Logo
image

কৰ্মজীৱন আৰু ব্যক্তিগত জীৱনৰ ভাৰসাম্য

কৰ্মজীৱন আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো আজিৰ যুগত ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে৷ ফলত বহু কৰ্মচাৰীৰ জীৱন দুৰ্বিষহ হৈ পৰা দেখা যায়৷ বহুতেই বিভিন্ন সমস্যাৰ বাবে কেতিয়াবা কৰ্মজীৱন ত্যাগ কৰিছে৷ আকৌ কাৰোবাৰ ব্যক্তিগত জীৱন অসহনীয় হৈ পৰিছে৷ বহু সংস্থা আৰু কোম্পানীয়ে বহু আগতেই কাৰ্যালয়ৰ বাবে নিৰ্ধাৰিত সময়ৰ সীমা অতিক্ৰম কৰিছে৷ বহু কৰ্মচাৰীৰ বাবে একেৰাহে ১০১ পৰা ১২ ঘণ্টা কাম কৰাৰ পাছতো ঘৰলৈ আহি লেপটপটো লৈ বহি থকাটো দৈনন্দিন কামৰ দৰেই হৈ পৰিছে৷ যাৰ ফলত নিজৰ আৰু পৰিয়ালৰ বাবে সময় নোহোৱা হৈ পৰিছে৷ কৰ্মজীৱনৰ মানসিক চাপে ব্যক্তিগত সম্পৰ্ক আৰু মানসিক শান্তি যেন থেতেলিয়াই ভাঙি পেলাইছে৷

এনে পৰিস্থিতিত ছান ফ্ৰান্সিস্কোৰ ‘ৰিম’ট’ নামৰ এটা সংস্থাই বিশ্বব্যাপী চলোৱা এটা সমীক্ষাই কিছু গুৰুত্বপূৰ্ণ তথ্য আগবঢ়াইছে৷ এই সমীক্ষাটোত কোৱা হৈছে যে কিছুমান বিশেষ দেশত কৰ্মৰত কৰ্মচাৰীসকল আটাইতকৈ বেছি ‘সুখী’৷ কাৰণ সেইবিলাক দেশত কৰ্মৰ সময়, ছুটীৰ পৰিমাণ, কৰ্ম পৰিৱেশ আৰু ব্যক্তিগত জীৱনৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি ‘কৰ্ম-জীৱনৰ ভাৰসাম্য’ তালিকা প্ৰস্তুত কৰা হয়৷ ছান ফ্ৰান্সিস্কোৰ সংস্থা ‘ৰিম’টে’ চলোৱা ২০২৫ চনৰ এই সমীক্ষাত বিশ্বৰ ৬০খন দেশৰ কৰ্মচাৰীৰ কৰ্ম আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰক্ষাৰ অৱস্থাৰ বিষয়ে মূল্যায়ন কৰা হৈছে৷

এই তালিকাৰ শীৰ্ষত আছে নিউজীলেণ্ড৷ যোৱা তিনি বছৰ ধৰি চাকৰিৰ ভাৰসাম্যৰ ক্ষেত্ৰত শীৰ্ষত আছে দেশখন৷ নিউজীলেণ্ডত শ্ৰমিক-কৰ্মচাৰীৰ বাবে বছৰত ৩২ দিনৰ ছুটী, নমনীয় কৰ্মসূচী আৰু সুৰক্ষিত দৰমহাৰ নিশ্চয়তা আছে৷ ৰিম’টৰ সমীক্ষাই নিৰ্ধাৰণ কৰা ১০০ পইণ্টৰ ভিতৰত ৮৮.৬ পইণ্টেৰে প্ৰথম স্থানত আছে নিউজীলেণ্ড৷ 

দ্বিতীয় স্থানত আছে আয়াৰলেণ্ড৷ সমীক্ষাত প্ৰকাশ পাইছে যে তাত চাকৰিৰ নিৰাপত্তা আৰু শ্ৰমিক-কৰ্মচাৰীৰ স্থিতিশীলতা আছে৷ আয়াৰলেণ্ডে লাভ কৰিছে ৮১.১৭ পইণ্ট৷ তালিকাৰ তৃতীয় স্থানত আছে বেলজিয়াম [৭৬ পইণ্ট], য’ত সপ্তাহত মাত্ৰ ৩৪ ঘণ্টাহে কাম কৰাৰ প্ৰয়োজন হয়৷ ব্যক্তিগত সময় আৰু বিশ্ৰামক ইয়াত যথেষ্ট গুৰুত্ব দিয়া হৈছে৷ চতুৰ্থ স্থানত আছে জাৰ্মানী [৭৪.৭৫ পইণ্ট]৷ ইয়াত এবছৰত ৩০ দিনৰ ছুটী দিয়া হয়৷ ইয়াত সময়তকৈ কামৰ গুণগত মান আৰু দক্ষতাক অধিক গুৰুত্ব দিয়া হয়৷ সেয়ে কোনেও অফিচত দীৰ্ঘ সময় বহি নাথাকে৷ জাৰ্মানীৰ বহু কোম্পানীয়ে চাৰিদিনীয়া কৰ্ম সপ্তাহৰ সপক্ষে মত প্ৰকাশ কৰিছে৷

পঞ্চমৰ পৰা দশম স্থানত আছে ক্ৰমে নৰৱে’ [৭৪.২], ডেনমাৰ্ক [৭৩.৭৬], কানাডা [৭৩.৪৬], অষ্ট্ৰেলিয়া [৭২.১], স্পেইন [৭২] আৰু ফিনলেণ্ড [৭০.৮৬]৷ তেওঁলোকৰ সকলোৰে কামৰ সময় তুলনামূলকভাৱে কম, ছুটী বেছি আৰু শ্ৰমিকৰ মানসিক আৰু সামাজিক স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়া হয়৷

আশ্চৰ্যজনকভাৱে এই তালিকাৰ শীৰ্ষ ১০খনৰ ভিতৰত এছিয়াৰ এখনো দেশ নাই৷ ভাৰত, পাকিস্তান, বাংলাদেশ আদি ৰাষ্ট্ৰ বহু পিছপৰি আছে৷ আনহাতে, আচৰিত কথাটো হ’ল যে চাকৰিৰ সুযোগৰ ক্ষেত্ৰত বিশ্বৰ নেতা বোলা আমেৰিকাই ৬০খন দেশৰ ভিতৰত ৫৯সংখ্যক স্থানত আছে৷ বিশেষজ্ঞসকলে এই হ্ৰাসৰ কাৰণ দীঘলীয়া কামৰ সময়, সীমিত ছুটী আৰু কৰ্ম পৰিৱেশ বুলি মত প্ৰকাশ কৰিছে৷ গতিকে এই বিষয়টো সকলোৱে গুৰুত্বসহকাৰে গ্ৰহণ কৰা প্ৰয়োজন৷