Logo
image

উক্তি-বক্ৰোক্তি

 অনুপ্ৰৱেশকাৰীসকলৰ হৈ পোনপটীয়াকৈ নামি পৰিছে তৃণমূল কংগ্ৰেছ৷ কাণ খুলি সকলোৱে শুনি থওঁক, অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে সংবিধান অনুযায়ী পদক্ষেপ গ্ৰহণ কৰা হ’ব৷ তাত কোনো দ্বিমত নাই৷ কেৱল পশ্চিমবংগতে নহয়, সমগ্ৰ দেশতে আমি অনুপ্ৰৱেশকাৰীক বিচাৰি উলিয়াম৷ সেই ব্যৱস্থা ইতিমধ্যে আৰম্ভ হৈ গৈছে৷ পশ্চিমবংগ সেই পদক্ষেপৰ পৰা সাৰি নাযাব৷ বিদেশী ভোটাৰেৰে তৃণমূল কংগ্ৰেছ বিজয়ী হ’ব নোৱাৰিব৷  

– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

  মা কালীক প্ৰধানমন্ত্ৰীয়ে অলপ দেৰিকৈ মাতিলে৷ দিনটো কেতিয়াবাই আৰম্ভ হৈছে৷ তেওঁ সভা দেৰিকৈ আৰম্ভ কৰিলে মানে এয়া নহয় যে মা কালীৰ আৰাধনাও দেৰিকৈ হ’ব৷ বাঙালীয়ে মা কালীৰ আৰাধনা ৰাতিপুৱাই কৰে৷ আৰু এটা কথা– মা কালীয়ে ঢোকলা নাখায়৷ মা কালী নিৰামিষভোজী নহয়৷ দিল্লীৰ চিত্তৰঞ্জন পাৰ্কৰ পৰা মন্দিৰ থকাৰ বাবেই মাছৰ বেপাৰীক খেদিলেও ইয়াত সেইবোৰ নচলিব৷ 

– তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ

  বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই মাৰাঠী মানুহক ‘পটক পটককৈ মাৰিব’ বুলি কৈছিল৷ তেওঁ বিহাৰ-উত্তৰ প্ৰদেশত দাদাগিৰি দেখুৱাব পাৰে৷ কিন্তু আমাৰ ইয়াত নিশিকান্ত ডুবে আৰু বিজেপিৰ দাদাগিৰি নচলিব৷ মই নিশিকান্ত ডুবেক প্ৰত্যাহ৩ান জনাই কৈছোঁ– তেওঁ মহাৰাষ্ট্ৰলৈ আহিলে আমি সাগৰত পেলাই ‘ডুবাই ডুবাই মাৰিম’৷  

– এম এন এছৰ মুৰব্বী ৰাজ থাক্‌ৰে


  ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ৷ এইখন দেশত সকলো সংখ্যালঘু নাগৰিক নিৰাপদ৷ ভাৰতত সংখ্যালঘু নাগৰিকে সকলোধৰণৰ স্বাধীনতা আৰু নিৰাপত্তা সংখ্যাগৰিষ্ঠ হিন্দুৰ পৰা লাভ কৰি আহিছে৷ কিছুসংখ্যক ৰাজনৈতিক দলে ভাৰতক সংখ্যালঘু নাগৰিকে নিৰাপত্তা আৰু অধিকাৰ নাপায় বুলি অপপ্ৰচাৰ চলাই আছে৷ কিন্তু আমাৰ চৰকাৰে সংবিধানত থকা সকলো অধিকাৰ আৰু নিৰাপত্তা সংখ্যালঘু নাগৰিকক প্ৰদান কৰি আহিছে৷ 

– কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু

  বিজেপি চৰকাৰে বিহাৰক তালিবানৰ শাসনৰ পৰ্যায়লৈ লৈ গৈছে৷ কেইদিনমান পূৰ্বে গয়াত এজন চিকিৎসকক গুলীয়াই মাৰিলে৷ পাটনাত অলপতে এগৰাকী মহিলা আৰু এজন ব্যৱসায়ীক গুলীয়াই মাৰিলে৷ বৃহস্পতিবাৰে চাৰিজনে হাস্পতালত সোমাই আন এজন প্ৰতিদ্বন্দ্বীক গুলীয়াই মাৰিলে৷ এয়া তালিবানী শাসন নহয় কি? নীতিশ কুমাৰৰ জে ডি [ইউ]ৰ সৈতে বিহাৰত বিজেপিয়ে চৰকাৰ চলাই আছে৷ সেই চৰকাৰৰ দিনত এতিয়া নিৰ্বাচন কাষ চাপি অহাৰ সময়ত ইটোৰ পাছত সিটো হত্যাকাণ্ড সংঘটিত হৈছে৷ 

– বিহাৰৰ আৰ জে ডিৰ বিধায়ক তেজস্বী যাদৱ

 পলাশ মুচ্ছল– একেবাৰে প্ৰথমৰ পৰাই তুমিয়েই মোৰ শান্তি আৰু উচ্ছ্বাস৷ মোৰ আটাইতকৈ ডাঙৰ চিয়েৰ লীডাৰ তুমি৷ তোমাৰ পৰাই মই খেলপথাৰত আটাইতকৈ বেছি অনুপ্ৰাণিত হওঁ৷ খেলপথাৰৰ বাহিৰে-ভিতৰে কেনেকৈ চাপ চম্ভালিব লাগে সেয়া তুমিয়েই মোক শিকাইছা৷ তোমাক শুভ জন্মদিন জনাইছোঁ৷ 

– টীম ইণ্ডিয়াৰ মহিলা ক্ৰিকেটাৰ স্মৃতি মন্ধানা

  ড’নাল্ড ট্ৰাম্পে কৈছে, ‘অপাৰেশ্বন সিন্দূৰ’ত ভাৰতৰ পাঁচখন যুদ্ধবিমান ধবংস হ’ল৷ প্ৰকৃত সত্য কি– প্ৰধানমন্ত্ৰী মোদীজীয়ে জনাবনে?

– লোকসভাৰ বিৰোধী দলনেতা ৰাহুল গান্ধী