Logo
image

গৰু চোৰ কোন?

উত্তৰ বৈদিক যুগত ভাৰতবৰ্ষত গো মাংস ভক্ষণ কৰা হৈছিল  বুলি জনা  যায়৷  সেই সময়ত বিভিন্ন জনগোষ্ঠীয় লোকে গো মাংস ভক্ষণ কৰিছিল৷ আনহাতে, বৈদিক যুগত বিভিন্ন দেৱ-দেৱীক সন্তুষ্ট কৰিবলৈ গৰু বলি দিয়া প্ৰথা আছিল বুলি ঋগবেদ আৰু যজুৰ্বেদত উল্লেখ আছে বুলি জনা যায়৷ কিন্তু সেই বলি দিয়া গো মাংস  পাছত ভক্ষণ কৰা হৈছিল নে সেই কথা স্পষ্টকৈ পোৱা নাযায়৷ গো মাংস মানুহৰ প্ৰাথমিক আহাৰৰ তালিকাত  নাছিল৷  মধ্য যুগত মুছলমানসকল ভাৰতলৈ অহাৰ পাছৰ পৰা গো মাংসৰ প্ৰচলন বৃদ্ধি পাবলৈ ধৰিলে৷ মধ্য যুগৰ পৰাই ভাৰতত সনাতনী ধৰ্মৰ চিন্তা-চৰ্চাও বৃদ্ধি পাবলৈ ধৰিলে আৰু গৰুক পৱিত্ৰ জীৱ হিচাপে গণ্য কৰি পূজা অৰ্চনাও অধিক হ’ল৷ লগে লগে গো মাংস ভক্ষণৰ ওপৰতো  বাধা-নিষেধ আহিল৷

যদিও পৌৰানিক কালৰে পৰাই গৰুক পৱিত্ৰ জীৱ হিচাপে ভাৰতবৰ্ষত বিশ্বাস কৰা হৈছিল, তথাপি বহু জাতি-জনগোষ্ঠীয়ে মুছলমানসকল ভাৰতলৈ আহাৰ আগৰ পৰা কোনো কোনো ঠাইত গো মাংস ভক্ষণ কৰিছিল বুলি জনা যায়৷  বেদ-উপনিষদ ৰচনা হোৱা কালৰে পৰা ভাৰতত হিন্দু ধৰ্ম আৰম্ভ হৈছিল যদিও ইয়াৰ প্ৰসাৰ ঘটিবলৈ কিছু সময় লাগিল৷ পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্মসমূহৰ এটা  হৈছে হিন্দু ধৰ্ম৷ হিন্দু ধৰ্মৰ প্ৰসাৰৰ লগে লগে ভাৰতত অধিক ধৰ্মীয় পৰিৱৰ্তন হ’ল  আৰু গৰুক মাতৃৰ স্থানত স্থাপন কৰা হ’ল৷ যাৰ লগে লগে গো হত্যা মহা পাপ বুলি গণ্য কৰা হ’ল আৰু গো মাংস ভক্ষণো হিন্দুৰ বাবে  মহা পাপ হৈ পৰিল৷ ইয়াৰ বিপৰীতে খ্ৰীষ্টান, মুছলমান আৰু আন ধৰ্মৰ লোকে গো মাংস খাদ্যৰ তালিকাত উৎকৃষ্ট স্থান দি ৰাখিলে৷  উত্তৰ ভাৰতৰ লগতে গুজৰাট, মধ্য প্ৰদেশ, ৰাজস্থানত গো মাংস ভক্ষণ চৰকাৰীভাৱে নিষিদ্ধ যদিও বহু  ৰাজ্য  যেনে কেৰালা,  তামিনাড়ু, কৰ্ণাটক, পশ্চিমবংগ  আৰু উত্তৰ-পূৰ্বাঞ্চলৰ  জনগোষ্ঠীয় ৰাজ্যকেইখনত গো মাংস  আজিও ভক্ষণ কৰা  হয়৷ 

অসমতো মুছলমান লোকসকলে গো মাংস ভক্ষণ কৰে যদিও অলপতে  চৰকাৰে অসমৰ ৰাজহুৱা স্থানত গো মাংস নিষিদ্ধ কৰিছে ৷ এই লৈয়ে অসমত এতিয়া ৰাজনৈতিক তৰ্ক-বিতৰ্ক৷  চাবলৈ গ’লে ই এটা সাধাৰণ কথা৷ ভাৰতৰ সংবিধান মতেই খাদ্য আৰু ধৰ্ম মানুহৰ মৌলিক অধিকাৰ৷ বিভিন্ন ধৰ্মাৱলম্বী লোকৰ খাদ্যও ভিন্ন৷  শেহতীয়াকৈ ভাৰতত বৃদ্ধি পাবলৈ ধৰা ধৰ্মীয় বৈষ্যমৰ বাবেই  বিষয়টোৱে অধিক চৰ্চা লাভ কৰিছে আৰু অসমৰ জনতাই অন্য সমস্যাসমূহ ক্ষন্তেকৰ বাবে পাহৰি গো মাংসৰ বিষয়টোত উবুৰি খাই পৰিছে৷ যাৰ সুৰুঙাইদি চৰকাৰে নিজৰ বিফলতাবোৰ ঢাকিবলৈ চেষ্টা কৰাৰ লগতে মূল সমস্যাৰ পৰা জনতাক আঁতৰাই ৰাখিবলৈ সক্ষম হৈছে৷

বিশ্বত আটাইতকৈ বেছি ভক্ষণ কৰা মাংসৰ তালিকাত গো মাংসৰ স্থান হৈছে তৃতীয়৷  দ্বিতীয় গাহৰি মাংস আৰু প্ৰথম স্থানত আছে  মূৰ্গীৰ  মাংস৷ আটাইতকৈ ডাঙৰ কথাটো হৈছে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ গো মাংস ৰপ্তানি কৰা দেশ সমূহৰ ভিতৰত ভাৰতৰ স্থান হৈছে  দ্বিতীয়৷ অৰ্থাৎ বিশ্বৰ গো মাংসৰ  বুজন সংখ্যক চাহিদা ভাৰতে পূৰণ কৰি আহিছে৷ কথাটো এনেকুৱা হৈছে যে নিজৰ দেশত যি গৰুক মাতৃ  বুলি পূজা কৰা হয় সেই গৰুৰ মাংস ভাৰতে নিজে নাখাই বিশ্ববাসীক পৰম তৃপ্তিৰে খুৱাইছে৷ চাবলৈ গ’লে গৰুক মাতৃ জ্ঞান কৰি আনৰ বাবে গৰুৰ মাংস যোগান ধৰা ভাৰতবৰ্ষত গৰুক পূজা কৰাৰ নামত চৰম অপমানহে কৰা হৈছে৷ ই হিন্দু ধৰ্মৰ মৰ্যাদা কিদৰে ৰক্ষা কৰিছে সেয়াহে চিন্তনীয়৷ যি কি নহওক, সমগ্ৰ বিশ্বই  গো মাংস পৰম তৃপ্তিৰে খায় আৰু বহু ভাৰতীয় হিন্দু লোকেও বিদেশত  গৰু মাংসৰ সোৱাদ লয়৷ 

অসম চৰকাৰে গৰুক যিমানে উচ্চ আসনত বহুৱাই ৰাজনীতি কৰিবলৈ উঠিপৰি লাগিছে সিমানে গৰু সংক্ৰান্তীয় কেলেংকাৰীত চৰকাৰখন সাঙোৰ খাই পৰিছে৷ গৰু খুটিৰ দুগ্ধ উৎপাদন প্ৰকল্পৰ গৰু ৰাজ্যৰ বিজেপি নেতা মন্ত্ৰীয়ে চুৰি কৰাৰ খবৰে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ গৰম কৰি ৰাখিছে৷ গৰুক পূজা কৰিবলৈ ৰাজ্যবাসীক  উদ্বুদ্ধ কৰা, গো সুৰক্ষাৰ নামত আইন-কানুন সৃষ্টি কৰা চৰকাৰখনেই যদি গৰুৰ নামত কেলেংকাৰী কৰি ৰাজ্যবাসীক নিজৰ স্বৰূপ উদঙাই দেখুৱায় তেন্তে সেইখন চৰকাৰক কিদৰে আস্থা আৰু বিশ্বাসত ল’ব পাৰি৷ নিতৌ এই গৰু চুৰি কাণ্ডক লৈ নতুন তথ্য উন্মোচিত হ’ব ধৰিছে৷ বিজেপি নেতা-মন্ত্ৰীয়ে গীৰ গাই চুৰি কৰাক লৈ আৰম্ভ হৈছে নতুন ৰাজনীতি৷ গীৰ গাইৰ খুন্দাত থৰকাচুটি হেৰুওৱাৰ উপক্ৰম হৈছে অসম চৰকাৰৰ৷ গৰু চুৰি কাণ্ডক তল পেলাবলৈ চৰকাৰে নানান কৌশল কৰি  ‘ইছ্যু ডাইভাৰ্ট’ৰ যুঁজত নামি পৰিছে যদিও সফল হ’ব পৰা নাই৷ এতিয়া সৰ্বত্ৰ এটাই প্ৰশ্ন– ‘গৰু চোৰ কোন’?