বিৰোধীৰ একতা সম্ভৱ হ’বনে?
নিৰ্বাচন অহাৰ লগে লগেই বিৰোধীৰ একতাৰ বিষয়টো পুনৰ প্ৰাসংগিক হৈ উঠা দেখা গৈছে৷ গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছ সভাপতি পদত নিযুক্তি দিয়াৰ পাছৰে পৰা দলটোৱে নিজৰ সাংগঠনিক দিশটো শক্তিশালী কৰি তোলাৰ বাবে তৎপৰ হৈ উঠা দেখা গৈছে৷ ইয়াৰ লগে লগে বিৰোধী পুনৰ শক্তিশালী ৰূপত থিয় দিয়া প্ৰসংগটো আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ বিগত কেইবাটাও নিৰ্বাচনত কংগ্ৰেছ দলকে ধৰি আটাইকেইটা বিৰোধী দলেই বিজেপি দলৰ শক্তিৰ সন্মুখত টিকি থাকিবলৈ সক্ষম নোহোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে আগন্তুক বিধানসভাত ঈপ্সিত লক্ষ্যত উপনীত হ’বলৈ হ’লে নিজৰ মাজত সমন্বয় গঢ়ি তোলাৰ বিকল্প নাই৷ কিন্তু বিৰোধী দলৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল তেওঁলোকৰ মাজত সমন্বয়ৰ অভাৱ৷ পূৰ্বৰ নিৰ্বাচনসমূহৰ অভিজ্ঞতাৰ পৰা ক’ব পাৰি যে, কেৱল নিৰ্বাচনৰ আগে আগেহে বিৰোধীৰ একতাৰ ক্ষেত্ৰত ভীমৰ বচন আওৰোৱা এই দলসমূহে নিৰ্বাচন শেষ হোৱাৰ লগে লগেই এটাই আনটোৰ বিৰুদ্ধে শক্তিশেল মাৰিবলৈ উদ্যত হৈ পৰে৷ কিন্তু এনে সুবিধাবাদী ৰাজনীতিৰ দ্বাৰা জনতাৰ সেৱা কৰাটো সম্ভৱ নহয়৷ যদিহে বিৰোধী দলসমূহে প্ৰকৃতাৰ্থত বিজেপি দলক ক্ষমতাৰ পৰা উৎখাত কৰিব বিচাৰে, তেনেহ’লে জনসাধাৰণক তেওঁলোকৰ একতাৰ বিষয়ে বিভ্ৰান্ত কৰি ৰখাৰ বিপৰীতে নিজকে গেৰুৱা দলটোৰ এক উচিত বিকল্প হিচাপে জনসাধাৰণৰ মাজত আগবঢ়াই দিব পাৰিব লাগিব৷
বিৰোধী দলসমূহৰ মাজত সমন্বয় গঢ়ি তোলাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব কংগ্ৰেছে৷ বিৰোধী দলসমূহৰ আটাইতকৈ শক্তিশালী দল হিচাপে কংগ্ৰেছ দলে সকলোকে লগত লৈ চলাৰ ৰণনীতি গ্ৰহণ কৰিব লাগিব৷ কিন্তু পূৰ্বৰ কেইবাটাও নিৰ্বাচনৰ পৰিক্ৰমা প্ৰত্যক্ষ কৰিলে এনে লাগে যে, বিৰোধী একতাৰ বিষয়টোক লৈ কংগ্ৰেছ দল যেন নিজেই আশ্বস্ত নহয়৷ ক্ষমতাৰ পৰা বহুদিন বিতাড়িত হৈ থাকি কংগ্ৰেছ দলৰ সাংগঠনিক শক্তি বৰ্তমান তেনেই নিশকতীয়া হৈ পৰিছে৷ গতিকে নিজৰ সাংগঠনিক দিশটোক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত বিৰোধীৰ একতাৰ বিষয়টোক লৈ দলটোৱে এখোজ আগুৱাই দুখোজ পিছুৱাই অহাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ তেওঁলোকে নিশ্চয় অনুধাৱন কৰিছে যে, যদিহে নিজৰ সাংগঠনিক দিশটো শক্তিশালী কৰিব নোৱাৰে, তেনেহ’লে বিৰোধী মৰ্চাৰ সৰ্ববৃহৎ দল হ’লেও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা আসনৰ দৰ-দামৰ ক্ষেত্ৰত দলটো পিছপৰি থাকিব লাগিব৷ তদুপৰি যদিহে দলটোৱে এনে সাংগঠনিক অৱস্থাৰে যদি বিৰোধীৰ মিত্ৰতাৰ বিষয়টো আগুৱাই নিয়ে, তেনেহ’লে নিজৰ ৰাজনৈতিক ভেটি অধিক সংকুচিত হৈ পৰাৰ পূৰামাত্ৰাই সম্ভাৱনা থাকিব৷ কিন্তু ইয়াৰ সমান্তৰালভাৱে নিজৰ সাংগঠনিক ভেটি সুদৃঢ় কৰি তোলাৰ স্বাৰ্থত বিৰোধী মিত্ৰতাৰ বিষয়টো বহুদিনলৈকে পিছুৱাই থ’লে বিজেপি দলক একত্ৰিতভাৱে ৰাজনৈতিক আক্ৰমণ কৰাৰ সুযোগো হেৰুৱাব, যাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ ওপৰত৷ ইয়াৰ পূৰ্বাভাস পোৱা গ’ল কিছুদিন পূৰ্বে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু বিধানসভাৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াৰ শিৱসাগৰকেন্দ্ৰিক ৰাজনৈতিক বাক-বিতণ্ডাৰ জড়িয়তে৷ অখিল গগৈৰ মতে, যিমান পাৰি সিমান সোনকালে বিৰোধী একতাৰ বিষয়টো নিষ্পত্তি কৰিব লাগে আৰু কংগ্ৰেছ দলৰ মত হ’ল, প্ৰথমতে নিজৰ সাংগঠনিক ভেটিটো শক্তিশালী কৰি ল’ব লাগে৷ বিৰোধী দলসমূহৰ মাজৰ এনে আভ্যন্তৰীণ দ্বন্দ্বই সকলোতকৈ বেছি লাভৱান কৰিব বিজেপি দলক৷ নিজৰ আদৰ্শ আৰু মজবুত সাংগঠনিক ভেটিক ক্ৰমাগতভাৱে শক্তিশালী কৰি তোলা গেৰুৱা দলটোৱে নিজাববীয়াকৈয়ে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ সাজু থকা দেখিবলৈ পোৱা গৈছে৷ তদুপৰি, বিজেপি দলৰ মিত্ৰ দলসমূহ গেৰুৱা দলটোৰ প্ৰতি অত্যন্ত অনুগত৷ কিন্তু বিৰোধী দলসমূহৰ ক্ষেত্ৰত ইয়াৰ এক বিপৰীত প্ৰতিচ্ছবিহে দেখিবলৈ পোৱা যায়৷
এনে পৰিৱেশত উত্থাপিত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল যে, যিটো মৰ্চাৰ অংশীদাৰ দলসমূহৰ মাজতেই আন্তৰিকতা আৰু সমিলমিলৰ অভাৱ, তেনে প্ৰক্ষাপটত তেওঁলোকৰ ঐক্যবদ্ধ নিৰ্বাচনী যুঁজৰ কচৰতত অসমৰ জনসাধাৰণে বিশ্বাস ৰাখিবনে? যিটো মৰ্চাই নিজৰ মাজতেও সুস্থিৰতা সৃষ্টি কৰিবলৈ সক্ষম হোৱা নাই, তেওঁলোকে কিমান দূৰলৈ জনসাধাৰণৰ অভাৱ-অভিযোগ, সমস্যাৰাজিৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম? এই বিষয়বোৰৰ ওপৰত তেওঁলোকে আলোকপাত কৰাৰ লগতে সময় থাকোঁতেই নিজৰ মাজৰ সমন্বয় সুদৃঢ় কৰি লোৱাটো প্ৰয়োজন৷






