Logo
image

পানীমিস্ত্ৰী

অলপতে হোৱা শিৱসাগৰৰ ভটীয়াপাৰত তেলখাদৰ নিৰ্গমন প্ৰতিৰোধ কৰিবলৈ আমেৰিকাৰ পৰা বিশেষজ্ঞ মাতিবলগীয়া হৈছে৷ স্থানীয় ৰাইজৰ স্বস্তিৰ লগতে কিছু প্ৰাসংগিক প্ৰসংগও উত্থাপন হৈছে৷ মূল প্ৰশ্নটো হৈছে, ভাৰত বা অসমত বিশেষজ্ঞ নাই নেকি? আমাৰ শিক্ষানুষ্ঠানবোৰ, বিশেষজ্ঞসকলৰ উদ্ভাৱনী শক্তি কমি গৈছে নেকি? এই প্ৰশ্নবোৰ আমি নিজক কৰাৰ সময়তেই, কৃত্ৰিম বুদ্ধিমত্তাৰ গডফাদাৰ বুলি কোৱা জিঅ’ফ্ৰে হিণ্টনে অলপ পাতলীয়াকৈ ক’লে, ‘আমি এতিয়া পানীমিস্ত্ৰী হ’বলৈ চেষ্টা কৰা উচিত’৷ কথাটো একেবাৰেই উলাই কৰিব পৰা ধৰণৰ নহয় যদিও হিণ্টনে আশংকা কৰিলেই আমিও ভয় খাব লাগিব জানো? ‘এ-আইৰ গডফাদাৰ’ বুলি কোৱা জিঅ’ফ্ৰে হিণ্টন হৈছে ব্ৰিটিছ-কানাডিয়ান কম্পিউটাৰ বিজ্ঞানী, যি বেক-প্ৰপাগেচন এলগৰিথ্‌মৰ সহ-আৱিষ্কাৰ কৰিছিল আৰু কৃত্ৰিম স্নায়ৱিক নেটৱৰ্কৰ গৱেষণাৰ ভেটি গঢ়িছিল৷ তেওঁৰ এই অগ্ৰগতিৰ বাবে ২০১৮ চনৰ টুৰিং বঁটা আৰু ২০২৪ চনৰ কম্পিউটাৰ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে৷ দশক দশক ধৰি এই প্ৰযুক্তি নিৰ্মাণ কৰাৰ পাছত এতিয়া হিণ্টনে ইয়াৰ সামাজিক প্ৰভাৱৰ বিষয়ে ৰাজহুৱাকৈ ক’বলৈ ধৰিছে৷ আনকি গুগ্‌লৰ চাকৰিও তেওঁ এৰি দিলে৷

শেহতীয়াকৈ ডায়েৰী অৱ এ চিইঅ’ পডকাষ্টত হিণ্টনে কৈছে যে এ আয়ে দক্ষ শাৰীৰিক কাম আয়ত্ত কৰাৰ বহু আগতেই ‘সাধাৰণ বৌদ্ধিক শ্ৰম’ৰ লগত জড়িত চাকৰিবোৰক আঘাত কৰিব৷ কাৰ্যালয় সহায়ক বা কল-চেণ্টাৰৰ দৰে চাকৰিবোৰ বিশেষভাৱে প্ৰভাৱিত হ’ব; তেওঁ ভৱিষ্যদ্বাণী কৰিছে যে এজন ‘ব্যক্তি আৰু এটা এ-আই সহায়কে’ অতি সোনকালে দহজন কৰ্মচাৰীৰ ঠাই ল’ব পাৰিব৷ তেওঁৰ পডকাষ্টত তেওঁ পুঁজিবাদী যি লাভসৰ্বস্ব নীতি তাকো উল্লেখ কৰিছে৷ এই ডাঙৰ কোম্পানীবোৰৰ লক্ষ্য হৈছে প্ৰচুৰ অৰ্থ উপাৰ্জন কৰা আৰু আপোনাৰ চাকৰি যায়, বা সমাজৰ কিবা লোকচান হয়, তাতে তেওঁলোকৰ খুব বেছি একো আহে-নাযায়৷ এতিয়া আমেৰিকাৰ পৰা বিশেষজ্ঞ অসমলৈ আনিবলৈ নিশ্চয়কৈ যথেষ্ট অৰ্থ ব্যয় হৈছে৷ প্ৰাইভেট কোম্পানীবোৰে মানুহৰ সলনি এ-আই ব্যৱহাৰ কৰি নিজৰ খৰচ কমাব আৰু যিহেতু ৰাজনৈতিক দল বা প্ৰশাসনৰ লগত তেওঁলোকৰ সু-সম্পৰ্ক থাকিব, সেয়ে নীতি-নিৰ্দেশনাবোৰো সিহঁতৰ অনুৰূপে ব্যৱহাৰ হোৱাৰ সম্ভাৱনাই বেছি থাকিব৷

সেয়ে কঠোৰ শ্ৰমিক আইন নাথাকিলে এ আই সুলভ হোৱাৰ পাছত কোম্পানীয়ে কৰ্মচাৰীক পুনৰ নিয়োগ কৰাৰ পৰিৱৰ্তে বাদহে দিব৷ ৰাষ্ট্ৰসংঘৰ শেহতীয়া তথ্যই দেখুৱাইছে যে এ আইৰ বাবে মহিলাসকল পুৰুষতকৈ তিনিগুণ বেছি স্থানচ্যুত হোৱাৰ সম্ভাৱনা থাকিব পাৰে৷ কম্পিউটাৰ প্ৰগ্ৰেমিং জাতীয় বিষয়বোৰ যেন একেবাৰে অপ্ৰাসংগিক হৈ পৰিব সেইটোও নিশ্চিত, কিন্তু পানীমিস্ত্ৰী? আমাৰ শিক্ষা ব্যৱস্থাই গণিতৰ কেলকুলাছ শিকালেও আন একো প্ৰায়োগিক দক্ষতা বিকাশত গুৰুত্ব দিয়া দেখা নাযায়৷ ৰবটবোৰে চাইকেলৰ চকা খুলি লগাই দিয়া বা পানীৰ পাইপৰ কাম কৰি দিয়াৰ দক্ষতা আৰ্জিৱ পৰা নাই৷ ৰবটে এতিয়াও ফাইন মটৰ স্কিল আৰু ইম্প্ৰভাইজেচনৰ সৈতে সংগ্ৰাম কৰি আছে৷ ‘লীক’ হৈ থকা পাইপ ঠিক কৰিবলৈ বা ইলেক্ট্ৰিকেল পেনেলৰ তাঁৰ সংযোগ কৰিবলৈ নিপুণতা, পৰিৱেশৰ সজাগতা, আৰু সমস্যা সমাধানৰ প্ৰয়োজন হয়, যিটো বৰ্তমানৰ এ আইচালিত ৰবটসমূহে কৰিব নোৱাৰে৷ হিণ্টনে কৈছে, ‘এ- আয়ে শাৰীৰিক শ্ৰমৰ লগত জড়িত কামবোৰ কৰাত ভাল হ’বলৈ বহু সময় লাগিব, গতিকে এই শৈলীবোৰ আয়ত্ত কৰাসকলৰ বাবে সু-খবৰ– অন্তত অহা কিছু বছৰলৈ এ আয়ে তেওঁলোকক স্থানচ্যুত কৰাৰ সম্ভাৱনা একেবাৰেই নাই’৷ 

ৰাষ্ট্ৰসংঘৰ তথ্য মতে, এ আইৰ বাবে বিশ্বজুৰি ৪.৭ শতাংশ মহিলাৰ চাকৰিলৈ বিপদ আহি পৰিছে, আনহাতে পুৰুষৰ ২.৪ শতাংশ৷ এই বৈষম্যৰ মূল কাৰণ হৈছে– কেৰাণী আৰু প্ৰশাসনিক ভূমিকাত মহিলাৰ প্ৰতিনিধিত্ব বেছি, যিবোৰ লাহে লাহে এ আইৰ দ্বাৰা প্ৰতিস্থাপন কৰা হৈছে বা হ’ব৷ এই বৃত্তিবোৰৰ লগত জড়িত কামবোৰ এ আই প্ৰযুক্তিসমূহে দক্ষতাৰে সম্পাদন কৰিব পাৰে৷  আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংস্থা (আই এল অ’)ই চৰকাৰ, নিয়োগকৰ্তা আৰু শ্ৰমিক সংগঠনসমূহক আহ্বান জনাইছে যাতে জেনেৰেটিভ এ-আইৰ উন্নয়নে শ্ৰমিকক স্থানচ্যুত নকৰে, তেওঁলোকক সহায়হে কৰে৷ সংস্থাটিয়ে দ্ৰুত পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তাক দোহাৰি কয় যে ডিজিটেল দক্ষতা বঢ়োৱা: বিশেষকৈ কেৰাণী/প্ৰশাসনিক কৰ্মীৰ প্ৰযুক্তি জড়িত-দক্ষতা আৰু পুনঃ প্ৰশিক্ষণৰ ব্যৱস্থাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে৷ হিণ্টনেও এ-আইৰ ভাল দিশবোৰ উলাই কৰা নাই; তেওঁ সতৰ্ক কৰি দিছে যে ইয়াৰ প্ৰথম অৰ্থনৈতিক শ্বকৱেভে দোকানৰ মজিয়াত নহয়, স্প্ৰেডশ্বীটত আঘাত কৰিব (অৰ্থাৎ শ্ৰমিক বা খাটি খোৱাসকলক নহয়, লেখা-পঢ়াৰ লগত জড়িতসকলক)৷ পানীমিস্ত্ৰী হোৱাটো এক ৰূপকাত্মক দৃষ্টিৰেও ভাবি চাব পাৰি৷ অৰ্থাৎ এনেকুৱা কিছু দক্ষতা স্কুল-কলেজত ছাত্ৰ-ছাত্ৰীক এতিয়াৰ পৰাই শিকাব লাগিব যি এ আইৰ দ্বাৰা স্থানান্তৰ বা প্ৰতিস্থাপন কৰাটো খুব বেছি সহজ নহ’ব৷ আমাৰ শিক্ষা ব্যৱস্থাত ৰূপান্তৰৰ প্ৰয়োজনীয়তাও এতিয়া হয়তো সেয়ে আহি পৰিছে৷