‘অপাৰেচন সিন্দূৰ’ কিয় বন্ধ হ’ল
প্ৰথমে ঘোষণা কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যে তেওঁ ভাৰত আৰু পাকিস্তানৰ যুদ্ধ বন্ধ কৰিলে, দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি ঘটালে৷ তাৰ পাছত সঁচাকৈয়েই যুদ্ধ বন্ধ হ’ল৷ ভাৰতৰ বিজেপি চৰকাৰৰ বাবে, বিশেষকৈ প্ৰধানমন্ত্ৰী মোদীৰ বাবে কথাটো বৰ বিব্ৰত কৰাৰ দৰে হ’ল৷ তাৰ পাছত ট্ৰাম্পে বিভিন্ন উপলক্ষত পৃথিৱীৰ বিভিন্ন ঠাইত এই কথাটো দোহাৰি থাকিল যে তেওঁ ভাৰত আৰু পাকিস্তানৰ যুদ্ধ বন্ধ কৰিলে, দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি ঘটালে৷ তেওঁ আনকি কি উপায়েৰে এই যুদ্ধবিৰতি ঘটালে তাকো ব্যাখ্যা কৰিলে৷ ট্ৰাম্পে ক’লে যে দুয়োখন দেশকে ব্যৱসায়ৰ কথাৰে তেওঁ যুদ্ধবিৰতিৰ বাবে সন্মত কৰালে৷ বিজেপি চৰকাৰে, প্ৰধানমন্ত্ৰী মোদী, প্ৰতিৰক্ষা মন্ত্ৰী আৰু বিদেশ মন্ত্ৰীয়ে ট্ৰাম্পৰ এই দাবী সম্পৰ্কত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে৷ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক সংঘৰ্ষ অৱশ্যম্ভাৱী হৈ পৰিছিল৷ ভাৰত চৰকাৰে সৈন্যবাহিনীক প্ৰয়োজনীয়খিনি কৰিবলৈ সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছিল৷ আৰম্ভ হৈছিল ‘অপাৰেচন সিন্দূৰ’৷ এই সামৰিক অভিযানৰ বিষয়ে সৈন্যবাহিনীয়ে নিতৌ ৰাইজক অৱগত কৰিছিল৷ কিন্তু চৰকাৰৰ গুণানুকীৰ্তনেৰে বিজেপি দলৰ প্ৰচাৰ যন্ত্ৰত পৰিণত হোৱা ভাৰতৰ সৰহভাগ তথাকথিত ‘ৰাষ্ট˜ীয়’ প্ৰচাৰ মাধ্যমে, বিশেষকৈ নিউজ চেনেলবোৰে ‘অপাৰেচন সিন্দূৰ’ক লৈ এনেধৰণৰ নিৰ্লজ্জ অপপ্ৰচাৰত লিপ্ত হ’ল যে অপাৰেচন সিন্দূৰৰ কোনখিনি সঁচা আৰু কোনখিনি মিছা তাক নিৰ্ণয় কৰা সাধাৰণ ৰাইজৰ বাবে অসম্ভৱ হৈ পৰিল৷ এনে এক ধাৰণা গঢ়ি তোলা হ’ল যে ভাৰতে পাকিস্তানক পদানত কৰি নিঃশেষ কৰিব৷ নিউজ চেনেলৰ ভুৱা দেশপ্ৰেমৰ ঢৌত প্ৰকৃত তথ্য ক’ৰবালৈ উটি গ’ল৷ কিন্তু সকলোকে আচৰিত কৰি হঠাৎ যুদ্ধবিৰতি ঘোষণা হ’ল৷ আৰু যুদ্ধবিৰতিৰ কথা প্ৰথমে পৃথিৱীক জনালে আমেৰিকাৰ ৰাষ্ট˜পতি ট্ৰাম্পে৷ ভাৰতৰ বিদেশ নীতিৰ এটা মূলমন্ত্ৰ হ’ল– ভাৰতে নিজৰ আভ্যন্তৰীণ বিষয়ত আন কোনো দেশকে হস্তক্ষেপ কৰিবলৈ নিদিয়ে৷ কিন্তু ট্ৰাম্পৰ ঘোষণাৰ পাছত স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হ’ল– আমেৰিকাই ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিলে নেকি? ভাৰত চৰকাৰে আন এখন দেশক দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিবলৈ দিলে নেকি? আমেৰিকাই ভাৰতক বাধ্য কৰালে নেকি? এইধৰণৰ প্ৰশ্ন উত্থাপন হোৱাৰ বাবে আটাইতকৈ বেছিকৈ শ’লঠেকত পৰিল ভাৰতক বিশ্বগুৰুৰূপে প্ৰতিষ্ঠা কৰা বুলি, আন্তঃৰাষ্ট˜ীয় প্ৰেক্ষাপটত ভাৰতৰ সন্মান বৃদ্ধি হোৱা বুলি দাবী কৰা বিজেপি চৰকাৰ৷ ট্ৰাম্পৰ দাবী পোনপটীয়াকৈ অস্বীকাৰ কৰাৰ সলনি বিজেপি চৰকাৰে মৌনতা অৱলম্বন কৰাৰ বাবে বিজেপিবিৰোধীয়ে বিজেপি দল আৰু চৰকাৰক আক্ৰমণ কৰাৰ সুন্দৰ সুযোগ লাভ কৰিলে৷ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক সমগ্ৰ পৃথিৱীয়ে, আনকি পাকিস্তানেও গৰিহণা দিছিল৷ কিন্তু ভাৰতে যেতিয়া অপাৰেচন সিন্দূৰ আৰম্ভ কৰিলে, তেতিয়া দেখা গ’ল যে কোনেও মুকলিকৈ ভাৰতৰ সমৰ্থনত থিয় নহ’ল৷ বেছিভাগ দেশেই ভাৰত আৰু পাকিস্তানক সামৰিক সংঘাতৰ পথ পৰিহাৰ কৰিবলৈহে আহ৩ান জনালে৷ অপাৰেচন সিন্দূৰে ভাৰতৰ ৰাইজৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিছিল আৰু এই সমৰ্থনক লৈয়েই তথাকথিত ৰাষ্ট্ৰীয় নিউজ চেনেল দেশপ্ৰেমৰ নামত অতি নিকৃষ্টধৰণৰ অপপ্ৰচাৰত লিপ্ত হৈছিল৷
এতিয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনত পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ, অপাৰেচন সিন্দূৰ আৰু ট্ৰাম্পৰ যুদ্ধবিৰতি ঘোষণাৰ প্ৰসংগ পুনৰ উত্থাপন হৈছে৷ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কৈছে যে পাকিস্তানে ভাৰতৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি ভাৰতক আক্ৰমণ বন্ধ কৰিবলৈ অনুৰোধ জনাইছিল, আৰু যিহেতু পাকিস্তানৰ ভূমি অধিকাৰ কৰাটো এই আক্ৰমণৰ উদ্দেশ্য নাছিল, গতিকে ভাৰতে যুদ্ধবিৰতিৰ অনুৰোধ মানি লৈছিল৷ এই ক্ষেত্ৰত আন দেশৰ কোনো ভূমিকা নাছিল৷ প্ৰতিৰক্ষা মন্ত্ৰীৰ এই উত্তৰে বিতৰ্কটোৰ অন্ত পেলোৱাৰ সলনি আৰু বহু নতুন প্ৰশ্নহে উত্থাপন কৰিলে৷ এই প্ৰসংগত গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়েও নিজৰ বক্তব্য সংসদত দাঙি ধৰিছে৷ কিন্তু কোনেও পোনপটীয়াকৈ ট্ৰাম্পৰ দাবী বা ঘোষণা ভুল বুলি কোৱা নাই, কোনেও ট্ৰাম্পৰ নামটোও উচ্ছাৰণ কৰা নাই৷ আওপকীয়াকৈ কোৱা হৈছে যে কোনো তৃতীয় পক্ষ বা শক্তিৰ হস্তক্ষেপত ভাৰতে যুদ্ধবিৰতিৰ বাবে মান্তি হোৱা নাছিল৷ কিন্তু চৰকাৰৰ উত্তৰে এতিয়ালৈ এই প্ৰশ্নৰ সন্তোষজনক উত্তৰ দিব পৰা নাই– অপাৰেচন সিন্দূৰ কিয় বন্ধ হ’ল? বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে প্ৰশ্ন তুলিছে, যদি ভাৰতে পাকিস্তানক শ’লঠেকত পেলাইছিল, তেনেহ’লে পাকিস্তান অধিকৃত কাশ্মীৰক পুনৰ দখল কৰা নহ’ল কিয়? ভাৰতে যদি বিজয় সাব্যস্ত কৰিব পৰা অৱস্থাত উপনীত হৈছিল, তেনেহ’লে বিজয়ৰ আগতে যুদ্ধবিৰতি ঘোষণা কৰি পাকিস্তানক ৰেহাই দিয়া হ’ল কিয়? অনবৰত উগ্ৰ ৰাষ্ট˜বাদ আৰু পাকিস্তানবিৰোধী স্থিতি লৈ থকা বিজেপি দল বা চৰকাৰে এই প্ৰশ্নবোৰৰ সন্তোষজনক উত্তৰ দিব পৰা নাই৷
তাৰ পাছত ট্ৰাম্পে ভাৰতৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰু ৰাছিয়াৰ পৰা তেল আৰু অস্ত্ৰ আমদানি কৰাৰ বাবে জৰিমনা আৰোপ কৰিছে৷ ট্ৰাম্পক নিজৰ পৰম মিত্ৰ বুলি ঘোষণা কৰা, ভাৰতত ট্ৰাম্পৰ ৰাজকীয় অভ্যৰ্থনাৰ আয়োজন কৰা, ট্ৰাম্পৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা প্ৰধানমন্ত্ৰী মোদীক ট্ৰাম্পৰ এই কামবোৰে বিব্ৰত কৰিছে, বিমোৰত পেলাইছে৷ এই কথা স্পষ্ট হৈ পৰিছে যে বিজেপি চৰকাৰখনে যিকোনো প্ৰকাৰে আমেৰিকাক অসন্তুষ্ট নকৰাৰ বা সন্তুষ্ট কৰি ৰখাৰ নীতি গ্ৰহণ কৰিছে৷ কিন্তু ইয়াৰ বিপৰীতে ট্ৰাম্পে বাৰে বাৰে ভাৰতক মুকলিকৈ অপদস্ত কৰি আছে৷ ট্ৰাম্পে আনকি ভাৰতৰ অৰ্থনীতিকেই মৃত অৰ্থনীতি আখ্যা দিছে৷ পাকিস্তানৰ স’তে খাৰুৱা তেল উদ্ঘাটন আৰু উৎপাদনৰ চুক্তি স্বাক্ষৰ কৰিছে আৰু প্ৰায় পেংলাইৰ সুৰত কৈছে যে হয়তো ভাৰতে পাকিস্তানৰ পৰা খাৰুৱা তেল কিনিব৷
অপাৰেচন সিন্দূৰ বন্ধ কৰাৰ পৰা আৰম্ভ কৰি ট্ৰাম্পৰ শাস্তিমূলক শুল্ক আৰু জৰিমনা আৰোপলৈ এই ঘটনাৱলীয়ে ভাৰতৰ বিদেশ নীতিৰ ক্ষেত্ৰত বহু প্ৰশ্ন উত্থাপন কৰিছে৷ আৰু সেইবোৰৰ এতিয়ালৈ কোনো সন্তোষজনক উত্তৰ ওলোৱা নাই৷






