
বিষাক্ত সময়ৰ অভিশপ্ত দিনলিপি
গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ’ব পাৰিব নে নাই নাজনো৷ কিন্তু অসমৰ ৰাজনৈতিক ক্ষেত্ৰত তেওঁ যি সংস্কাৰ দেখুৱাইছে সেয়া বাস্তৱ সময়ত বিৰল বুলিব পাৰি৷ যোৱা কিছু বছৰ ধৰি সমগ্ৰ দেশৰ লগতে অসমতো যি কদৰ্যময় ৰাজনৈতিক পৰিৱেশে বিৰাজ কৰিছে তাৰ ব্যতিক্ৰম যেন গৌৰৱ গগৈ৷ পিতৃ তৰুণ গগৈৰ দৰেই মাৰ্জিত আৰু সহনশীল৷ দেশৰ শেহতীয়া প্ৰতিশোধ, সাম্প্ৰদায়িক আৰু আক্ৰমণাত্মক ৰাজনীতিৰ বিপৰীতে অসমত গৌৰব গগৈয়ে এক ৰুচিপূৰ্ণ আৰু মৰ্যাদাসম্পন্ন ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰিছে বুলি ক’লেও একেবাৰে মিছা কথা কোৱা নহয়৷ সকলো ৰাজনৈতিক প্ৰশ্নৰ উত্তৰ গগৈয়ে মৰ্যাদা আৰু শালীনতা ৰক্ষা কৰি দিয়ালৈ চাই উঠি অহা প্ৰজন্মই ৰাজনীতিৰ কিছু আচৰণ গগৈৰ পৰা শিকিব পাৰিব বুলি মনে ধৰে৷ ইয়াৰ বিপৰীতে অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ অনুগতসকলৰ ৰাজনৈতিক আচৰণ অতিকে নিকৃষ্ট বুলিব পাৰি৷ মুখ্যমন্ত্ৰীজনে বহু নক’বলগা কথা কৈ ৰাইজৰ অপ্ৰিয় হোৱাৰ পথত খোজ দিছে৷ যদিও এজন প্ৰতাপী ৰাজনৈতিক নেতা হিচাপে অসমৰ বহু ৰাইজ তথা উঠি অহা প্ৰজন্মই মুখ্যমন্ত্ৰীজনক অনুসৰণ কৰে, তথাপি তেওঁৰ শেহতীয়া ৰাজনৈতিক আচৰণ তেওঁৰ পদ মৰ্যাদা আৰু ব্যক্তিত্ব লাঘৱ কৰালৈ চাই সৰহ দিনলৈ মানুহ তেওঁৰ অনুগত হৈ নাথাকিব যেন অনুমান হৈছে৷ কেৱল ৰাজনৈতিক লাভ আৰু ক্ষমতা দখলৰ স্বাৰ্থত মুখ্যমন্ত্ৰীজনৰ অমাৰ্জিত কথা-বতৰা, আচৰণ মানুহে দীৰ্ঘদিনলৈ সহি নাথাকে৷ সুস্থ ৰাজনৈতিক আৰু সামাজিক বাতাবৰণ সৃষ্টিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীজন সম্পূৰ্ণ বিফল হৈছে বুলিব পাৰি৷ কেৱল ৰাজনৈতিক উদেশ্য প্ৰাণোদিত কথা বতৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দৰে এজন লোকৰ মুখত শোভা নাপায়৷ অসমৰ বিগত সময়ৰ প্ৰায়বোৰ মুখ্যমন্ত্ৰীৰে কথা বতৰা আছিল মাৰ্জিত আৰু আচৰণ আছিল সৌহাদ্যৰ্পূৰ্ণ৷ দল আৰু ৰাজনৈতিক মতাদৰ্শ ভিন্ন হোৱা স্বত্ত্বেও সামূহিক স্বাৰ্থত এজন মুখ্যমন্ত্ৰী ৰাইজৰ আস্থাভাজন আৰু শ্ৰদ্ধেয় হৈ থকাটো বৰ দৰকাৰী কথা৷ কেৱল ভয়, শংকা আৰু কিবা হেৰnও¸ৱাৰ শংকাত কাৰোবাক সকলো সময়তে সন্মান কৰি থকা সম্ভৱ নহয়৷ অন্যাফলেদি মুখ্যমন্ত্ৰীৰ পাদাংক অনুকৰণ কৰি অসমৰ কেইজনমান মন্ত্ৰী আৰু অধিক অসংযত, অসহিষ্ণু আৰু দাম্ভিক হৈ উঠা দেখা গৈছে৷ সেইসকলেও জনা উচিত এই অপগুণবোৰে ক্ষমতাত থকা সময়ত বৰ বেছি অপকাৰ নকৰিলেও ক্ষমতাচু্যত হোৱাৰ পাছতে মৰাইজে তেওঁলোকক লেই লেই চেই চেই কৰিব৷ ক্ষমতাত মত্ত এনেবোৰ লোকৰ আচৰণে সমাজত সদায় দকৈ আঁচোৰ বহুৱায় , লগতে জনতাৰ মনতো ব্যাপক নেতিবাচক সাঁচ বহুৱাই থৈ যায়৷ তদুপৰি বয়স, প্ৰতিপত্তি, সময় আৰু ক্ষমতা সদায় নেথাকে৷ এদিন সকলো শেষ হৈ যায়৷ ইয়াৰ বিপৰীতে গৌৰব গগৈয়ে যি ৰুচিপুৰ্ণ ৰাজনৈতিক আচৰণ দেখুৱাইছে সেয়া গগৈয়ে ক্ষমতা লাভ নকৰিলেও মানুহে চিৰকাল মনত ৰাখিব৷ ক্ষমতাই সকলো নহয়৷ বিশ্বৰ আটাইতকৈ ক্ষমতাশালী লোকসকলৰ পৰৱৰ্তী সময়বোৰ আছিল অতি কষ্টকৰ আৰু দুৰ্বিসহ৷ অসমৰ বিজেপি চৰকাৰে বহু যত্ন কৰিও আজিলৈকে পাকিস্তানৰ সৈতে গৌৰব গগৈৰ যোগসুত্ৰ উলিয়াব পৰা নাই৷ এই লৈ বিষয়টো সম্পূৰ্ণ ৰাজনৈতিক উদেশ্য প্ৰণোদিত যেনেই অনুমান হয়৷ যদি ইয়াৰ কোনো প্ৰমাণ নোলায় তেন্তে অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ অনুগতসকলৰ ভাবমূৰ্তি জনমানসত অধিক ম্লান হ’ব৷ আনহাতে, বিজেপিয়ে যিমানে গৌৰৱ গগৈক ৰুধিবলৈ চেষ্টা কৰিছে সিমানে গগৈয়ে মানুহৰ মাজলৈ সোমাই যাবলৈ চেষ্টা কৰিছে৷ ই কংগ্ৰেছ দলৰ বাবে অতিকে আশাৰ বতৰা৷ কিন্তু এটা কথা ঠিক যে এজন গৌৰৱ গগৈয়ে কংগ্ৰেছ দলক উদ্ধাৰ কৰিব নোৱাৰে৷ তাতে কংগ্ৰেছৰ ভিতৰুৱা বেমেজালিও অধিক৷৷ তথাপি পাৰস্পাৰিক ৰাজনৈতিক নীতি আদৰ্শৰ ভিন্নতা থকাৰ পাছতো অসমৰ ৰাইজে বহু বছৰৰ মূৰত এজন মাৰ্জিত ৰাজনৈতিক নেতাৰ পৰিপক্ব ৰাজনৈতিক আচৰণ, মৰ্যাদাপূৰ্ণ ৰাজনৈতিক কথা বতৰা, ৰাইজৰ সতে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰখা আদি গুণবোৰৰ বাবে ৰাইজে এক সুস্থ ৰাজনৈতিক বাতাবৰণৰ আৰম্ভণি দেখা পাইছে৷ ই এক সামাজিক শুভবাৰ্তা৷ সকলো ৰাজনৈতিক দলকে ক্ষমতা লাগে, অন্যথা ৰাজনৈতিক দলৰ অস্তিত্ব নাথাকে৷ কিন্তু ক্ষমতা লাভৰ পথত সততা আৰু ন্যায় থাকিলে ই কালজয়ী হৈ পৰে৷