Logo
image

দ্বিতীয় টেষ্টৰ বাবে ইংলেণ্ড দলত যোগ দিব পাৰে আৰ্চাৰে

লণ্ডন, ২২ জুনঃ  দুই জুলাইৰ পৰা ভাৰতৰ বিৰুদ্ধে আৰম্ভ হ’ব লগা দ্বিতীয় টেষ্টৰ বাবে ইংলেণ্ড দলত যোগ দিব পাৰে বেগী বলাৰ জোফ্ৰা আৰ্চাৰে৷ কাউণ্টী চেম্পিয়নশ্বিপত ছাছেক্সৰ হৈ খেলি ৰঙা বলৰ ক্ৰিকেটত অংশ লোৱাৰ বাবে সাজু হৈছে খেলুৱৈজন৷ এণ্ডাৰছন-তেণ্ডুলকাৰ শৃংখলাৰ প্ৰথম টেষ্টত আৰ্চাৰ, মাৰ্ক উড আদি খেলুৱৈ অবিহনেই প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে ইংলেণ্ড৷ ইংলেণ্ডৰ বলিং আক্ৰমণৰ বিৰুদ্ধে প্ৰথম টেষ্টৰ প্ৰথম ইনিংছত শুভমন গীল নেতৃত্বাধীন ভাৰতীয় দলৰ তিনিজনকৈ খেলুৱৈয়ে শতক অৰ্জন কৰিছে৷ স্কাই স্প’ৰ্টছৰ এক ৰিপৰ্টত কোৱা হৈছে–‘ডাৰহামত কাউণ্টী চেম্পিয়নশ্বিপৰ মেচৰ বাবে দলত নাম নাথাকিলেও ছাছেক্সৰ হৈ ৰঙা বলৰ ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটিব জোফ্ৰা আৰ্চাৰৰ৷


মেচখনত আঘাতৰ সমস্যা নোহোৱাকৈ অংশ ল’ব পাৰিলে তেওঁ এজবাষ্টনত দ্বিতীয় টেষ্টৰ বাবে  ইংলেণ্ড দলত  যোগ দিব পাৰে৷’ আই পি এল ২০২৫ ছীজনত ৰাজস্থান ৰয়েলছৰ হৈ খেলা আৰ্চাৰে আঘাতৰ বাবে চাৰিবছৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত খেলা নাই৷ কিলাকুটি আৰু পিঠিৰ আঘাতৰ সমস্যাৰ বাবে ২০২১ চনৰ পৰা আৰ্চাৰে ইংলেণ্ডৰ হৈ কেৱল বগা বলৰ ক্ৰিকেটত অংশ লৈ আহিছে৷