উক্তি-বক্ৰোক্তি
আমি এতিয়াই ইন্ধনৰ ছুইচ বন্ধ হৈ যোৱাৰ বাবে কোনো সিদ্ধান্তত খৰধৰকৈ উপনীত হোৱাটো উচিত নহয়৷ মোৰ বিশ্বাস, বিশ্বৰ ভিতৰত সকলোতকৈ ভাল পাইলট আমাৰ ভাৰততে আছে৷ তেওঁলোক অসামৰিক পৰিবহণৰ মেৰুদণ্ড৷ এই ভুল প্ৰযুক্তিগতও হ’ব পাৰে৷
– অসামৰিক পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডু
মুখ্যমন্ত্ৰীয়ে উচ্ছেদক ৰাজনৈতিক হাথিয়াৰ হিচাপে লৈছে৷ তেওঁ ভাবিছে, মুছলমানৰ ঘৰ ভাঙি পেলালে হিন্দুৱে বিজেপিক ভোট দিব৷ এইটোৱেই তেওঁৰ দৰ্শন৷ এটা কথা নিশ্চিত থাকক, মাটি কাঢ়ি আনি হিমন্ত বিশ্ব শৰ্মাই অসমীয়াক নিদিয়ে৷ আদানি, আম্বানি, ৰামদেৱক দিব৷
–শিৱসাগৰৰ বিধায়ক অখিল গগৈ
দ্ৰুতভাৱে খেলাৰ সময় নিয়ন্ত্ৰণৰ কিছুমান প্ৰশিক্ষণ আমি লৈ আছোঁ৷ বহুতে পাহৰি যায় গুকেশ মাথোঁ ১৯ বছৰীয়া ল’ৰা৷ মাজে মাজে তেৱোঁ পাহৰি যায়৷ ব’ৰ্ডৰ সিপাৰে থকা প্ৰতিদ্বন্দ্বীক তেওঁ ধবংস কৰি দিব খোজে৷
–ডি গুকেশৰ প্ৰশিক্ষক গ্ৰেজেগৰ্জ জাৱেস্কি
অখিল গগৈৰ কথাত উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয় নচলে৷ উচ্ছেদৰ বাবে উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আছে৷ অখিল গগৈৰ কথা শুনা মোৰ অভ্যাসো নাই, আগতেও শুনা নাছিলোঁ, এতিয়াও নুশুনো৷
–মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
পৰাজিত হোৱাটো দুখৰ কথা৷ কিন্তু আশাকৰোঁ এয়াই মোৰ চেণ্টাৰ ক’ৰ্টত শেষ মেচ নহয়৷ আজিয়েই মোৰ উইম্বলডনৰ কেৰিয়াৰ সামৰাৰ পৰিকল্পনা নাই৷
–টেনিছ তাৰকা ন’ভাক জক’ভিছ
অসমত অসমীয়া ভাষা সকলোৱে গ্ৰহণ কৰিবই লাগিব৷ এয়া আমাৰ মাতৃভাষা৷ মাতৃভাষাক আমি মৰ্যাদা দিবই লাগিব৷ তাৰ গত্যন্তৰ নাই৷
–কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
মই ভবা নাছিলোঁ এম পি হৈ ইমান পৰিশ্ৰম কৰিব লাগিব৷ মোক যেতিয়া এই প্ৰস্তাৱ দিয়া হৈছিল, তেতিয়া জনোৱা হৈছিল ৬০-৭০ দিন সংসদত উপস্থিত থাকিলে হ’ব৷ এতিয়া নলা পৰিষ্কাৰ কৰা, পথ চাফা কৰাৰ সমস্যা লৈও মানুহ আহি ঘৰ পায়হি৷ সেয়া মোৰ পছন্দ নহয়৷
–বিজেপিৰ সাংসদ কংগনা ৰানাৱত
প্ৰতিবাদ কৰি লাভ নাই৷ আইন-আদালত থকা অৱস্থাত ৰাজ্যত বেআইনীভাৱে উচ্ছেদ চলিব নোৱাৰে৷ উচ্ছেদৰ পূৰ্বে চৰকাৰে জাননী দিছে৷ তাৰ পাছত উচ্ছেদ কৰা হৈছে৷ এই কথাত আমছুৱে প্ৰতিবাদ কৰি কোনো লাভ নহ’ব৷ আইন মানি সকলো বেদখলকাৰী আঁতৰি গৈছে৷
–কাজিৰঙাৰ সাংসদ কামাখ্যা তাছা
বাৰে বাৰে বল সলাবলগীয়া হৈছে৷ ইয়াত মোৰ কৰিবলগীয়া একো নাই৷ এই বিষয় লৈ মন্তব্য কৰিলে মই জৰিমনা ভৰিব লাগিব৷ কঠোৰ পৰিশ্ৰম কৰি খেলি মেচ ফী পাওঁ৷ মই বল বেয়া বুলি কৈ হেৰুৱাব নোখোজোঁ৷
–টীম ইণ্ডিয়াৰ তাৰকা বলাৰ যশপ্ৰীত বুমৰা






