Logo
image

পুটিন, নেতান্যাহুক যুদ্ধ লাগে, ট্ৰাম্পকো লাগেনে?

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিলে৷ আধিপত্যবাদী পুটিন চৰকাৰে ইউক্ৰেইনত ৰাছিয়াৰ আধিপত্য প্ৰতিষ্ঠাৰ বাবে এই যুদ্ধ আৰম্ভ কৰিছিল৷ ৰাছিয়াই এতিয়ালৈ ইউক্ৰেইনক পদানত কৰিব পৰা নাই৷ সেই যুদ্ধ এতিয়াও চলি আছে৷ কেতিয়ালৈ চলিব কোনেও নাজানে৷ বিভিন্ন কতৃৰ্ত্বশীল মহলে অনুমান কৰিছে যে এই যুদ্ধত এতিয়ালৈ দুয়োখন দেশৰ সৈনিককে ধৰি মুঠ ১০ লাখৰো অধিক লোকৰ মৃত্যু হৈছে৷ তাৰ পাছত ইজৰাইলে গাজাৰ ওপৰত ভয়ংকৰ আক্ৰমণ  কৰিলে৷ এতিয়ালৈ ৫০ হাজাৰৰো অধিক লোক নিহত হৈছে৷ বেছিভাগেই অসামৰিক লোক, তাৰে বেছিভাগেই শিশু আৰু মহিলা৷ ইজৰাইলৰ মতে, তেওঁলোকে সন্ত্ৰাসবাদী সংগঠন হামাছক নিঃশেষ কৰাৰ বাবে গাজাত যুদ্ধ কৰিবলগীয়া হৈছে৷ এই আক্ৰমণৰ আগে আগে হামাছে প্ৰায় ২,০০০ নিৰীহ ইজৰাইলী লোকক হত্যা কৰিছিল৷ হামাছ গাজাৰ নিৰ্বাচিত শাসক দল৷ শাসক দল এটাই নিৰীহ ইজৰাইলী লোকক হত্যা কৰিলে আৰু ইজৰাইলক আক্ৰমণৰ বাবে এটা বৈধ অজুহাত দিলে৷ এতিয়া হামাছে গাজাত নিজৰ মানুহখিনিক সুৰক্ষা দিয়াত শোচনীয়ভাৱে ব্যৰ্থ হৈছে৷ এই হামাছৰ আঁৰত আছে ইৰাণ৷ ইৰাণে হামাছ, হিজবুল্লাকে ধৰি সমগ্ৰ পৃথিৱীৰ বহু দেশৰ বহু সন্ত্ৰাসবাদী সংগঠনক দীৰ্ঘদিন ধৰি সহায় কৰি আহিছে৷ ভাৰতত ২০১২ চনত ইজৰাইলৰ কূটনীতিবিদ এজনক কৰা আক্ৰমণৰ আঁৰত ইৰাণৰ ৰিভলিউচনেৰী গাৰ্ডৰ হাত থকা বুলি দিল্লী পুলিচে প্ৰকাশ কৰিছিল৷ ইৰাণৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কূটাঘাতমূলক কাৰ্য সংঘটিত কৰা বুলি আলবেনিয়া, আৰ্জেণ্টিনা, বাহৰেইন, ডেনমাৰ্ক, ফ্ৰান্স আদি দেশেও বিভিন্ন সময়ত অভিযোগ তুলিছে৷ পাকিস্তানে সন্ত্ৰাসবাদী সংগঠনক পৃষ্ঠপোষকতা কৰাৰ দৰেই ইৰাণেও সন্ত্ৰাসবাদী সংগঠনক পৃষ্ঠপোষকতা কৰে৷

এতিয়া ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে আৰু ইৰাণেও প্ৰত্যুত্তৰ দিছে৷ আন এখন ভয়ংকৰ যুদ্ধ আৰম্ভ হৈছে৷ ইজৰাইল আৰু ইৰাণ চুবুৰীয়া দেশ নহয়৷ দুয়োখন দেশ ২,০০০ কিলোমিটাৰ আঁতৰত৷ দুয়োখন দেশৰ মাজত ইজৰাইলৰ পূব দিশত জৰ্দান, লেবানন আৰু চিৰিয়া আছে৷ তাৰ আৰু পূবলৈ আছে ইৰাক আৰু ইৰাকৰ পূবত আছে ইৰাণ৷ গতিকে ইজৰাইলৰ পৰা যুদ্ধ বিমান বা ক্ষেপণাস্ত্ৰই আন দেশ আৰু ২,০০০ কিলোমিটাৰ অতিক্ৰম কৰিহে ইৰাণ পাবহি পাৰে৷ ইৰাণৰ ক্ষেত্ৰতো একেই কথা৷ কিন্তু আধুনিক প্ৰযুক্তিয়ে এই দীৰ্ঘ দূৰত্বৰ যুদ্ধ সম্ভৱ কৰি তুলিছে৷ ইতিমধ্যে দুয়োখন দেশৰে শিশু আৰু মহিলাকে ধৰি নিৰীহ নাগৰিকে যুদ্ধৰ ফলত প্ৰাণ হেৰুৱাইছে৷ যুদ্ধ যিমানে দীঘলীয়া হ’ব, নিহত আৰু আহতৰ সংখ্যা সিমানেই বৃদ্ধি পাব৷ কোনেও নাজানে ইজৰাইল-ইৰাণ যুদ্ধৰ কেতিয়া ইতি পৰিব৷ 

বহুদিনৰ পৰা অভিযোগ উত্থাপন হৈ আছে যে ইৰাণে আণৱিক অস্ত্ৰ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰি আছে৷ ইৰাণে সদায়েই কৈ আহিছে যে তেওঁলোকৰ আণৱিক কাৰ্যসূচী শান্তিপূৰ্ণ উদ্দেশ্যত সমৰ্পিত৷ আন্তৰ্জাতিক আণৱিক শক্তি সংস্থায়ো শেহতীয়াকৈ কৈছে ইৰাণৰ কোনোধৰণৰ আণৱিক অস্ত্ৰ নাই৷ তেনে অস্ত্ৰ নিৰ্মাণ কৰিব পৰা সামৰ্থ্য বা প্ৰযুক্তি ইৰাণৰ নাই৷ কিন্তু প্ৰায়ে ইৰাণ আণৱিক অস্ত্ৰ নিৰ্মাণত অচিৰেই সমৰ্থ হ’ব বুলি বাতৰি আৰু অভিযোগ উঠি আছে৷ বিশেষকৈ ইজৰাইলে ভাবে যে ইৰাণৰ হাতত আণৱিক অস্ত্ৰ থকাটো ইজৰাইলৰ বাবে অস্তিত্বৰ সংকট হৈ পৰিব৷ ইজৰাইলেও ভাবে যে ইৰাণে গোপনে আণৱিক অস্ত্ৰ নিৰ্মাণৰ প্ৰচেষ্টা চলাই আছে আৰু অচিৰেই তেনে অস্ত্ৰ নিৰ্মাণ কৰিবলৈ সক্ষম হ’ব৷ ইজৰাইলে যিকোনো মূল্যৰ বিনিময়ত ইৰাণক বাধা দিব বিচাৰে৷

ইৰাণ আৰু আমেৰিকাৰ মাজত নিউক্লিয়াৰ নন্‌প্ৰলিফাৰেশ্বন ট্ৰীটী বা পৰমাণু অস্ত্ৰ বিস্তাৰ নকৰাৰ চুক্তি স্বাক্ষৰ কৰাৰ বাবে আলোচনা চলি আছে৷ ইৰাণেও এই চুক্তিত স্বাক্ষৰ নকৰোঁ বুলি কোৱা নাই, কিন্তু তাৰ মাজতে পুটিনৰ দৰে যুদ্ধবাজ আৰু একচ্ছত্ৰী প্ৰৱণতাৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ইজৰাইলৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিলে আৰু ইৰাণেও এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিলে৷ ২০০০ কিলোমিটাৰ দূৰত থকা দুখন দেশৰ মাজত দীৰ্ঘ দূৰত্বৰ যুদ্ধ আৰম্ভ হ’ল৷  আমেৰিকাই চাদ্দাম হুছেইনৰ গণ-হত্যা সংঘটিত কৰিব পৰা অস্ত্ৰ থকা বুলি অভিযোগ আনি ইৰাক আক্ৰমণ কৰি চাদ্দাম হুছেইনক ক্ষমতাৰ পৰা অপসাৰণ কৰিছিল আৰু এই দীঘলীয়া ৰক্তক্ষয়ী যুদ্ধৰে ইৰাকক ধ্বংসস্তূপত পৰিণত কৰাৰ পাছত আৰু আইচিচৰ দৰে ভংয়কৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠন জন্ম দিয়াৰ পাছত আমেৰিকা ইৰাকৰ পৰা আঁতৰি আহিছিল৷ ইৰাকত চিয়া মুছলমান সংখ্যাগৰিষ্ঠ আৰু  তাত কট্টৰ চিয়াপন্থী ইছলামৰ ধৰ্মতান্ত্ৰিক শাসন চলি আছে৷ ধৰ্মগুৰুৱেই তাত সবোৰ্চ্চ ৰাজনৈতিক কৰ্তৃত্ব আৰু শাসক৷ তেওঁলোকে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি ওৰণি বা হিজাব নিপিন্ধা ছোৱালী-মহিলাক চিনাক্ত কৰি তেওঁলোকক মধ্যযুগীয় নিয়মত শাস্তি দি আধুনিক প্ৰযুক্তিৰে মধ্যযুগীয়া শাসন চলাই আছে৷

সকলোৰে চকু এতিয়া আমেৰিকাৰ ওপৰত৷ আমেৰিকা ইজৰাইলৰ সমৰ্থক৷ আমেৰিকাৰ সমৰ্থন অবিহনে ইজৰাইল এতিয়ালৈ বৰ্তি নাথাকিলহেঁতেন৷ প্ৰায় সকলো ইছলামিক দেশ, বিশেষকৈ শক্তিশালী আাৰু ধনী ইছলামিক দেশবোৰৰ একনায়কত্ববাদী শাসকৰ অধীনত আৰু তেওঁলোকৰ সকলোৰে আমেৰিকাৰ স’তে সুসম্পৰ্ক৷ ইৰাণৰ ধৰ্মীয় নেতৃত্বৰ স’তে আমেৰিকাৰ সম্বন্ধ কুকুৰ মেকুৰীৰ দৰে৷ মধ্যপ্ৰাচ্যৰ ৰাজনীতিৰ বিশেষজ্ঞসকলে ভাবে যে আমেৰিকাই ইৰাণতো এখন বন্ধু চৰকাৰ প্ৰতিষ্ঠা হোৱাটো বিচাৰে৷ ইৰাণৰ শাসক নিজৰ দেশত বৰ জনপ্ৰিয় নহয় আৰু তাতো বিভিন্ন বিৰোধীয়ে শাসক পৰিৱৰ্তন হোৱাটো বিচাৰে৷ আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল, আমেৰিকাই ইৰাণৰ শাসক সলনি কৰাৰ লক্ষ্যৰে, এখন বন্ধু চৰকাৰ প্ৰতিষ্ঠাৰ লক্ষ্যৰে ইজৰাইলৰ স’তে ইৰাণ আক্ৰমণত যোগদান কৰিব নেকি? আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কৈছে তেওঁ দুসপ্তাহত এই সিদ্ধান্ত ল’ব৷ পৃথিৱীখন পুনৰ এক ভয়ংকৰ অস্থিৰ সময়ৰ দিশলৈ আগুৱাই গৈ আছে৷ কি হ’ব কোনেও নাজানে৷