Logo
image

কেজৰিৱালে এতিয়া কি কৰিব

একেৰাহে দুটা কাৰ্যকাল দিল্লীত শাসন চলোৱা আম  আদমী পাৰ্টী [আপ] দিল্লীৰ যোৱাটো বিধানসভা নিৰ্বাচনত একপ্ৰকাৰ ধূলিসাৎ হৈ গৈছিল৷ আপ বুলিলেই প্ৰথমেই মানুহৰ মনলৈ যিখন মুখ ভাহি আহে, সেইখন হৈছে অৰবিন্দ কেজৰিৱালৰ৷ ৰাজনৈতিক মহলত চৰ্চা তেতিয়াৰ পৰাই আৰম্ভ হৈ গৈছিল যে দেশৰ ৰাজনীতিত কেজৰিৱালৰ বেলিমাৰ হ’ল৷ কিয়নো দিল্লীত পুনৰ চৰকাৰ গঠন কৰাটো দূৰৰেই কথা, কেজৰিৱাল নিজেই পৰাজিত হ’বলগীয়া হৈছিল শেহতীয়া সেই নিৰ্বাচনত৷ সেয়েহে ৰাষ্ট্ৰীয় ৰাজনীতিত কেজৰিৱাল প্ৰায় অপ্ৰাসংগিক হোৱাৰ দৰেই হৈ পৰিছিল৷ কিন্তু সোমবাৰে ঘোষণা হোৱা বিভিন্ন ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফলত দেখা গ’ল যে ইয়াৰে দুখনেই লাভ কৰিলে আম আদমী পাৰ্টীয়ে৷ বাকী তিনিখনৰ এখন পশ্চিমবংগত পালে তৃণমূল কংগ্ৰেছে, গুজৰাটৰ এখন পালে বিজেপিয়ে আৰু কেৰালাৰ এখন আসন পালে কংগ্ৰেছৰ মিত্ৰ ইউ ডি এফে৷ আপে পোৱা আসন দুখনৰ এখন হ’ল পঞ্জাবত, যিখন ৰাজ্যত আপৰ নিজৰ চৰকাৰ চলি আছে, আৰু আনখন হ’ল গুজৰাটত– য’ত বিজেপিৰ শাসন চলি আছে৷ স্বাভাৱিকতে উপ-নিৰ্বাচনৰ এই ফলাফলে আপক উৎসাহিত কৰাৰ লগতে একপ্ৰকাৰ দলটোৰ নেতা-কৰ্মীৰ হেৰোৱা মনোবলো ঘূৰাই আনিছে৷ এতিয়া এই ফলাফলৰ পাছত আটাইতকৈ ডাঙৰ ৰাজনৈতিক প্ৰশ্নটো হৈছে– কেজৰিৱালে এতিয়া কি কৰিব? কিয়নো দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰত অভিযুক্ত অৰবিন্দ কেজৰিৱাল বৰ্তমান জামিনতহে আছে, আদালতে তেওঁক এই পৰ্যন্ত দোষমুক্ত বুলি ঘোষণা কৰা নাই৷ সেয়েহে ৰাজনৈতিকভাৱে তেওঁ নিজকে এক গুৰুত্বপূৰ্ণ স্থানত ৰাখিবলৈ চেষ্টা চলাব পাৰে বুলি দেশৰ ৰাজনৈতিক মহলত চৰ্চা এটা চলি আছিল৷ কিয়নো আজিৰ তাৰিখত কেজৰিৱাল মুখ্যমন্ত্ৰী-বিধায়ক একোৱেই নহয়৷ আপৰ মুৰব্বীটোৱেই তেওঁৰ পৰিচয়৷ সেয়েহে পঞ্জাবৰ লুধিয়ানা পশ্চিম বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত যেতিয়া আপে ৰাজ্যসভাত সাংসদ হৈ থকা দলটোৰ নেতা সঞ্জীৱ অৰোৰাক প্ৰাৰ্থিত্ব দিছিল, তেতিয়াই দেশৰ ৰাজনৈতিক মহলত চৰ্চা কৰি থকাসকল একপ্ৰকাৰ নিশ্চিত হৈ পৰিছিল যে সঞ্জীৱ অৰোৰাক বিধানসভালৈ আনি কেজৰিৱালে নিজৰ ৰাজনৈতিক স্থিতিটো অলপ শক্তিশালী কৰাৰ ইচ্ছাৰে ৰাজ্যসভালৈ যাব খুজিছে৷ অৱশ্যে, উপ-নিৰ্বাচনৰ ফলাফলো সেই মতেই হ’ল৷ লুধিয়ানা পশ্চিম সমষ্টিত সঞ্জীৱ অৰোৰা জয়ী হ’ল৷ লগে লগে খালী হৈ পৰিল ৰাজ্যসভাৰ আসনখন৷ এতিয়া প্ৰশ্নটো হ’ল– কেজৰিৱাল ৰাজ্যসভালৈ যাবনে নাযায়? উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ দিনাই আবেলি কেজৰিৱালে ঘোষণা কৰিলে যে তেওঁ ৰাজ্যসভালৈ যাব নোখোজে৷ দলটোৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিয়ে যাক বাছনি কৰিব, তেৱেঁই ৰাজ্যসভাৰ খালী হোৱা আসনখনত বহিব৷ এয়া অৰবিন্দ কেজৰিৱালৰ সম্পূৰ্ণ এক ৰাজনৈতিক ষ্টেটমেণ্ট৷ এয়া ধ্ৰুৱসত্য বুলি ধৰি লোৱাটো ভুল হ’ব৷ পঞ্জাবৰ খালী হোৱা ৰাজ্যসভাৰ এই আসনখনৰ বাবে আজিৰ পৰা ছমাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব দেশৰ নিৰ্বাচন আয়োগে৷ গতিকে তেতিয়ালৈকে পৰিৱেশ-পৰস্থিতি বহু সলনি হ’ব৷ এই সময়ত নিজৰ ৰাজনৈতিক স্থিতি ৰাষ্ট্ৰীয় পৰ্যায়ত অটুট ৰাখিবলৈ কেজৰিৱালক এটা সংসদীয় পৰিচয়ৰ দৰকাৰ৷ গতিকে তেওঁ আজিৰ তাৰিখত নিজৰ মতামত যি ধৰণেই নাৰাখক কিয় ৰাজ্যসভাৰ সাংসদৰূপে তেৱেঁই দিল্লীলৈ যোৱাৰ সম্ভাৱনাই সৰ্বাধিক৷ নহ’লে নিজৰ হেৰোৱা স্থিতি আকৌ ঘূৰাই অনাৰ কোনো বিকল্প বৰ্তমান তেওঁৰ হাতত নাই৷ আনহাতে, উপ-নিৰ্বাচনৰ এই ফলাফলে বিজেপিকো একপ্ৰকাৰ স্তম্ভিত কৰি তুলিছে৷ আনটো বাদেই, নিজৰ চৰকাৰ চলি থকা গুজৰাটতেই যেতিয়া দুখন আসনৰ ভিতৰত এখনতহে বিজেপি সন্তুষ্ট থাকিবলগীয়া হ’ল, সেয়া নি(য় দলটোৰ বাবে চিন্তাৰ কাৰণ হোৱাৰেই কথা৷ তাতে আকৌ দ্বিতীয়খন আসন গ’ল আপৰ হাতলৈ৷ সেয়ে এনে প্ৰেক্ষাপটত অৰবিন্দ কেজৰিৱালে আজিৰ তাৰিখত যিমানেই ৰাজ্যসভাৰ অংকটোক অস্বীকাৰ নকৰক কিয় শেষত চৰ্চা চলি থকা ধৰণেই সকলো হৈ উঠাৰেই পূৰ্ণ সম্ভাৱনা আছে৷