতৰণ কৰে৷