Logo
image

‘ব্ৰিক্স’ৰ পশ্চাদগমন

২০২৫ চনত ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত সমাপ্ত হোৱা সপ্তদশ ব্ৰিক্স শীৰ্ষ সন্মিলনত গোলকীয় শাসন, বিত্ত, কৃত্ৰিম বুদ্ধিমত্তা, জলবায়ু পৰিৱৰ্তন আৰু স্বাস্থ্যৰ দৰে বিস্তৃত এজেণ্ডা গ্ৰহণ কৰা সত্ত্বেও সদস্য ৰাষ্ট্ৰসমূহৰ মাজত শক্তি আৰু ঐক্যৰ অভাৱ পৰিলক্ষিত হৈছিল৷ মুখ্য নেতাসকলৰ অনুপস্থিতি-ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আন্তৰ্জাতিক অপৰাধী আদালতৰ গ্ৰেপ্তাৰী পৰোৱানাৰ বাবে ভাৰ্চুৱেলী অংশগ্ৰহণ কৰিছিল আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে সম্পূৰ্ণৰূপে অনুপস্থিত আছিল– ইয়াক ব্ৰিক্সৰ আভ্যন্তৰীণ বিভাজনৰ স্পষ্ট লক্ষণ হিচাপে বহুতেই গণ্য কৰিছে৷ শ্বি জিনপিঙে শীৰ্ষ সন্মিলনত অংশগ্ৰহণ নকৰি তাৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী লি কিয়াঙক এই সন্মিলনলৈ পঠোৱাৰ সিদ্ধান্তই এনে উদ্বেগৰ সৃষ্টি কৰিছিল যে পশ্চিমীয়া আধিপত্যৰ প্ৰতিৰোধ ব্যৱস্থা হিচাপে গঢ়ি তোলা ব্ৰিক্সৰ প্ৰতি চীনৰ উৎসাহ হয়তো কমি গৈছে৷ 

ব্ৰিক্স শীৰ্ষ সন্মিলন সন্দৰ্ভত সবাতোকৈ উল্লেখযোগ্য প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে৷ তেওঁ ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰসমূহক সতৰ্কবাণী শুনাইছিল যে, ব্ৰিক্সৰ আমেৰিকাবিৰোধী অৱস্থানৰ সৈতে সংগতি ৰখা দেশসমূহৰ বিৰুদ্ধে অতিৰিক্ত ১০ শতাংশ শুল্ক আৰোপ কৰিবলৈ তেওঁ মুঠেও কুণ্ঠাবোধ নকৰিব৷ ট্ৰাম্প প্ৰশাসনে ব্ৰিক্সৰ প্ৰতি, বিশেষকৈ ইয়াৰ আমেৰিকাৰ ডলাৰৰ আধিপত্যক প্ৰত্যাহ্বান জনোৱাৰ বাবে ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত এটা উমৈহতীয়া মুদ্ৰা সৃষ্টিৰ ক্ষেত্ৰত হোৱা ক্ৰমাগত আলোচনাৰ প্ৰতি সতৰ্ক হৈ আছে৷ ২০২৪ চনত ব্ৰিক্সৰ বাণিজ্যৰ পৰিমাণ প্ৰায় ৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰত উপনীত হৈছিল– যি বিশ্বৰ মুঠ ৰপ্তানিৰ প্ৰায় ২২ শতাংশ৷ গতিকে, এনে এটা পদক্ষেপে সমগ্ৰ বিশ্বতে আমেৰিকাৰ অৰ্থনৈতিক আধিপত্যৰ প্ৰতি উল্লেখযোগ্য ভাবুকিৰ সৃষ্টি কৰিব পাৰে৷ 

২০২৪ চনত কাজানত অনুষ্ঠিত ব্ৰিক্স শীৰ্ষ সন্মিলনত ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহে সোণৰ সমৰ্থনপ্ৰাপ্ত এটা উমৈহতীয়া মুদ্ৰাৰ বিষয়ে গুৰুত্বসহকাৰে বিবেচনা কৰিছিল৷ কিন্তু ৰিঅ’ শীৰ্ষ সন্মিলনে এই প্ৰস্তাৱৰ বিষয়ে বিশেষ কোনো আলোচনা আগবঢ়োৱা দেখা নগ’ল৷ ইয়াৰ বিপৰীতে, চূড়ান্ত ঘোষণাপত্ৰত বিশ্ব অৰ্থনীতিত আমেৰিকাৰ ডলাৰৰ প্ৰাসংগিকতাক স্বীকাৰ কৰি লোৱাহে দেখা গ’ল, যিয়ে পূৰ্বৰ আক্ৰমণাত্মক অৱস্থানৰ পৰা পিছুৱাই যোৱাৰ ইংগিত দিলে৷ 

ব্ৰিক্সৰ উমৈহতীয়া মুদ্ৰা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত দুটা মুখ্য বাধা আছে৷ প্ৰথমটো হৈছে– আভ্যন্তৰীণ বিভাজন, বিশেষকৈ চীন আৰু ভাৰতৰ মাজত৷ বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতিৰ দেশ ভাৰতে এনে এটা অৰ্থনৈতিক গাঁথনিৰ সমৰ্থন নকৰিব যিয়ে চীনৰ কৌশলগত প্ৰভাৱ বৃদ্ধি কৰিব পাৰে৷ দ্বিতীয় বাধাটো হৈছে, ব্ৰিক্সৰ সদস্য দেশসমূহ আমেৰিকাৰ সৈতে বাণিজ্যৰ ক্ষেত্ৰত নিৰ্ভৰশীলতা৷ ব্ৰাজিল, চীন আৰু ভাৰতৰ দৰে দেশসমূহে আমেৰিকাৰ সৈতে শক্তিশালী ৰপ্তানি সম্পৰ্ক বজাই ৰখাৰ প্ৰতি আগ্ৰহী আৰু এই ক্ষেত্ৰত ট্ৰাম্পৰ অত্যধিক শুল্ক আৰোপৰ ভাবুকিয়ে তেওঁলোকক বিকল্প মুদ্ৰাৰ সন্ধানৰ পৰা আঁতৰি আহিবলৈ বাধ্য কৰাইছে৷ 

২০২৪ চনৰ ডিচেম্বৰত পুনৰ নিৰ্বাচিত হোৱাৰ পাছত ট্ৰাম্পে স্পষ্ট কৰি দিছিল যে ব্ৰিক্সৰ বিকল্প মুদ্ৰা প্ৰৱৰ্তনৰ যিকোনো প্ৰচেষ্টাৰ প্ৰত্যুত্তৰ হিচাপে সেই ৰাষ্ট্ৰসমূহৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰা হ’ব৷ ট্ৰাম্পৰ এনে ভাবুকিৰ ফলত ব্ৰিক্সৰ সদস্য দেশসমূহ অধিক দ্বিধাগ্ৰস্ত হৈ পৰিছে, কিয়নো আমেৰিকাৰ ৰাষ্ট্ৰপতিজনে এনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলে ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰসমূহৰ জাতীয় স্বাৰ্থত বাৰুকৈয়ে আঘাত হানিব৷ 

যদিও ব্ৰিক্সত বৰ্তমান ১১খন সদস্য ৰাষ্ট্ৰ আছে, যিয়ে বিশ্বৰ ৪০ শতাংশ জনসংখ্যা আৰু অৰ্থনৈতিক উৎপাদনক প্ৰতিনিধিত্ব কৰে, তথাপি এই গোটটোত সদস্যসকলৰ মাজত প্ৰকৃত গোলকীয় নেতৃত্ব প্ৰদানৰ বাবে প্ৰয়োজনীয় ঐক্য আৰু সামঞ্জস্যৰ অভাৱ দেখা যায়৷ শীৰ্ষ সন্মিলনৰ আয়োজক হিচাপে ব্ৰাজিলে ব্ৰিক্সক পশ্চিমীয়া আধিপত্যৰ বিকল্প হিচাপে বহুপাক্ষিক মঞ্চ হিচাপে উপস্থাপনৰ চেষ্টা কৰিছিল৷ কিন্তু আভ্যন্তৰীণ বিপৰীতমুখিতা–যেনে চীন আৰু ভাৰতৰ মাজৰ উত্তেজনা আৰু ভূ-ৰাজনৈতিক বিষয়ত বিপৰীতমুখী অৱস্থান– এই প্ৰচেষ্টাক দুৰ্বল কৰি তুলিছে৷ 

উদাহৰণস্বৰূপে, ব্ৰিক্সে ইজৰাইল আৰু আমেৰিকাৰ মধ্যপ্ৰাচ্যৰ কাৰ্যকলাপৰ সমালোচনা কৰিছিল, কিন্তু ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ নিন্দা কৰাৰ পৰা বিৰত আছিল, বৰঞ্চ ৰাছিয়াৰ আন্তঃগাঁথনিত ইউক্ৰেইনৰ আক্ৰমণৰ নিন্দাহে কৰিছিল৷ একেদৰে, এই পাৰিপাশ্বিৰ্ক সুৰক্ষাৰ প্ৰতিশ্ৰুতিসমূহ প্ৰতি এই ৰাষ্ট্ৰসমূহ অধিক দায়বদ্ধ যেনো অনুভৱ নহয়, কিয়নো ইয়াৰ সদস্যসকলৰ মাজত প্ৰধান দূষণকাৰী আৰু জীৱাশ্ম ইন্ধন ১৫ানিকাৰী দেশসমূহৰ উপস্থিতি দেখা যায়৷ 

মুঠৰ ওপৰত, গোলকীয় মঞ্চত প্ৰাসংগিক হৈ থাকিবলৈ ব্ৰিক্সে ইয়াৰ আভ্যন্তৰীণ বিপৰীতমুখিতাৰ সৈতে মোকাবিলা কৰি পৰিৱৰ্তিত গোলকীয় ব্যৱস্থাৰ জটিলতাৰ সৈতে সংগতি ৰাখি এটা সামঞ্জস্যপূৰ্ণ, ব্যৱহাৰিক দৃষ্টিভংগী গঢ়ি তুলিব লাগিব৷