
অম্বুবাচীলৈ পাঁচদিন, ভিৰ কৰিছেহি সাধু-সন্তই
'আমাৰ অসম'ৰ মহানগৰৰ প্ৰতিবেদক, ১৬ জুনঃ পুব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় উৎসৱ হিচাপে পৰিগণিত হৈ অহা আৰু ঐতিহ্যমণ্ডিত নীলাচল পাহাৰত থকা শক্তিপীঠ শ্রীশ্রী মা কামাখ্যা ধামত অহা ২২ জুনৰ পৰা কামাখ্যাৰ পৰম্পৰাগত ৰীতি-নীতিৰে আৰম্ভ হ'ব পাঁচদিনীয়া মহা অম্বুবাচী মেলা। উল্লেখযোগ্য যে মা কামাখ্যাৰ পৰম্পৰা অনুসৰি মৃগশিৰা নক্ষত্ৰৰ চতুৰ্থ পাদ হোৱাৰ পাছত আদ্ৰা নক্ষত্ৰৰ আৰম্ভণিতে পৃথিৱী ৰজাশ্রলা হয় আৰু তেতিয়া প্ৰবৃত্তিৰে অম্বুবাচী আৰম্ভ হয়। ইফালে ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হবলগীয়া পাঁচদিনীয়া অম্বুবাচী মহাযোগ সফলতাৰে যাতে সম্পন্ন হয় তাৰ বাবে কামাখ্যা দেৱালয় পৰিচালনাৰ দায়িত্বত থকা বৰ দেউৰী সমাজ, অম্বুবাচী মহাযোগ পৰিচালনা সমিতিকে ধৰি কামৰূপ মহানগৰ জিলা প্ৰশাসন, গুৱাহাটী মহানগৰ আৰক্ষী, অসম চৰকাৰৰ পৰ্যটন বিভাগ, স্বাস্থ্য বিভাগ, গুৱাহাটী পৌৰ নিগম, শক্তি বিভাগকে ধৰি মহাযোগৰ লগত জড়িত একুৰিমান চৰকাৰী বিভাগে ব্যাপক তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে। আনহাতে এই সন্দৰ্ভত সোমবাৰে বিয়লি কামাখ্যা দেৱালয়ৰ সভাগৃহত এখন যৌথ সংবাদ মেল অনুষ্ঠিত হয়। উক্ত সংবাদ মেলত বৰ দেউৰী সমাজৰ বৰ দেউৰী কৱীন্দ্ৰ প্ৰসাদ শৰ্মা আৰু সৰু দলৈ হিমাদ্ৰী শৰ্মা, গুৱাহাটী মহানগৰ আৰক্ষীৰ আৰক্ষী আয়ুক্ত ডঃ পাৰ্থ সাৰথি মহন্ত, যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈন, কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্ত সুমিত চত্তোৱানে ভাগ লৈ আগন্তুক অম্বুবাচী মহাযোগ সফলতাৰে সম্পন্ন কৰা সন্দৰ্ভত গ্ৰহণ কৰা ব্যৱস্থাবলী সমুহৰ বাখ্যা দাঙি ধৰে। লগতে কৱীন্দ্ৰ প্ৰসাদ শৰ্মাই কয় যে ২২ জুনৰ বিয়লি দুই বাজি ৫৬ মিনিটত দেৱীৰ প্ৰবৃত্তি হোৱাৰ লগতে ২৫ জুনৰ পুৱতি নিশা তিনি বজাত হ'ব নিবৃত্তি। তদুপৰি ২৬ জুনৰ দিনা পুৱা যাৱতীয় নিত্য পূজা অৰ্চনা সম্পন্ন কৰাৰ পাছতহে ভক্তৰ দৰ্শনৰ বাবে মন্দিৰৰ দুৱাৰ খোলা হ'ব। ইয়াৰ পূৰ্বে ২৩ জুনৰ পৰা ২৫ জুনলৈ তিনিদিনৰ বাবে মন্দিৰৰ দুৱাৰ বন্ধ থাকিব। মন্দিৰ চৌহদত ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈহে ভক্তই নামনিৰ পৰা আহিব পাৰিব। আনহাতে আৰক্ষী আয়ুক্ত ড০ পাৰ্থ সাৰথি মহন্তই অম্বুবাচীৰ সময়ত নিৰাপত্তাৰ বাবে মহানগৰ আৰক্ষীৰ ফালৰ পৰা পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অতিৰিক্ত নিৰাপত্তা বাহিনীয়ো মোতায়ন কৰা হব বুলি সদৰি কৰে। জিলা আয়ুক্ত সুমিত চত্তোৱানে অম্বুবাচীৰ কেইদিনত জিলা প্ৰশাসনৰ ফালৰ পৰা গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সমুহৰ বাখ্যা দাঙি ধৰে।
উল্লেখ্য যে কামাখ্যাৰ পৰম্পৰা অনুসৰি অতীজৰে পৰা আহাৰ মাহত শক্তিপীঠ কামাখ্যা দেৱালয়ত অনুষ্ঠিত হৈ আহিছে অম্বুবাচী মেলা। এই অম্বুবাচী মেলাত শ্রী শ্রী মা কামাখ্যা দেৱীৰ আশিস বিচাৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ যথেষ্ট সংখ্যক ভক্ত-দর্শনার্থী, সাধু-সন্ন্যাসী, গৱেষক, পণ্ডিতে মা কামাখ্যা ধামত পদার্পণ কৰে। ইতিমধ্যে অম্বুবাচী মহাযোগলৈ মাজতে মাত্ৰ পাঁচটা দিন বাকী থকা অৱস্থাত সোমবাৰে নিশা পৰ্যন্ত ভিৰ কৰিছেহি কেইবা শতাধিক দেশ-বিদেশৰ সাধু-সন্তই। মা কামাখ্যা ধামত সাধু-সন্তৰ আগমনত উখল-মাখল হৈ পৰিছে নীলাচল পাহাৰ। অম্বুবাচী মহাযোগলৈ আগমন হোৱা বিদেশৰ ভক্ত-দর্শনার্থী, সাধু-সন্ন্যাসীয়ে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগীয়া নহয় তাৰ বাবে সকলো প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে। ভক্ত-দর্শনার্থীৰ নিৰাপত্তাজনিত দিশটোৰ প্ৰতি লক্ষ্য ৰাখি নীলাচল পাহাৰত চাৰি শতাধিক উচ্চ ক্ষমতাসম্পন্ন চি চি টিভি কেমেৰা স্থাপন কৰা হৈছে। আনহাতে অম্বুবাচীলৈ অহা ভক্ত-দর্শনার্থীসকলে যাতে অসুবিধাৰ সন্মুখীন হ'ব লগা নহয়, তাৰ বাবে এন চি চি, স্কাউট এন্ড গাইড, নিৰাপত্তাৰক্ষী, পর্যাপ্ত পৰিমাণৰ বাবে এন চি চি কেডেট নিয়োজিত হৈ থাকিব। লগতে ভক্তসকলৰ সুবিধার্থে কামাখ্যা গেটৰ পৰা কার্পেট আৰু বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা থাকিব। ইপিনে অইনবাৰৰ দৰে অম্বুবাচীৰ কেইদিন কোনো ভি আই পি, ভি ভি আই পিৰ ব্যৱস্থা নাথাকিব। আনহাতে ভক্ত-দর্শনার্থীসকলে যাতে জোতা-চেণ্ডেল পৰিধান নকৰে, তাৰ বাবে আহ্বান জনোৱাৰ লগতে ভক্ত-দর্শনার্থীসকলৰ বাবে পর্যাপ্ত সংখ্যক বায়'টয়লেত আৰু অস্থায়ী প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা থাকিব। ইপিনে এইবেলি দূৰ-দূৰণিৰ পৰা অহা ভক্ত-দর্শনার্থীসকলৰ বাবে চাৰিটা শিবিৰৰ ব্যৱস্থা থাকিব । ইতিমধ্যে অম্বুবাচীলৈ অহা দেশ-বিদেশৰ পৰা আগমন হোৱা সাধু, সন্ন্যাসী, ভক্ত-দর্শনার্থীয়ে যাতে কোনো সমস্যা অথবা অসুবিধাৰ সন্মুখীন হ'ব লগা নহয়, তাৰ বাবে সকলো ধৰণৰ কাম জৰুৰীকালীন তৎপৰতাৰে সম্পন্ন কৰা পৰিলক্ষিত হৈছে । আনহাতে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ড০ পাৰ্থ সাৰথি মহন্তই সংবাদ মেলৰ পাছত যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈন, গুৱাহাটী পশ্চিম জিলাৰ উপ আৰক্ষী আয়ুক্ত পদ্মনাভ বৰুৱাসহ মহানগৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়া সকলৰ সৈতে পদব্ৰজে মন্দিৰ চৌহদ পৰিদৰ্শন কৰি নিৰাপত্তাৰ দিশতোৰ বুজ লয়। ডঃ মহন্তই বৰ দেউৰী সমাজ আৰু অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ কৰ্মকৰ্তা সকলৰ সৈতে মিলিত হৈ অম্বুবাচীৰ কেইদিনত গ্ৰহণ কৰিবলগীয়া নিৰাপত্তা ব্যৱস্থা সমূহৰো পৰ্যালোচনা কৰে।