
চাট-জিপিটিৰ অপব্যৱহাৰ!
চিন্তাশক্তি, বুদ্ধিমত্তা বা বিশ্লেষণ শক্তি মানুহৰ স্বাভাৱিক মগজুৰ শক্তি৷ প্ৰযুক্তি কৌশলেৰে যন্ত্ৰক মানুহৰ দৰে বুদ্ধিমত্তা, চিন্তা বা বিশ্লেষণৰ ক্ষমতা দিয়াৰ ধাৰণাটোকে কৃত্ৰিম বুদ্ধিমত্তা বোলে৷ কৃত্ৰিম বুদ্ধিমত্তা[AI]ই মানুহৰ বুদ্ধিমত্তাৰ সৈতে জড়িত কাম যেনে– শিক্ষণ, যুক্তি, সমস্যা সমাধান আদি সম্পন্ন কৰে৷ ই কম্পিউটাৰ বিজ্ঞানৰ গৱেষণাৰ এটা ক্ষেত্ৰ; যিয়ে এনে পদ্ধতি আৰু ছফ্টৱেৰ বিকশিত আৰু অধ্যয়ন কৰে৷ ইয়াৰ দ্বাৰা মেচিনে নিজৰ পৰিৱেশ অনুভৱ কৰিব পাৰে আৰু শিক্ষণ আৰু বুদ্ধিমত্তাৰে ব্যৱহাৰকাৰীক লক্ষ্যত উপনীত হোৱাত সহায় কৰে৷
১৯৫৬ চনত কৃত্ৰিম বুদ্ধিমত্তাক একাডেমিক শাখা হিচাপে প্ৰতিষ্ঠা কৰা হয়৷ এ-আই[AI] গৱেষণাৰ পৰম্পৰাগত লক্ষ্যসমূহৰ ভিতৰত শিক্ষণ, যুক্তি, জ্ঞান প্ৰতিনিধিত্ব, পৰিকল্পনা, প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণ, উপলব্ধি আৰু ৰবটিক্সৰ সমৰ্থন অন্তৰ্ভুক্ত৷ সাধাৰণ বুদ্ধিমত্তাৰে মানুহে কৰা কাম সমান স্তৰত কৰিব পৰা ক্ষমতা অৰ্জনেই এই ক্ষেত্ৰখনৰ অন্যতম দীৰ্ঘম্যাদী লক্ষ্য৷ এই লক্ষ্যত উপনীত হ’বলৈ এ-আই গৱেষকসকলে অনুসন্ধান, গাণিতিক অনুকূলন, আনুষ্ঠানিক যুক্তি, কৃত্ৰিম স্নায়ু নেটৱৰ্ক, পৰিসংখ্যা, অপাৰেশ্বন আৰু গৱেষণা কৰি আহিছে৷
চাট-জিপিটি হৈছে মুক্ত কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা বিকশিত কৰা এটা ছেটবট৷ এই ছেটবটটো জেনেৰেটিভ প্ৰিট্ৰেইন্ড ট্ৰেন্সফৰ্মাৰ-৩ৰ ওপৰত ভিত্তি কৰি নিৰ্মিত৷ ই এটা অত্যাধুনিক ভাষা প্ৰচেছিং এ-আই মডেল৷ এই ছেটবটে ব্যৱহাৰকাৰীয়ে সোধা যিকোনো প্ৰশ্নৰ উত্তৰ অতি গঠনমূলক আৰু সহজভাৱে প্ৰদৰ্শন কৰে৷ কিন্তু এই কৃত্ৰিম বুদ্ধিমত্তাৰ ফচল চেট-জিপিটিৰ অপব্যৱহাৰে সচেতন লোকক চিন্তাত পেলাইছে৷
এচাম কুপ্ৰবৃত্তিৰ মানুহে কৃত্ৰিম বুদ্ধিমত্তাৰ অন্তৰ্গত চেট-জিপিটি ব্যৱহাৰ কৰি কেইছেকেণ্ডমানৰ ভিতৰতে ভুৱা আধাৰ কাৰ্ড, পেন কাৰ্ড সৃষ্টি কৰিছে৷ চেট-জিপিটিৰ দ্বাৰা সৃষ্টি কৰা এই ভুৱা আধাৰ বা পেনকাৰ্ডখন দেখাত হুবহু মূল কাৰ্ডৰ দৰেই বুলি কোৱা হৈছে৷ প্ৰথম দৃষ্টিত আচল আৰু নকলৰ মাজত কোনো পাৰ্থক্য বিচাৰি পোৱা কঠিন বুলি জানিব পৰা গৈছে৷ এই ক্ষেত্ৰত অ’পেন এ আইৰ দ্বাৰা বিকশিত চেট-জিপিটিৰ অপব্যৱহাৰক লৈ বিশেষজ্ঞসকলো চিন্তিত৷ ইতিমধ্যে সংযুক্ত আৰব আমিৰশ্বাহীয়ে ঘিবলী [Ghibli] ছবি নিষিদ্ধ কৰিছে৷
৪ এপ্ৰিল ২০২৫ৰ পৰা সামাজিক মিডিয়াত বিভিন্নজনৰ ভুৱা আধাৰ-পেনকাৰ্ড প্ৰচাৰ হৈ আহিছে৷ চেট-জিপিটিৰ নতুন সংস্কৰণ জিপিটি-৪য়ে ছেকেণ্ডৰ ভিতৰতে আচল যেন দেখা পৰিচয়পত্ৰ সৃষ্টি কৰিছে৷ এপটোত কেৱল কমাণ্ড দি নিৰ্দিষ্ট ব্যক্তিজনৰ ফটো আৰু ঠিকনা দিব লাগিব৷
বিশেষজ্ঞসকলৰ মতে, এ-আই প্ৰযুক্তি ব্যৱহাৰ কৰি নিমিষতে ভুৱা আধাৰ, পেনকাৰ্ড যিদৰে সৃষ্টি কৰা হৈছে, তেনেদৰে চাইবাৰ প্ৰৱঞ্চনা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ আনৰ নামত সহজে ভুৱা পৰিচয়-পত্ৰ তৈয়াৰ কৰি উগ্ৰপন্থী বা অসামাজিক সংগঠন সক্ৰিয় হৈ উঠিব পাৰে৷ এই প্ৰযুক্তিৰ ব্যৱহাৰে ব্যক্তিগত গোপনীয়তা উলংঘা আৰু সামাজিক কলংকৰ আশংকা বৃদ্ধি কৰিব পাৰে৷ ইতিমধ্যে চাইবাৰ বিশেষজ্ঞই এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷
এ-আইৰ নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত প্ৰশাসনে কি পদক্ষেপ ল’ব সেয়া লক্ষণীয় হ’ব৷ ইয়াৰ পূৰ্বে দেশৰ আৰক্ষী আৰু চাইবাৰ বিশেষজ্ঞই ঘিবলী কাৰ্টুন সন্দৰ্ভত মানুহক সকীয়াই দিছিল৷ এইবাৰ সংযুক্ত আৰব আমিৰশ্বাহীৰ চাইবাৰ বিশেষজ্ঞসকলে ঘিবলী সন্দৰ্ভত সকীয়াই দিছে৷ বিশেষজ্ঞসকলে কৈছে যে, ব্যৱহাৰকাৰীয়ে ঘিবলী ছবি বনাবলৈ নিজৰ ছবি আপলোড কৰিব লাগিব৷ ই বায়’মেট্ৰিক ডেটা হিচাপে কাম কৰে, যিটো এবাৰ হেৰাই গ’লে বা চুৰি হ’লে আকৌ সলনি কৰিব নোৱাৰি৷
হেল্প এ-জিৰ মুখ্য প্ৰযুক্তি বিষয়াই সকীয়াই দিছে যে ব্যৱহাৰকাৰীয়ে ঘিবলী ছবি তৈয়াৰ কৰাৰ সময়ত নিজৰ ব্যক্তিগত তথ্য দিয়াত ডাঙৰ বিপদৰ উদ্ভৱ হ’ব পাৰে৷ ব্যৱহাৰকাৰীয়ে আপলোড কৰা ফটোৰ পৰা তেওঁলোকৰ স্থান আৰু ডিভাইচৰ সবিশেষৰ দৰে মেটা ডেটা লীক হ’ব পাৰে৷ ইয়াৰ ফলত বহু স্পৰ্শকাতৰ তথ্য ফাদিল হোৱাৰ আশংকা থাকে৷ গতিকে এই ক্ষেত্ৰত সতৰ্কতা জৰুৰী৷