Logo
image

'এক পেড় মা কে নাম' অসম আৰক্ষীৰ অভিনৱ আঁচনি, লিগিৰী পুখুৰী পৰিস্কাৰ আৰু গছ ৰোপণ!

'আমাৰ অসম'ৰ নাজিৰাৰ প্ৰতিবেদক, ২৯ জুনঃ  'এক পেড় মা কে নাম' শীৰ্ষক অসম আৰক্ষীৰ এক অভিনৱ আঁচনি। উল্লেখযোগ্য যে অসম আৰক্ষী বাহিনীৰ তত্বাৱধানত ৰাজ্যৰ প্ৰতিখন জিলাতে এই আঁচনিৰ অধীনত এক অভিনৱ কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। আজি পুৱাৰ ভাগতেই 'এক পেড় মা কে নাম' শীৰ্ষক আঁচনিৰ অধীনত নাজিৰা লিগিৰী পুখুৰীস্থিত প্ৰথম অসম আৰক্ষী বাহিনীয়ে ঐতিহাসিক লিগিৰী পুখুৰীৰ চাৰিসীমা পৰিস্কাৰ কৰাৰ এক শ্ৰমদান কাৰ্যসূচী ৰূপায়ন কৰে।


 উল্লেখ্য যে  প্ৰথম অসম আৰক্ষী বাহিনীৰ অধিনায়ক মুছলেহ উদ্দিন আহমেদৰ নেতৃত্বত আৰক্ষী বাহিনীৰ জোৱানসকলে আজি পুৱাৰ ভাগতেই হাতে হাতে দা, কোৰ লৈ ঐতিহাসিক লিগিৰী পুখুৰীৰ চৌপাশ পৰিস্কাৰ কৰাৰ লগতে মাৰ নামত একোটাকৈ গছপুলি ৰোপণ কৰে। আনহাতে আৰক্ষী বাহিনীৰ এই কাৰ্যসূচীক স্থানীয় ৰাইজে আদৰণী জনোৱাৰ লগতে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে ।