Logo
image

প্ৰথম ইনিংছত ইংলেণ্ডৰ ৪৬৫ ৰান

লীডছ, ২২ জুনঃ  ভাৰতৰ বিৰুদ্ধে অংশ লোৱা প্ৰথম টেষ্টত ইংলেণ্ডৰ প্ৰথম ইনিংছৰ সামৰণি পৰিছে ৪৬৫ ৰানত৷ প্ৰথম ইনিংছত ভাৰতৰ অগ্ৰগতি ছয় ৰানৰ৷ প্ৰথম ইনিংছত ভাৰতৰ যশপ্ৰীত বুমৰাই  পাঁচটাকৈ উইকেট লাভ কৰিছে৷ তেওঁ ২৪.৪ অভাৰত ৮৩ ৰানৰ বিনিময়ত পাঁচটা উইকেট লাভ কৰে৷ আগদিনাৰ ২০৯-৩ৰ পৰা খেল আৰম্ভ কৰা ইংলেণ্ডে দেওবাৰে ভাৰতীয় বলিং আক্ৰমণৰ বিৰুদ্ধে ধৈৰ্যৰে ইনিংছ আগুৱাই নিছিল৷ শনিবাৰে ১০০ ৰানত অপৰাজিত হৈ ৰোৱা অলি পোপ অৱশ্যে দেওবাৰে অধিক সময় উইকেটত তিষ্ঠি থাকিব নোৱাৰিলে৷ তেওঁ দেওবাৰে ব্যক্তিগত স্ক’ৰত আৰু মাত্ৰ ছয় ৰান যোগ দি ক্ৰীজ এৰে৷ আগদিনা কোনো ৰান নকৰাকৈ ক্ৰীজত থকা হেৰী ব্ৰুকে ভাৰতীয় বলাৰৰ বিৰুদ্ধে খেলি সুন্দৰভাৱে ইনিংছ আগুৱাই নিয়ে৷ মাত্ৰ এক ৰানৰ বাবে শতকৰ পৰা বঞ্চিত হয় ব্ৰুক [৯৯]৷


তেওঁৰ ১১২ টা বলৰ ইনিংছটোত আছিল ১১ টা চাৰি আৰু দুটা ছয়৷ অধিনায়ক বেন ষ্টকছ আউট হয় ২০ ৰানত৷ জেমি স্মিথে দললৈ ৪০ ৰানৰ অবদান আগবঢ়ায়৷ তেওঁৰ ৫২ বলৰ ইনিংছটোত আছিল পাঁচটা চাৰি আৰু এটা ছয়৷ ক্ৰিছ ৱ’কছে দললৈ ৩৮ ৰানৰ গুৰুত্বপূৰ্ণ অবদান আগবঢ়ায়৷ ২৩ টা বলত ২২ ৰান সংগ্ৰহ কৰে ব্ৰাইডন কাৰ্ছে৷ ভাৰতৰ হৈ বুমৰাই পাঁচটা উইকেট লাভ কৰাৰ লগতে প্ৰসিদ্ধ কৃষ্ণই তিনিটা আৰু মহম্মদ ছিৰাজে দুটা উইকেট লাভ কৰে৷ প্ৰসিদ্ধ কৃষ্ণই ২০ অভাৰত ১২৮ ৰান খৰচ কৰে৷ ছয় অভাৰ বল কৰি ৩৮ ৰান দিয়া শ্বাৰ্দুল ঠাকুৰে কোনো উইকেট পাবলৈ সক্ষম নহ’ল৷ প্ৰথম ইনিংছত ভাৰতে সংগ্ৰহ কৰিছিল ৪৭১ ৰান৷ শেহতীয়া বাতৰি মতে ভাৰতে দ্বিতীয় ইনিংছ আৰম্ভ কৰি দুটা উইকেটৰ বিনিময়ত ৮৬ ৰান সংগ্ৰহ কৰিছে৷